কুইয়াৰ অধ্যয়ন
কুইয়াৰ অধ্যয়ন, যৌন বৈচিত্ৰ্য অধ্যয়ন, বা এলজিবিটি অধ্যয়ন (ইংৰাজী: Queer Studies) হৈছে যৌন অভিমুখীতা আৰু লিংগ পৰিচয় সম্পৰ্কীয় বিষয়বোৰৰ অধ্যয়ন, যি সাধাৰণতে লেছবিয়ান (Lesbian), গে' (Gay), বাইচেক্সুৱেল (Bisexual), ট্ৰান্সজেণ্ডাৰ (Transgender), লিংগ ডিচফোৰিয়া, অকামি (Asexual), কুইয়াৰ (Queer),কুৱেশ্যনিং (Questioning), আন্তঃযৌন (Intersex) লোক আৰু সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। [1] মূলতঃ এলজিবিটি ইতিহাস আৰু সাহিত্য তত্ত্বক কেন্দ্ৰ কৰি, ক্ষেত্ৰখনে জীৱবিজ্ঞান, সমাজবিজ্ঞান, মানসিক ৰোগ, নৃতত্ত্ব, বিজ্ঞানৰ ইতিহাস, [2] দৰ্শন, মনোবিজ্ঞান, যৌনবিজ্ঞান, ৰাজনীতি বিজ্ঞান, নৈতিকতা, আৰু অন্যান্য ক্ষেত্ৰত কুইয়াৰ মানুহৰ পৰিচয়, জীৱন, ইতিহাস আৰু ধাৰণা পৰীক্ষা কৰি উত্থাপিত বিষয়বোৰৰ শৈক্ষিক অধ্যয়ন অন্তৰ্ভুক্ত কৰিবলৈ সম্প্ৰসাৰিত হৈছে। ইয়েল বিশ্ববিদ্যালয়ৰ লেৰী ক্ৰেমাৰ ইনিচিয়েটিভ ফৰ লেছবিয়ান এণ্ড গে' ষ্টাডিজৰ প্ৰাক্তন অধ্যক্ষ মাৰিয়েন লাফ্ৰান্সে কয়,[3] "এতিয়া আমি কেৱল 'সমকামিতাৰ কাৰণ কি?' বুলি নোসোধো, 'কিহৰ ফলত বিষমকামী হয়' সেই কথাও সুধিম আৰু 'কিছুমান লোকৰ দৃষ্টিকোণত যৌনতা কিয় ইমান কেন্দ্ৰীয় বিষয়? সেই বিষয়েও প্ৰশ্ন উত্থাপিত হ'ব"[2] কুইয়াৰ অধ্যয়ন কুইয়াৰ থিয়ৰিৰ দৰে একে নহয়, ই হৈছে কুইয়াৰ অধ্যয়নৰ ভিতৰত এক বিশ্লেষণাত্মক দৃষ্টিভংগী যি যৌন পৰিচয়ৰ "সামাজিকভাৱে নিৰ্মিত" শ্ৰেণীবোৰক প্ৰত্যাহ্বান জনায়। [2] প্ৰেক্ষাপটএক নতুন অনুশাসন পদ্ধতিত, বৰ্ধিত সংখ্যক মহাবিদ্যালয়ে যৌন, যৌনতা আৰু যৌন অভিমুখীতাৰ সৈতে সম্পৰ্কিত শৈক্ষিক কাৰ্যসূচী আগবঢ়াইছে।[4] বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰত কমেও পাঁচখন প্ৰতিষ্ঠানত চল্লিছটাতকৈ অধিক প্ৰমাণপত্ৰ আৰু ডিগ্ৰী প্ৰদান কাৰ্যসূচী আছে যিয়ে স্নাতক পৰ্যায়ত ইয়াক প্ৰধান বিষয় হিচাপে অধ্যয়নৰ সুবিধা আগবঢ়ায়; আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰেও আন আন দেশে একে ধৰণৰ বৰ্ধিত সংখ্যক পাঠ্যক্ৰম আগবঢ়াবলৈ আৰম্ভ কৰিছে। ইতিহাসকুইয়াৰ অধ্যয়ন বিশ্ববিদ্যালয়ব্ৰাজিলচিনতথ্যসূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia