গে'
গে' (ইংৰাজী: Gay) মানে হৈছে সমকামী পুৰুষ যি অন্য পুৰুষৰ প্ৰতি প্ৰেম, শাৰীৰিক আৰু আবেগিকভাৱে আকৰ্ষিত হয়। বৰ্তমান বৃহৎ সংখ্যক চিকিৎসাবিজ্ঞান আৰু মনোবিজ্ঞানৰ গৱেষণাই প্ৰমাণ কৰি দেখুৱাইছে যে গে' বা লেছবিয়ান হোৱাটো মানসিকভাৱে আৰু সামাজিকভাৱে সাধাৰণ।[1]ভাৰতত বৰ্তমান সমকামী সম্পৰ্ক বৈধ। আৰু সমকামিতা ভিত্তিত বৈষম্য দেশজুৰি নিষিদ্ধ কৰা হৈছে।[2][3] পৰিচয়প্ৰধান প্ৰবন্ধ: কামিং আউট
সমকামী পুৰুষ সকলে নিজকে গে' বুলি পৰিচয় দিয়ে। বহু লোক যি একে লিংগৰ প্ৰতি আকৰ্ষিত হয় তেওঁলোকে জীৱনত কামিং আউট বুলি কোৱা এটা অৱস্থাৰ সন্মুখীন হয়।[4] য'ত কোনো এজন গে' ব্যক্তিয়ে নিজৰ প্ৰেম তথা যৌন অভিমুখিতাৰ বিষয়ে সমাজৰ আগত খোলাকৈ প্ৰকাশ কৰে। সাধাৰণতে প্ৰথমে কুমলীয়া বয়সত নিজৰ পৰিয়ালৰ নাইবা বন্ধুৰ আগত নিজক প্ৰকাশ কৰা দেখা যায় আৰু পাছলৈ সমাজৰ আগত নিজক প্ৰকাশ কৰি কামিং আউট হোৱা দেখা যায়।[5] সাধাৰণতে, কামিং আউট তিনিটা অৱস্থাৰ মাজেৰে যায়। প্ৰথমটো হ'ল নিজক জনা অৱস্থা য'ত মানুহজনে একে লিংগৰ সম্পৰ্কত আহিবলৈ দৃঢ় হয়; দ্বিতীয় অৱস্থাত মানুহজনে নিজৰ পৰিয়াল, বন্ধু বা সহকৰ্মী আদিৰ আগত নিজকে গে' বুলি প্ৰকাশ কৰে; তৃতীয় অৱস্থাত অইন গে' এজনৰ সৈতে সামাজিক ভাবে সম্পৰ্কত আহি ব্যক্তিজনৰ সৈতে একেলগে বাস কৰে।[6]ৰাষ্ট্ৰীয় কামিঙআউট দিৱস (National comingout day) আন্তৰ্জাতিকভাৱে ১১ অক্টোবৰ তাৰিখে উদযাপন কৰা হয়। শব্দতত্ত্বগে' (Gay) শব্দটো ইংৰাজী ভাষাৰ পৰা আহিছে। গে' (Gay) শব্দটোৰ অৰ্থ "ভাৱনাহীন", "শুভ", বা "উজ্জ্বল।" পুৰুষ সমকামিতাক বুজাবলৈ উক্ত শব্দটো ব্যৱহাৰ কৰা হৈছিল।[7] সমকামিতাপ্ৰধান প্ৰবন্ধ: সমকামিতা
সমকামিতা (Homosexuality) মানে হল এক প্ৰকাৰৰ চাৰিত্ৰিক বৈশিষ্ট্য যত কোনো এজন ব্যক্তি বা কোনো জীৱই নিজৰ সৈতে একে লিংগৰ কোনোবাৰ প্ৰতি শাৰীৰিক, প্ৰেম তথা আবেগিক ভাবে আকৰ্ষিত হয়। ই একপ্ৰকাৰৰ যৌন অভিমুখিতা আৰু প্ৰেম অভিমুখিতা (Romantic orientation) লগতে এটা আকৰ্ষণ ভিক্তিক পৰিচয় হয়। মানৱ সমাজত মহিলা সমকামীসকলক লেছবিয়ান (Lesbian) আৰু পুৰুষ সমকামীসকলক গে' (Gay) বুলি কোৱা হয়। স্বীকৃতি আৰু আইনইতিহাসৰ প্ৰায় সকলোসময়ত সমকামী সম্পৰ্ক আৰু আচৰণ নিন্দিত হৈ আহিছে। কেতিয়াবা সামাজিক উদাৰতা আৰু আনুকূল বুলিও পৰিলক্ষিত হৈছে। এই প্ৰশংসা আৰু নিন্দা নিৰ্ভৰ কৰি স্থানভেদে সমকামিতাৰ বহিৰ্প্ৰকাশৰ ৰূপ, সমসাময়িক বিভিন্ন ধৰ্মবিশ্বাসৰ প্ৰভাৱ আৰু সাংস্কৃতিক মানসিকতাৰ ওপৰত নিৰ্ভৰশীল।[8] অধিকাংশ সমাজ আৰু চৰকাৰ ব্যৱস্থাত সমকামী আচৰণক দণ্ডণীয় অপৰাধ হিচাপে গণ্য কৰা হয়[9] সদক্ষিণ এছিয়াৰ ৭খন দেশৰ সংবিধানত ৩৭৭ ধাৰা আৰু ১৯খন দেশত সমপৰ্যায়ৰ ধাৰা বা সম্পূৰক ধাৰা মতে সমকামিতা আৰু পশুকামিতা প্ৰকৃতিবিৰোধী যৌনাচাৰ হিচাপে শাস্তিযোগ্য আৰু দণ্ডনীয় ফৌজদাৰী অপৰাধ।[9] ২০১৫ চনৰ জুলাইৰ এটি পৰিসংখ্যান অনুযায়ী, পৃথিৱীৰ মুঠ ৭২খন দেশত [টোকা 1] আৰু পাঁচখন দেশৰ উপ-জাতীয় আইনী বিধিমালাত[টোকা 2] সমকামিতা চৰকাৰী ভাবে অবৈধ, যাৰ অধিকাংশই এছিয়া আৰু আফ্ৰিকাত অৱস্থিত। ইয়াৰে ভিতৰত কিছুমান দেশত সমকামী আচৰণৰ অপৰাধত মৃত্যুদণ্ড দিয়াৰো বিধান আছে। সমকামিতা আৱহমানকাল ধৰি অসামাজিক বিবেচিত হোৱাৰ প্ৰধান কাৰণ সমূহ হল; এই যৌনাচৰণ মাধ্যমত সন্তানৰ জন্মদান সম্ভৱ নহয়, ফলত মানুহৰ বংশৰক্ষা সম্ভৱ নহয়। তদুপৰি পৃথিৱীৰ প্ৰায় বোৰ প্ৰধান ধৰ্মই সমকামী যৌনাচৰণ নিষিদ্ধ কৰিছে।[10] বৰ্তমান সমাজতো অধিকাংশ ক্ষেত্ৰত সমকামী যৌনাচৰণ একপ্ৰকাৰ যৌনবিকৃতি হিচাপে পৰিগণিত। ১৯৭৩ চনত পাশ্চাত্য মনস্তাত্ত্বিক সকলে 'সমকাম প্ৰৱণতা'ক মানসিক ৰোগৰ তালিকাৰ পৰা বাদ দিয়ে। ১৯৭৫ চনত যুক্তৰাষ্ট্ৰৰ আন্তঃৰাষ্ট্ৰীয় মনস্তত্ত্ব ফেডাৰেচনে 'সমকাম প্ৰৱণতা'ক স্বাভাৱিক বুলি দাবী কৰে। পাশ্চাত্য আৰু উন্নত কিছু দেশৰ বাহিৰে পৃথিৱীৰ প্ৰায় সকলো দেশত সমকামী যৌনাচাৰণৰ প্ৰতি