১৯ শতিকাত পশ্চিমীয়া দেশ সমূহৰ চিকিৎসা বিজ্ঞানত Homosexual শব্দৰ ব্যৱহাৰ হব ধৰিছিল। ১৯২০ চনত জাৰ্মানীত Frauen lesbische Berlins (অসমীয়া ভাষাত বাৰ্লিনৰ লেছবিয়ান মহিলা) নামৰ কিতাপ খনত Homosexual শব্দৰ ব্যৱহাৰৰ পাছত শব্দটো অধিক জনপ্ৰিয় হৈ পৰিছিল।[22] ১৯৫০ দশকত পশ্চিমত হ'ম'ফাইল (Homophile) নামৰ শব্দ ব্যৱহাৰ কৰি homosexual শব্দক নাকচ কৰিছিল যি কেৱল যৌনতাত সীমিত আছিল আৰু এই শব্দই একে লিংগৰ প্ৰেমক উপস্থাপন কৰিছিল। হ'ম'ফাইল (Homophile) শব্দটো সেই সময়ত ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰচলন হৈছিল।[23][24] যদিও স্পেইন আদি দেশত homosexual শব্দটো ব্যৱহৃত হৈছিল কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰত ক্ৰমাৎ গে' শব্দটো অত্যধিক ৰূপত ব্যৱহাৰ হবা ধৰিছিল। ক্ৰমাৎ অধিক যুৱকে নিজকে গে' বুলি আত্মপ্ৰকাশ কৰাৰ ফলত শব্দটো জনপ্ৰিয় হৈ পৰিল। নতুনকৈ বহুতো গে' বাৰ আদি খুলিব ধৰে। আনহাতে লেছবিয়ান আৰু ট্ৰান্স সমাজেও পৃথকে পৃথকে নিজক আত্মপ্ৰকাশ কৰি আহিছিল। কিন্তু ১৯৬৯ৰ ষ্টনৱালৰ বিপ্লৱ সৰ্বপ্ৰথম এলজিবিটি আন্দোলন হিচাপে পৰিগণিত হয়। তাই পাছত ক্ৰমাৎ এলজিবিটি সমাজ লগ হৈ আগবাঢ়ি আহিল।[25] উল্লেখযোগ্য যে "গে' কমিউনিটি" শব্দটো সম্প্ৰদায়ৰ বহুতক যথাযথভাৱে প্ৰতিনিধিত্ব কৰা নাছিল।[26]
বিবিধতা
"এলজিবিটি" শব্দটো মূলতঃ পৃথক মানৱ প্ৰেম যৌন অভিমুখিতা আৰু পৃথক লিংগ পৰিচয় থকা ব্যক্তি সকলক সাঙুৰি ব্যৱহৃত হয়। সাধাৰণভাৱে অকামিতা (Asexual), সমকামিতা (Homosexual), উভকামিতা (Bisexual) আৰু ৰূপান্তৰকামিতা (Transgender) থকা যিকোনো ব্যক্তিক বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰা হয়।[26][27] এই ধৰণৰ অন্তৰ্ভুক্ত হিচাপে আদ্যক্ষৰটোৰ এটি জনপ্ৰিয় পাঠান্তৰত ইংৰাজী "কিউ" (Q) অক্ষৰটো যুক্ত কৰা হয় যৌন প্ৰবৃত্তিৰ স্থলত কুইয়াৰ বা প্ৰশ্নৰত যৌনতা আৰু লিংগ বুজাবলৈ (অৰ্থাৎ, "এলজিবিটিকিউ" বা "জিএলজিবিটিকিউ"), ১৯৯৬ চনৰ পৰা নথিভুক্ত হয়।[28]
সংজ্ঞাবাচক নাম হিচাপে এই শব্দটো মূলধাৰাত পৰিণত হয়। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু অন্য কেইখনমান ইউৰোপৰ দেশৰ অধিকাংশ যৌনতা আৰু লিংগ পৰিচয়-ভিত্তিক সামাজিক কেন্দ্ৰ আৰু গণমাধ্যম দ্বাৰা এই শব্দ গৃহীতও হয়।[29][30]
আলোচনা
কিছু ট্ৰান্সজেণ্ডাৰ আৰু ট্ৰান্সভেষ্ট ব্যক্তিৰ মতে তেওঁলোক গে',লেছবিয়ান আদিৰ সৈতে একেখন সমাজত থকা উচিত নহয় কাৰণ তেওঁলোকৰ একে লিংগৰ প্ৰেম নহয় বৰঞ্চ তেওঁলোকৰ নিজৰ লিংগৰহে অনিশ্চয়তা আছে।[31][32] আনহাতে এলজিবি (লেছবিয়ান,গে',বাইচেক্সুৱেল) সকলৰ মুখ্য লক্ষ হল একে লিংগৰ প্ৰেম , [[একে লিংগৰ
বিবাহ]] আৰু একে লিংগৰ যৌন সম্পৰ্ক কিন্তু ট্ৰান্স , ইণ্টাৰচেক্স , হিজিৰা সকলৰ লক্ষ এলজিবি (লেছবিয়ান,গে',বাইচেক্সুৱেল) সকলতকৈ বেলেগ। [33][34])।[35] এই সমূহ কাৰণত গে' আৰু লেছবিয়ান সকলক এলজিবিটিতকৈ পৃথক এখন সমাজলৈ নিবৰ বাবে দাবী চলিছে যাৰ ফলত গে' এণ্ড লেছবিয়ান চেপাৰেটিজম বা গে' আৰু লেছবিয়ানৰ এলজিবিটিৰ পৰা পৃথকীকৰণ দাবী তুলি আহিছে।[36][37][36][38] অন্যহাতে ইণ্টাৰচেক্স ব্যক্তি সকলে এটা অংশই নিজক এলজিবিটিৰ অংশ হিচাপে মানি লব নোখোজে। আকৌ কিছু লোকে ৰামধেনু শব্দটোৱে সকলোকে সামৰি লব খুজিছে যদিও এই শব্দটো ইমান জনপ্ৰিয় হৈ উঠা নাই। অন্যহাতেদি পৃথকীকৰণৰ দাবী কৰি অহা সকলৰ হাতটো যথেষ্ট মানি লবলগীয়া যুক্তি আছে। [37][39][40]
