জলন্ধৰ
জলন্ধৰ (সংস্কৃত: जलन्धर) বা চলন্তৰণ (সংস্কৃত: चलन्तरण) হৈছে হিন্দু ধৰ্মৰ এজন অসুৰ। ইন্দ্ৰই বজ্ৰৰে আঘাত কৰাত শিৱই ক্ৰোধত তৃতীয় নয়ন মেলাৰ ফলত তেওঁৰ জন্ম হৈছিল। অৱশ্যে শিৱৰ তৃতীয় নয়নৰ পৰা নিৰ্গত শক্তি সমুদ্ৰত প্ৰক্ষেপিত কৰাৰ বাবে ইন্দ্ৰ ৰক্ষা পৰে। এই শক্তিয়েই এটি শিশুলৈ বিকশিত হয় আৰু তেওঁক বৰুণে লালন-পালন কৰে। পিছলৈ শুক্ৰাচাৰ্যই তেওঁক ডাঙৰ-দীঘল কৰে। ডাঙৰ হৈ তেওঁ তিনিও লোক, যথাক্ৰমে দেৱলোক (স্বৰ্গ), ভুলোক (পৃথিৱী), আৰু পাতাল জয় কৰে। তেওঁৰ পত্লনেমীৰ কন্যা বৃন্দা। কিংবদন্তীজন্মএবাৰ ইন্দ্ৰ আৰু বৃহস্পতি দেৱাদিদেৱ শিৱক সাক্ষাৎ কৰিবলৈ কৈলাস পৰ্বতৰ দিশে গৈ আছিল। তেতিয়া তেওঁলোকৰ পথ অৱৰুদ্ধ কৰি এজন বস্ত্ৰহীন যোগীৰ আৱিৰ্ভাৱ হয়। সেই যোগীজন আছিল স্বয়ং শিৱ আৰু তেওঁ ইন্দ্ৰ আৰু বৃহস্পতিৰ পৰীক্ষা ল'বলৈ আহিছিল। ইন্দ্ৰই শিৱক চিনিব নোৱাৰি যোগীজন তেওঁলোকৰ বাটৰ পৰা আঁতৰি যোৱা নাই বুলি ক্ষুব্ধ হৈ পৰে। ইন্দ্ৰই তেওঁক আঁতৰি যাবলৈ কৈ কোনো সঁহাৰি নোপোৱাত ক্ৰোধিত হৈ বজ্ৰ প্ৰহাৰ কৰে। এই কাৰ্য্যৰ লগে লগে ইন্দ্ৰৰ হাতখন পক্ষাঘাতগ্ৰস্ত হৈ পৰে আৰু শিৱই বজ্ৰ বিফল কৰি পেলায়। ইন্দ্ৰৰ এই কাৰ্য্যত শিৱ ক্ৰোধিত হৈ পৰে। খঙৰ ভমকত তেওঁ তৃতীয় নয়ন খোলে। বৃহস্পতিয়ে শিৱক চিনি পাই ইন্দ্ৰক ক্ষমা কৰিবলৈ অনুৰোধ কৰি তেওঁক প্ৰাৰ্থনা কৰে। শিৱই তৃতীয় নয়নৰ পৰা নিৰ্গত জুই সাগৰত নিক্ষেপ কৰে আৰু সাগৰৰ স্পৰ্শ পোৱাৰ লগে লগে ই এটি শিশুৰ ৰূপ ধাৰণ কৰে। শিশুটিৰ কান্দোনত ব্ৰহ্মা নিজৰ স্থানৰ পৰা নামি আহে। সাগৰে ব্ৰহ্মাক কয় যে শিশুটি ক’ৰ পৰা আহিল তেওঁ নাজানে। ব্ৰহ্মাই তেতিয়া তেওঁক কয় যে এই ল’ৰাটো এদিন অসুৰৰ সম্ৰাট হ’ব। তেওঁক কেৱল শিৱইহে বধ কৰিব পাৰিব আৰু মৃত্যুৰ পিছত তেওঁ পুনৰ তৃতীয় নয়নলৈ ঘূৰি আহিব।[1] ক্ষমতা লাভজলন্ধৰৰ শৈশৱ আছিল আশ্চৰ্য্যৰে ভৰা। তেওঁ সিংহ ধৰি পোহ মনাইছিল। বিৰাট আকাৰৰ চৰাই আৰু মাছ তেওঁৰ বশৱৰ্তী আছিল।[2] জলন্ধৰ ডাঙৰ হৈ এজন সুদৰ্শন পুৰুষ হয় আৰু দৈত্যগুৰু শুক্ৰাচাৰ্যই তেওঁক অসুৰৰ সম্ৰাট হিচাপে সিংহাসনত বহুৱায়। জলন্ধৰ অতিশয় শক্তিশালী আছিল আৰু তেওঁক সৰ্বকালৰ অন্যতম শক্তিশালী অসুৰ বুলি গণ্য কৰা হৈছিল। তেওঁ অসুৰ কালনেমীৰ কন্যা বৃন্দাক বিয়া কৰাইছিল। জলন্ধৰে ন্যায় আৰু আভিজাত্যৰে শাসন কৰিছিল। এদিন ভাৰ্গৱ ঋষিয়ে (শুক্ৰ) জলন্ধৰক সাক্ষাৎ কৰিবলৈ আহি হিৰণ্যকশিপু আৰু বিৰোচনৰ কাহিনী বৰ্ণনা কৰে। তেওঁ সমুদ্ৰ মন্থনৰ সময়ত বিষ্ণুৱে ৰাহুৰ মূৰটো কেনেকৈ কাটি পেলাইছিল তাকো বৰ্ণনা কৰে। জলন্ধৰে বিশ্বাস কৰিবলৈ লয় যে দেৱতাসকলে বিশ্বাসঘাতকতাৰে তেওঁৰ পিতৃ বৰুণৰ ধন-সম্পত্তি হস্তগত কৰিছে। তেওঁৰ এজন দূতক ইন্দ্ৰৰ ওচৰলৈ পঠিয়াই তেওঁক পিতৃৰ ধন ঘূৰাই দিবলৈ কয়। অৱশ্যে ইন্দ্ৰই তেনে কৰিবলৈ অস্বীকাৰ কৰে। ইয়াৰ ফলত দেৱতা আৰু অসুৰৰ মাজত তুমুল যুদ্ধ আৰম্ভ হয়। দুয়োপক্ষৰ বহু যোদ্ধা নিহত হয়। শুক্ৰই তেওঁৰ মৃতসঞ্জীৱনী বিদ্যা ব্যৱহাৰ কৰি অসুৰসকলক পুনৰুজ্জীৱিত কৰি তোলে। বৃহস্পতিয়ে দ্ৰোণ পৰ্বতৰ পৰা ঔষধি বনৌষধি ব্যৱহাৰ কৰি মৃত দেৱতাসকলক পুনৰুজ্জীৱিত কৰে। শুক্ৰই জলন্ধৰক সেই পৰ্বত মষিমূৰ কৰি পেলাবলৈ পৰামৰ্শ দিয়ে যাতে বৃহস্পতিয়ে দেৱসকলক পুনৰুজ্জীৱিত কৰিবলৈ ঔষধি বনৌষধি ব্যৱহাৰ কৰিব নোৱাৰে। জলন্ধৰে দ্ৰোণ পৰ্বত সাগৰত নিক্ষেপ কৰে। মনোবলহীন হৈ দেৱতাসকলে বিষ্ণুক সহায় বিচাৰে। জলন্ধৰ আৰু বিষ্ণুৰ মাজত তীব্ৰ যুদ্ধ হয়। বিষ্ণুৱে গৰুড়ৰ ওপৰত উঠি নিজৰ দৈৱিক তৰোৱাল নন্দকৰ ব্যৱহাৰ কৰে। যুদ্ধত জলন্ধৰৰ বীৰত্বত আপ্লুত হৈ বিষ্ণুৱে তেওঁক নিজৰ আকাংক্ষিত বৰ প্ৰদান কৰে। জলন্ধৰে বিষ্ণুক তেওঁৰ অনুগামী আৰু তেওঁৰ পত্নী লক্ষ্মীক লৈ তেওঁৰ নামেৰে নামকৰণ কৰা চহৰখনত থাকিবলৈ অনুৰোধ কৰে। বিষ্ণুৰ সহায় অবিহনে দেৱতাসকল অসুৰৰ দ্বাৰা পৰাজিত হয় আৰু জলন্ধৰ ত্ৰিলোকৰ অধিপতি হৈ পৰে।