সাধাৰণ মানুহৰ বৈৰীভাৱ বিৰাজমান। অধিকাংশ সমাজে সমকামী যৌনাচাৰণক এক অস্বাভাৱিক আৰু নেতিবাচক প্ৰবৃত্তি হিচাপে লজ্জাৰ কাৰণ আৰু ধিক্কাৰযোগ্য বুলি বিবেচনা কৰে। ধৰ্ম[10][11] আৰু আইনৰ বিধান আৰু সামাজিক অনুশাসনৰ কাৰণে কাৰ্যকলাপ তথা সমকামী যৌনসংগম বিশ্বৰ অধিকাংশ স্থানত অবৈধ আৰু গুপ্ত আচৰণ হিচাপে সংঘটিত হয়। বিংশ শতিকাৰ প্ৰেক্ষাপটবিংশ শতিকাৰ দ্বিতীয় দশকত ইউৰোপ আৰু পাশ্চাত্যেৰ কিছুমান দেশে সমকামী যৌনাচাৰণৰ অবৈধতা উঠাই দিয়ে। কিছুমান দেশত সমকামী ব্যক্তি সকলৰ বিবাহ আইনসিদ্ধ বুলিও ঘোষণা কৰা হয়। ২০১৫ চন অনুযায়ী এই দেশসমূহৰ সংখ্যা ১৮ (পূৰ্ণ বা আংশিক), ইয়াৰ অধিকাংশই আমেৰিকা, পশ্চিম ইউৰোপ, আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত[টোকা 8]। ষ্টনৱাল ঘটনাৰ পিছৰ পৰা[12] সমকামী ব্যক্তি সকলে এলজিবিটি সামাজিক আন্দোলনৰ সূচনা ঘটায়। এই আন্দোলনৰ উদ্দেশ্য আছিল সমকামী সকলৰ প্ৰতি সমাজৰ দৃষ্টি আকৰ্ষণ, স্বীকৃতি, আইনী অধিকাৰদান আৰু একে লগে সমলিঙ্গৰ বিবাহ, দত্তকগ্ৰহণ, সন্তানপালন, বৈষম্যবিৰোধী আইন প্ৰয়োগ, সেৱা আৰু স্বাস্থ্য বৈষম্যেৰ বিৰোদ্ধে অধিকাৰ প্ৰদানৰ দাবী উত্থাপন। তদুপৰি একে সময়ে ধৰ্ম আৰু ৰাজনীতি প্ৰভাৱিত কিছু প্ৰাক্তন সমকামী বা এক্স-গে সংগঠনৰ সূচনা ঘটাই সমকামী অভিমুখীতা পৰিবৰ্তনৰ মাধ্যমত মনোভাৱ দূৰীকৰণ আৰু সমকামী প্ৰৱণতা প্ৰতিকাৰৰ বাবে প্ৰতিষ্ঠানিকভাৱে উদ্যোগ গ্ৰহণ আৰম্ভ কৰে।[13] কাৰণবিজ্ঞানে সমকামিতাৰ কাৰণ বিচাৰিব চেষ্টা কৰি আছে। ইয়াৰ ফলস্ৰূপে জৈৱিক আৰু পৰিৱেশগত কাৰণসমূহ ইয়াৰ প্ৰধান কাৰণ ওলাই পৰিছে। জৈৱিক কাৰণ সম্বন্ধে গৱেষণা হৈছে সেইবোৰৰ হল জিনগত আৰু হৰমনগত, বিশেষকৈ ভ্ৰূণৰ বিকাশৰ সময়ত যিবোৰ পৰিবৰ্তনৰ ফলত মস্তিষ্কৰ গঠনগত আৰু কাৰ্যগত পৰিবৰ্তন ঘটে আৰু সোঁহতীয়া বা বাওঁহতীয়া হোৱাৰ প্ৰৱণতা ইত্যাদি অন্য কোনো কোনো স্বভাৱগত বৈশিষ্ট্যও নিৰ্ধাৰিত হয়।[14][15] পৰিৱেশৰ প্ৰত্যক্ষ আৰু পৰোক্ষ প্ৰভাৱ (সামাজিক, মানসিক) আৰু জৈৱিক বিষয় যৌন অভিমুখীতাক প্ৰভৱিত কৰে। যদিও অনেক গৱেষকৰ মতে মূলত প্ৰকৃতি আৰু প্ৰতিপালন — এই দুটাৰ জটিল সংমিশ্ৰণৰ ফলত এই অৱস্থা নিৰ্ধাৰিত হয়।[16][14] সমলিঙ্গৰ প্ৰতি যৌন আচৰণৰ প্ৰভাৱক হিচাপে একে পৰিৱেশত থকাৰ ভূমিকা মহিলাৰ ক্ষেত্ৰত নগণ্য আৰু পুৰুষৰ ক্ষেত্ৰত শূন্য।[17] ভাৰতত সমকামিতাহিন্দুধৰ্মৰ প্ৰধান ধৰ্মগ্ৰন্থ সমূহত সমকামিতাৰ সুস্পষ্ট উল্লেখ নাই।[18] ভাৰতৰ প্ৰধান ধৰ্মবিশ্বাসত সমকামিতাৰ অৱস্থান কত, তাক লৈ গৱেষক সকলৰ মাজত দ্বিমত আছে। কোনো কোনোৰ মতে প্ৰচীন হিন্দু সমাজত সমকামিতা কেৱল প্ৰাসংগিক আছিল তেনে নহয়, বৰং তা গ্ৰহণীয়ও আছিল।[19] খাজুৰাহো, অজন্তা-ইলৰাৰ ভাস্কৰ্য, প্ৰাচীন ভাৰতীয় গ্ৰন্থত কিছুমান সমলিংগৰ উল্লেখ আৰু সমকামৰ আভাস, বিভিন্ন সমকামিতাৰ লক্ষণ বহনকাৰী চৰিত্ৰ আদিয়ে ইয়াকে প্ৰমাণ কৰে। বাৎসায়নৰ কামসূত্ৰ গ্ৰন্থতো সমকামিতাৰ বৰ্ণনা আছে। বৰ্তমান ভাৰতত সমকামিতা বৈধ। অৱশ্যে সমকামি বিবাহৰ ক্ষেত্ৰত সন্মানীয় উচ্চতম ন্যায়ালয়ে কোনো ৰায় প্ৰদান কৰা নাই।[20] সমকামিতা সাধাৰণতে ভাৰতীয় নাগৰিক সমাজ আৰু চৰকাৰত এটি নিষিদ্ধ বিষয় আছিল যদিও উচ্চতম ন্যায়ালয়ৰ দ্বাৰা ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত সমকামি সকলৰ ওপৰত থকা কঠোৰ নিৰ্দেশনা সমূহ বাতিল কৰে আৰু এই ব্যক্তি সকলৰ স্বাভাৱিক অধিকাৰৰ প্ৰতি ইমানদিনে কৰি অহা হস্তক্ষেপৰ বাবে ক্ষমা প্ৰাৰ্থনা জনায়।[21]অৱশ্যে বৰ্তমানো ভাৰতত সমকামিতাক লৈ সাধাৰণ আলোচনাৰ সুযোগ কম। যদিও সাম্প্ৰতিক বছৰ সমূহত সমকামিতাৰ প্ৰতি ভাৰতীয় শোকৰ মনোভাৱ কিছু পৰিৱৰ্তন লক্ষ্য কৰা হৈছে। বিশেষত, ভাৰতৰ সংবাদমাধ্যম[22][23][24] আৰু বলিউডত[25] সমকামিতাৰ প্ৰদৰ্শন আৰু ইয়াৰ সংক্ৰান্ত আলোচনা বৃদ্ধি পাইছে। ২০০৯ চনৰ ২ জুলাইত দিল্লী উচ্চ ন্যায়ালয়ে এটি ৰায়ত স্পষ্টকৈ জনাই যে : প্ৰাপ্তবয়স্ক সকলৰ মাজত সম্মতিক্ৰমে সমকামিতাৰ আচৰণ অপৰাধৰ আওতাত নপৰে। এই ৰায়ত আৰু কোৱা হৈছে যে ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৭ ধাৰা ভাৰতীয় সংবিধানৰ মৌলিক অধিকাৰ ৰক্ষা নীতিৰ পৰিপন্থী।[26] ২০১৩ চনৰ ১১ ডিচেম্বৰত পুনৰাই সমকামিতাক ভাৰতৰ উচ্চতম ন্যায়ালয়ে অবৈধ ঘোষণা কৰে আৰু ৩৭৭ ধাৰা অব্যাহত ৰাখে।[27] এই ৩৭৭ ধাৰা মতে সমকামিতা আৰু পায়ুমৈথুন শাস্তিযোগ্য ফৌজদাৰী অপৰাধ। ইয়াৰ বাবে শাস্তি দহ বছৰৰ পৰা আজীবন কাৰাদণ্ড আৰু লগতে জৰিমনাও হব পাৰে।[28]
৩৭৭ ধাৰাৰ ব্যাখ্যাত পায়ুসংগমজনিত যি কোনো যৌথ যৌন কাৰ্যকলাপকক ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছে। পৰস্পৰ সম্মতিক্ৰমে বিপৰীতকামী মুখকাম আৰু পায়ুসংগম উক্ত আইন অনুযায়ী শাস্তিযোগ্য অপৰাধ হিচাপে গণ্য কৰিব পাৰি।[30][31] বিভিন্ন দল-সংগঠনে, অনুষ্ঠান আৰু ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত এই ধাৰাৰ অৱসান ঘটাবলৈ পুনৰ বিচাৰ কৰিব আবেদব জনাইছে। ইয়াৰ সপক্ষে আৰু বিপক্ষে সমানে যুক্তি আৰু সমৰ্থনকাৰী আছে। বৰ্তমান এই ধাৰা উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰৰ অধীনত। ২০১৮ চনৰ ৬ ছেপ্টেম্বৰ তাৰিখৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পাঁচজন সংবিধানিক বিচাৰপীঠে ভাৰতীয় দণ্ডবিধি আইনৰ দফা ৩৭৭ পাৰ্শ্বীয়ভাবে অসংবিধানীক হিচাপে ৰায়দান কৰে। উচ্চতম ন্যায়ালয়ৰ মুখ্যন্যায়াধীশ দীপক মিশ্ৰয়ে কয় যে
সেইদৰে ন্যায়াধীশ ইন্দু মলহোত্ৰাই কয়
এই ৰায়দানৰ দ্বাৰা দুজন প্ৰাপ্তবয়স্ক ব্যক্তিৰ ঘটা যৌন কাৰ্য অপৰাধ নহয় বুলি ঘোষণা কৰা হল। লগতে সমকামী আৰু আন আন লিংগীক সংখ্যালঘু সম্প্ৰদায়ৰ অধিকাৰক সাংবিধানিক ৰক্ষা কৱচ দিয়া হল। লগতে উচ্চতম ন্যায়ালয়ে চৰকাৰক এই সম্প্ৰদায়ৰ উন্নতিৰ বাবে ভিন ভিন উপায় লবলৈ নিৰ্দেশ দিলে। লগতে চাওকটোকাতথ্য সংগ্ৰহ
গ্ৰন্থৰাজি
বহিঃসংযোগ
|
Portal di Ensiklopedia Dunia