অসমীয়া লিপিৰ বুৰঞ্জী
অসমীয়া ভাষা অসমীয়া লিপিত লিখা হয়। লিপিবিদসকলে অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰা সম্পৰ্কে দুইধৰণৰ মত পোষণ কৰে। সেই দুটা হ’ল-[1]
ওপৰোক্ত দুই মতকে একত্ৰিত কৰি ড॰ মহেন্দ্ৰ বৰাই কৈছে-
উৎপত্তি আৰু বিকাশভাৰতীয় লিপিৰ ক্ৰমবিকাশৰ ইতিহাস অধ্যয়ন কৰিলে দেখা যায় যে প্ৰাচীন ভাৰতীয় লিপিমালাই প্ৰধানত দুটা শাখাৰ মাজেদি বিকাশ লাভ কৰিছিল, যথা– খৰোষ্ঠী লিপি আৰু ব্ৰাহ্মী লিপি। খৰোষ্ঠী লিপি প্ৰথমতে সোঁফালৰ পৰা বাঁও ফাললৈ লিখাৰ নিয়ম আছিল যদিও পৰৱৰ্তীকালত বাঁওফালৰ পৰা সোঁফালৈ লিখাৰ নিয়ম চলিল। উল্লেখ্য যে এই লিপি অত্যন্ত ঘঁহাই লিখা হৈছিল আৰু ইয়াক পূৰ্ণলিপি বুলি বিবেচনা কৰা নহয়। ব্ৰাহ্মী লিপি বাঁওফালৰ পৰা সোঁফাললৈ লিখা হয় আৰু সকলো আধুনিক ভাৰতীয় লিপি ব্ৰাহ্মী লিপিৰ পৰাই বিকাশ ঘটিছে বুলি লিপিবিদসকল একমত। অসমীয়া লিপিৰ ৫ম খৃষ্টাব্দৰ পৰাই নিজ স্বকীয়তা প্ৰতিপন্ন হৈছে নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিৰ মাধ্যমেৰে। অসমীয়া ভাষা বহু পুৰণি বুলি বিখ্যাত চীনা-ভ্ৰমণকাৰী হিউৱেন-চাঙে বহু আগেয়েই কৈ গৈছে। তেওঁ নিজৰ ভ্ৰমণ বৃত্তান্তত লিখিছে যে কামৰূপৰ ভাষা উত্তৰ-মধ্য ভাৰতৰ ভাষাতকৈ অলপ বেলেগ। ৫ম খৃষ্টাব্দৰ নগাজৰী-খনিকৰ গাঁৱৰ প্ৰস্তৰখণ্ডৰ লিপিয়ে ইয়াকো প্ৰতিপন্ন কৰে যে অসমীয়া লিপি কুটিল বা সূক্ষ্মকোণী বা সিদ্ধমাতৃকা লিপিৰ মধ্যমেৰে বিকশিত হৈ অহা নাই। বৰঞ্চ ই ব্ৰাহ্মী লিপিৰ পৰাই বিকশিত, হয়তো কিঞ্চিতমান গুপ্ত লিপিৰ অৱদান সাঙুৰি প্ৰাচীন কামৰূপী লিপিৰ মাজেৰে বিকাশ লাভ কৰিছে। অসমীয়া লিপিৰ ক্ৰমবিকাশৰ ধাৰাটোক মূলতঃ তিনিটা ভাগত ভাগ কৰা হয় :
খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমাৰ্ধত খোদিত উত্তৰ গুৱাহাটীৰ কানাই বৰশীবোৱা তুৰুষ্ক-ক্ষয়ৰ শিলৰ ফলিত আখৰেই হ’ল মধ্যযুগীয় অসমীয়া লিপিৰ আদি নিদৰ্শন। খ্ৰীষ্টীয় ষোড়শ-অষ্টাদশ শতিকাত অসমত বহুলভাৱে দুবিধ লিপিৰ প্ৰচলন আছিল— প্ৰথম বিধ "আহোম বা টাই লিপি" বা অসমাক্ষৰ আৰু আনবিধ "পুৰণি অসমীয়া", ই ‘হেন্দুৱান’ বা ‘হিন্দু অক্ষৰ’ ৰূপেও জনাজাত। মধ্যযুগৰ অসমীয়া লিপিক থোৰতে তিনি ভাগ কৰা হয়। প্ৰকৃততে এই তিনিটা ভাগ হৈছে মধ্যযুগীয় অসমীয়া লিপিৰ তিনিটা প্ৰধান ৰীতি বা শৈলী, সেই কেইটা হ’ল–
কিন্তু এই তিনিটি শৈলীৰ মাজত বেছি গাঁথনিক ব্যৱধান নাছিল। মাধৱ কন্দলী, শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, অনন্ত কন্দলী, ভট্টদেৱ, শ্ৰীধৰ কন্দলী আদিৰ পিছত (অৰ্থাৎ শংকৰোত্তৰ যুগৰ শেষৰ ফালে) মানৰ আক্ৰমণৰ বাবেই অসমীয়া ভাষা-সাহিত্যৰ ক্ষেত্ৰত এক স্থবিৰতা আহি পৰে। সেই সময়তে অসমলৈ ব্ৰিটিছসকলৰ আগমন ঘটে। আধুনিক যুগযি সময়ত অসমলৈ ব্ৰিটিছসকল আহে, সেই সময়ত অসমৰ সমাজ জীৱনত এক স্থবিৰতা বিৰাজ কৰিছিল। অসমৰ ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত বিৰাজ কৰা এই স্থবিৰতাই ব্ৰিটিছসকলক অসমীয়া ভাষাৰ স্বকীয়তাৰ আভাস দিবলৈ ব্যৰ্থ হয় আৰু বঙালী বাবুসকলৰ (বিভিন্ন কাৰ্যালয়ত মকৰল হোৱা) প্ৰৰোচনাত পৰি ১৮৩৬ চনৰ পৰা ১৮৭৩ চনলৈ অসমীয়া ভাষাৰ ব্যৱহাৰ লোপ পায়।[উদ্ধৃতিৰ প্ৰয়োজন] সেই সময়তে ধৰ্ম প্ৰচাৰৰ বাবে ১৮৩৬-৩৭ চনত কেইবাগৰাকীও আমেৰিকান বেপ্টিষ্ট মিছনেৰী অসমত উপস্থিত হয়হি। তেখেতসকলে অৰুণোদয় (১৮৪৬ চন) কাকত প্ৰকাশ কৰাৰ লগতে বিভিন্ন পুথি ৰচনা কৰি অসমীয়া ভাষাক পাহৰণিৰ গৰ্ভৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয়। উল্লেখ্য যে আমেৰিকান বেপ্টিষ্ট মিছনেৰীসকল অসমত উপস্থিত হোৱাৰ আগতেই ১৮১৩ চনত শ্ৰীৰামপুৰত প্ৰতিষ্ঠিত ব্ৰিটিছ মিছনেৰীসকলে তেখেতসকলৰ প্ৰেছৰ পৰা বাইবেলখন অসমীয়া ভাষাত প্ৰকাশ কৰে। উইলিয়াম কেৰী চাহাবৰ তত্ত্বাৱধানত নগাঁৱৰ আত্মাৰাম শৰ্মাই বাইবেলৰ "নতুন নিয়ম" (New Testament)-খন ‘ধৰ্মপুস্তক’ নামেৰে অনুবাদ কৰি প্ৰকাশ কৰিছিল। সেই সময়ৰ কিছু আগেয়ে তেওঁলোকে পঞ্চানন কৰ্মকাৰ নামৰ এজন লোকক ছপাশালত ব্যৱহাৰ কৰাৰ উদ্দেশ্যে এক বৃহৎ ভৌগোলিক পৰিসীমা (বঙ্গদেশ, বৃহত্তৰ অসম আদি) সাঙুৰি, উমৈহতীয়া ব্যৱহাৰ বাবে আখৰসমূহ সাজিবলৈ নিৰ্দেশ দিয়ে। পঞ্চানন কৰ্মকাৰে বঙ্গ, অসম আৰু আন দাঁতিকাষৰীয়া অঞ্চল ভ্ৰমণ কৰি শ্ৰীৰামপুৰৰ ছপাশালত তেওঁ ভ্ৰমণ কৰা সকলো ঠাইতে ব্যৱহাৰৰ উপযোগী আখৰ সাজি উলিয়ায়। এই আখৰসমূহত বঙ্গদেশৰ আখৰৰ প্ৰভাৱ বেছি আছিল বুলি নিশ্চিতভাৱে ঠাৱৰ কৰিব পাৰি। কিন্তু প্ৰথম অসমীয়া বাইবেল প্ৰকাশ হোৱাৰ আগেয়ে কৰ্মকাৰৰ মৃত্যু ঘটে। আত্মাৰাম শৰ্মাই বাইবেলখনৰ বাবে পঞ্চানন কৰ্মকাৰে সজা আখৰ ব্যৱহাৰ কৰাত পুৰণি অসমীয়া লিপিৰ ব্যৱহাৰ সিমানতে অন্ত পৰে। অৱশ্যে পঞ্চানন কৰ্মকাৰে সজা আখৰ আৰু পুৰণি অসমীয়া লিপিৰ মাজত বেছি ব্যৱধান নাছিল যদিও সেই ব্যৱধানখিনিৰ বাবেই অসমীয়া লিপিৰ এক স্বকীয় ইতিহাস আছিল বুলি লিপিবিদসকলে মন্তব্য কৰে। লগতে পঢ়কটোকা"সাহিত্য ডট অৰ্গ"ত প্ৰকাশিত মূল প্ৰবন্ধৰ পৰা সত্যকাম দত্ত আৰু মৃণাল জ্যোতি গোস্বামীৰ অনুমতিসাপেক্ষে সংগ্ৰহিত। সম্পৰ্কীয় গ্ৰন্থাৱলী
তথ্য সংগ্ৰহ
|