[3] সমুদ্ৰ মন্থনৰ সময়ত দেৱতা আৰু গন্ধৰ্বসকলৰ সকলো ৰত্ন জব্দ কৰি তেওঁ গুণশীলভাৱে শাসন কৰিবলৈ লয়। তেওঁৰ ৰাজ্যত কোনো ৰোগী বা শীৰ্ণ লোক নাছিল।[4] শিৱৰ সৈতে যুদ্ধদেৱতাসকলে তেওঁলোকৰ পৰাজয়ক লৈ অসন্তুষ্ট আৰু হতাশ হৈ পৰে। দেৱৰ্ষি নাৰদে দেৱতাসকলৰ লগত পৰামৰ্শ কৰি জলন্ধৰৰ দৰ্শন কৰিবলৈ যায়। জলন্ধৰে তেওঁৰ ভ্ৰমণৰ উদ্দেশ্য সোধাত নাৰদে শিৱই বাস কৰা কৈলাসৰ সৌন্দৰ্য্যৰ বিষয়ে বৰ্ণনা কৰে। ইয়াৰ প্ৰত্যুত্তৰত জলন্ধৰে নাৰদক নিজৰ ধন-সম্পত্তি প্ৰদৰ্শন কৰে। নাৰদে মন্তব্য কৰে যে তেওঁৰ কাষত ত্ৰিলোকৰ আটাইতকৈ সুন্দৰী নাৰীগৰাকী নাই। ইয়াৰ পিছত নাৰদে শিৱৰ বাসগৃহ আৰু পাৰ্বতীৰ সৌন্দৰ্য্যৰ বিষয়েও তেওঁক বৰ্ণনা কৰে।[1] জলন্ধৰে তেওঁৰ দূত ৰাহুক শিৱৰ ওচৰলৈ পঠিয়াই ভণ্ডামিৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয় যে শিৱই নিজকে তপস্বী বুলি দাবী কৰা স্বত্বেও পত্নী হিচাপে পাৰ্বতীক লগত ৰাখিছে। জলন্ধৰে পাৰ্বতীক তেওঁৰ হাতত গতাই দিবলৈ বুলি শিৱক প্ৰস্তাৱ দিয়ে।[5] এই অপমানবোৰ শুনি শিৱৰ ইমানেই খং উঠিল যে তেওঁৰ ভ্ৰূৰ পৰা এটা ভয়ংকৰ জীৱ (কীৰ্ত্তিমুখ) নিৰ্গত হৈ ৰাহুক বধ কৰিবলৈ উদ্যত হ'ল। ইয়াৰ ফলত যুদ্ধ অনিবাৰ্য হৈ পৰে আৰু জলন্ধৰে প্ৰথমে কৈলাসালৈ যাত্ৰা কৰে। কিন্তু শিৱই কৈলাস ত্যাগ কৰি মনসা হ্ৰদৰ ওচৰৰ এটা পৰ্বতত স্থান লোৱা বুলি গম পাই তেওঁ নিজৰ সৈন্যৰে সেই পৰ্বতটোক ঘেৰি ধৰে। নন্দীয়ে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰি আৰু প্ৰলয়ৰ সূচনা কৰে। অৱশ্যে দেৱতাৰ সৈন্যবাহিনী বহু লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। তাৰ পাছত পাৰ্বতীয়ে শিৱক যুদ্ধত প্ৰবৃত্ত হ'বলৈ আহ্বান জনায়। শিৱই তেওঁৰ ক্ৰোধৰ দুটা মূৰ্তমান ৰূপ বীৰভদ্ৰ আৰু মণিভদ্ৰৰ সৈতে যুদ্ধক্ষেত্ৰলৈ যায়। কাৰ্তিকে তেওঁৰ লগত যুদ্ধ কৰিবলৈ আহে যদিও পৰাজিত হয়। তেওঁৰ পৰাজয়ৰ পিছত গণেশে