তথ্য উৎস
↑Swain, Keith W. ( June 21, 2007 ). "Gay Pride Needs New Direction" (in English) . Denver Post . Retrieved July 5, 2008
↑Challenging lesbian norms : intersex, transgender, intersectional, and queer perspectives. প্ৰকাশক Binghamton, NY: Harrington Park Press. ISBN1-56023-645-0.
↑Bloodsworth-Lugo, Mary K.. In-between bodies : sexual difference, race, and sexuality. প্ৰকাশক Albany: State University of New York Press. ISBN0-7914-7221-3.
↑Mohr, Richard D.. Gays/justice : a study of ethics, society, and law. প্ৰকাশক New York: Columbia University Press. ISBN0-231-06735-6.
↑Besanvalle, James (2018-07-20). "Five alternative terms you can use instead of LGBT". Gay Star News. Retrieved 2021-01-20.
↑ "Sexual & Gender Minority Research Office". National Institutes of Health. Retrieved 2020-11-23.
↑ Sexual and Gender Minority Clearinghouse". Centers for Medicare & Medicaid Services. Retrieved 2020-11-23
↑ Park, Andrew (July 2016). "A Development Agenda for Sexual and Gender Minorities". Williams Institute. Retrieved 2020-11-23.
↑ Duke Sexual and Gender Minority Health Program". Duke University. Retrieved 2021-06-13.
↑ Center for Sexual & Gender Minority Health". University of California San Francisco. Retrieved 2021-06-13
↑ Strategic Plan to Advance Research on the Health and Well-being of Sexual and Gender Minorities , National Institutes of Health,
↑ Updates on Terminology of Sexual Orientation and Gender Identity Survey Measures" (PDF). Federal Committee on Statistical Methodology, under the auspices of the Office of Management and Budget. August 2020.
↑ Gender and Strategic Communications in Conflict and Stabilisation Contexts (PDF), HM Government, January 2020
↑Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
↑Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
↑ Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
↑Atkins, Dawn (1998). Looking Queer: Body Image and Identity in Lesbian, Bisexual, Gay, and Transgender Communities. Haworth Press. ISBN 978-0-7890-0463-5
↑ Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
↑ Beyer, Dana; Director, ContributorExecutive; Maryl, Gender Rights (12 November 2015). "Gay Transphobia, 2015 Style". HuffPost.
↑ Halpin, Mikki (2004). It's Your World—If You Don't Like It, Change It: Activism for Teenagers. Simon and Schuster. ISBN 978-0-689-87448-2.
↑Tamagne, Florence (2006). A history of homosexuality in Europe. Berlin, London, Paris 1919-1939 (in English) (1st edition).
↑Herrero-Brasas, Juan A.. La sociedad gay : una invisible minoría. প্ৰকাশক Madrid: Foca Ediciones y Distribuciones. ISBN9788495440150.
↑Minton, Henry L.. Departing from deviance : a history of homosexual rights and emancipatory science in America. প্ৰকাশক Chicago: University of Chicago Press. ISBN0226530434.