জলন্ধৰক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে যদিও শোচনীয়ভাৱে পৰাস্ত হয় আৰু যুদ্ধক্ষেত্ৰত অচেতন হৈ পৰে। শিৱ আৰু তেওঁৰ দুই অৱতাৰে যুদ্ধক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰা দেখি জলন্ধৰে এক মায়াৰ সৃষ্টি কৰিলে। ইয়াৰ ফলত শিৱৰ সৈন্যবাহিনীক অন্যমনস্ক হৈ পৰিল। ইফালে জলন্ধৰে শিৱৰ বেশ লৈ পাৰ্বতীৰ ওচৰলৈ আহে।[6] পাৰ্বতীয়ে তেওঁক চিনি পাই অন্তৰ্ধান হয়। ইয়াৰ পিছত দেৱীয়ে বিষ্ণুক ধ্যান কৰে আৰু তেওঁ আবিৰ্ভাৱ হোৱাত জলন্ধৰে পাৰ্বতীক প্ৰতাৰণা কৰিবলৈ চেষ্টা কৰাৰ দৰে বৃন্দাক প্ৰতাৰণা কৰিবলৈ দাবী কৰে।[1][2] বিষ্ণুৱে বৃন্দাক সপোন দেখুৱায় যে জলন্ধৰক শিৱই বধ কৰিছে। তাৰ পিছত জলন্ধৰক বিষ্ণুৱে পুনৰ জীৱিত কৰা বুলি তেওঁ ভ্ৰমৰ সৃষ্টি কৰে। স্বামীক পুনৰ জীৱিত হোৱা দেখি আনন্দিত হৈ বৃন্দাই তেওঁৰ সৈতে বহু দিন অৰণ্যত কেলি কৰে। শেষত বৃন্দাই ছদ্মবেশধাৰী বিষ্ণুক চিনি পাই অভিশাপ দিয়ে যে তেওঁৰো নিজৰ পত্নীক কোনোবাই ছলনা কৰি হৰণ কৰিব (এই অভিশাপৰ ফলত ৰাম অৱতাৰত সীতাক ৰাৱণে অপহৰণ কৰিছিল) আৰু তেওঁ অৰণ্যবাসী বান্দৰৰ সহায় বিচাৰিব লগা হ'ব। এইদৰে কৈ বৃন্দাই অগ্নিত প্ৰৱেশ কৰি দেহত্যাগ কৰে। মৃত্যুৰ পিছত তেওঁৰ আত্মা পাৰ্বতীৰ সৈতে একাত্ম হৈ পৰে।[7] মৃত্যুএই প্ৰতাৰণা আৰু পত্নীৰ মৃত্যুৰ কথা শুনি জলন্ধৰ ক্ৰোধিত হৈ কৈলাস পৰ্বত এৰি যুদ্ধক্ষেত্ৰলৈ উভতি আহে। ইতিমধ্যে জলন্ধৰৰ মায়াৰ অন্ত পৰে। শিৱই শুম্ভ আৰু নিশুম্ভৰ সৈতে যুদ্ধত প্ৰবৃত্ত হৈছিল যদিও তেওঁলোকে অতিশীঘ্ৰে পলায়ন কৰে। পিছত পাৰ্বতীয়ে তেওঁলোকক বধ কৰে। তাৰ পিছত জলন্ধৰে শিৱৰ সৈতে যুদ্ধত নামে। যুদ্ধৰ শেষৰ ফালে যেতিয়া জলন্ধৰৰ সৈন্যৰ অধিকাংশৰ মৃত্যু হয়। তেতিয়া শিৱই ভৰিৰ আঙুলিৰ পৰা সৃষ্টি কৰা চক্ৰৰে জলন্ধৰৰ মূৰ কাটি পেলায়। মৃত্যুৰ লগে লগে তেওঁৰ আত্মাও শিৱৰ লগত মিলি যায়।[1][8] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia