অক্ষয় তৃতীয়া
অক্ষয় তৃতীয়া (বা আখা তীজ) হিন্দু আৰু জৈনধৰ্মী লোকসকলে উদযাপন কৰা এক পবিত্ৰ ধৰ্মীয় তিথি[1]। প্ৰতি বছৰৰ ব'হাগ মাহৰ শুক্লা তৃতীয়া তিথিত এই পবিত্ৰ ধৰ্মীয় উৎসৱ পালন কৰা হয়। হিন্দুধৰ্মী লোকসকলে বিশ্বাস কৰে যে এই দিনটোতে সত্য যুগৰ আৰম্ভণি হৈছিল। ভগৱান বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হৈছিল। এই দিনটোতে বেদ ব্যাস আৰু গণেশে মিলি মহাভাৰত ৰচনা আৰম্ভ কৰিছিল বুলি জনা যায়। অন্য এক জনশ্ৰুতি মতে এই শুক্লা তৃতীয়াৰ দিনটোতে ভগীৰথে গংগা নদীক সৰগৰ পৰা মৰ্ত্যলৈ বোৱাই লৈ আনিছিল। সেয়েহে এই দিনটোত গঙ্গা স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি জনবিশ্বাস আছে। এই উৎসৱ ভাৰত আৰু নেপালৰ হিন্দু তথা জৈন সকলৰ দ্বাৰা আঞ্চলিকভাবে এক শুভ সময় হিচাপে পালন কৰে[2][3]। এই উৎসৱ "ক্ষয় নোহোৱা সমৃদ্ধিৰ তৃতীয় দিন" হিচাপে চিহ্নিত।[4] অৰ্থসংস্কৃতৰ অক্ষয় শব্দৰ অৰ্থ হৈছে কোনোকালে ক্ষয় বা বিনাশ নোহোৱা। ইয়াত প্ৰতীকী অৰ্থত সমৃদ্ধি, আশা, সুখ, সফলতাৰ ক্ষয় নোহোৱা বুজাইছে। আনহাতে তৃতীয়া শব্দৰ অৰ্থ হৈছে শুক্লা পক্ষৰ তৃতীয়া তিথি।[5][4] সাধাৰণতে বহাগ মাহৰ শুক্লা পক্ষৰ তৃতীয়া তিথিৰ নামেৰে এই দিনটো অক্ষয় তৃতীয়া হিচাপে জনাজাত হৈছে।[6] জৈন বিশ্বাসজৈন ধৰ্ম মতে প্ৰথম তীৰ্থংকৰ ভগৱান ঋষভদেৱৰ এবছৰীয়া তপস্যাৰ সমাপ্তি ঘটাবলৈ তেওঁৰ হাতৰ চলুত কুঁহিয়াৰৰ ৰস বাকী দি পিবলৈ দিয়া হৈছিল। কোনো কোনো জৈন লোকে সেয়ে এই উৎসৱক বৰ্ষ তপ বুলিও কয়।[7] গুজৰাটৰ পালিটানা অঞ্চলৰ সাধু সকলে উপবাস বা তপস্যা কৰিও এই উৎসৱ পালন কৰে।[7] এই দিনটোত যি সকল লোকে এবছৰৰ উপবাস পালন কৰে( যাক বৰ্ষ তপ বুলিও জনা যায়) সেই উপবাস কুঁহিয়াৰৰ ৰস পান কৰি ভংগ কৰে।[8] হিন্দু বিশ্বাসহিন্দু আৰু জৈন ধৰ্মালম্বী লোক সকলে এই দিনটো নতুন আৰম্ভণি, বিবাহ, মূল্যবান বিনিয়োগ বিশেষকৈ সোণ বা অন্য মূল্যবান সম্পত্তি আদিৰ ক্ষেত্ৰত পবিত্ৰ দিন হিচাপে মানে। এই দিনটোতেই বহুতে পৰিয়ালৰ তথা প্ৰিয় মৃত ব্যক্তিক স্মৰণ কৰে।[9] অঞ্চল ভেদে বিবাহিত বা আবিয়ৈ মহিলা সকলৰ বাবে এই দিনটোৰ তাৎপৰ্য বেলেগ বেলেগ হোৱা দেখা যায়। তেওঁলোকে নিজৰ স্বামী বা ভৱিষ্যতে বিবাহ হ'ব লগীয়া পুৰুষ জনৰ দীৰ্ঘায়ু তথা সফলতাৰ বাবে ব্ৰত ৰাখে বা প্ৰাৰ্থনা কৰে। প্ৰাৰ্থনাৰ পিছত অংকুৰিত বুট-মগু, ফলমূল আৰু মিঠাই প্ৰসাদ হিচাপে বিতৰণ কৰে।[9][6] এই দিনটো সোমবাৰে পৰিলে অধিক পবিত্ৰ বুলি ভবা হয়।[6] ব্ৰত পালন, দান কৰা বা অন্য কোনো লোকক সহায় কৰিও এই উৎসৱ উদযাপন কৰা হয়।[7] এই উৎসৱৰ নাম ঋষি দুৰ্বাসাৰ দৰ্শনকালত কৃষ্ণই দ্ৰৌপদীক উপহাৰ দিয়া অক্ষয় পাত্ৰৰ নামেৰে পৰিচিত হৈ পৰে বুলি ধৰা হয়। পাণ্ডৱ সকলৰ বনবাসৰ সময়ত তেওঁলোকৰ মাজত খাদ্যৰ যথেষ্ট অভাৱ ঘটিছিল। বিশেষকৈ বনত তেওঁলোকৰ কুটীৰলৈ অহা সাধু সকলৰ আতিথ্যৰ ক্ষেত্ৰত দ্ৰৌপদী বিপাঙত পৰে। জ্যেষ্ঠ পাণ্ডৱ যুধিষ্ঠিৰে সূৰ্য দেৱতাক তপস্যা কৰাত তেওঁ যুধিষ্ঠিৰক এটি পাত্ৰ প্ৰদান কৰে। যিটো দ্ৰৌপদীৰ খাই নোহোৱা পৰ্যন্ত পূৰ্ণ থাকিব। ঋষি দুৰ্বাসাৰ আগমনৰ সময়ত শ্ৰী কৃষ্ণই এই পাত্ৰটোক অজেয় কৰি তুলিছিল যিটো অক্ষয় পাত্ৰ হিচাপে পৰিচিত হয় আৰু এই পাত্ৰটো দ্ৰৌপদীৰ মন পছন্দৰ খাদ্যৰে সদায়েই পূৰ্ণ হৈ থাকিব, আনকি ইয়াৰ খাদ্যৰে পূৰ্ণ ব্ৰহ্মাণ্ডক তৃপ্ত কৰিব পাৰিব।[10] হিন্দু ধৰ্মত অক্ষয় তৃতীয়া দিনটোত বিষ্ণুৰ ষষ্ঠ অৱতাৰ পৰশুৰামৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয়। পৰশুৰামৰ সাধক সকলে সেয়ে এই দিনটোক পৰশুৰাম জয়ন্তী বুলি মান্যতা প্ৰদান কৰে।[9][7] কোনো কোনোৱে আকৌ এই দিনটোত বিষ্ণুৰ বাসুদেৱ অৱতাৰৰ কথাত বিশ্বাস কৰে।[6] এগৰাকী পণ্ডিতৰ মতে বেদ ব্যাসে গণেশৰ ওচৰত অক্ষয় তৃতীয়াৰ দিনাই মহাভাৰত পাঠ কৰা আৰম্ভ কৰিছিল। আন এজন পণ্ডিতৰ মতে এই দিনটোতেই গংগা মৰ্ত্যলৈ নামি আহিছিল[7] 'য়মুনত্ৰী' আৰু 'গংগোত্ৰী' মন্দিৰৰ দুৱাৰ এই দিনটোতে মুকলি কৰা হয়, 'ছ'টা চাৰ ধাম' তীৰ্থযাত্ৰাৰ সময়ত, হিমালয় অঞ্চলত তীব্ৰ তুষাৰপাতৰ ফলত মন্দিৰ সমূহ বন্ধ হৈ পৰে। এই মন্দিৰ অক্ষয় তৃতীয়াৰ অভিজিৎ শুভ সময়ত পুনৰ মুকলি কৰা হয়।[11] আন এক বিশ্বাস অনুসৰি শ্ৰী কৃষ্ণৰ বাল্য বন্ধু সুদামাই পত্নীসহ এই দিনটোতে দ্বাৰকাত শ্ৰীকৃষ্ণক সাক্ষাৎ কৰি অসংখ্য ধন সম্পত্তিৰ গৰাকী হৈ পৰে। আকৌ কোৱা হয়, এই দিনটোতেই কুবেৰে অসংখ্য সম্পত্তিৰ গৰাকী হৈ পৰে আৰু 'ঐশ্বৰ্যৰ গৰাকী' হিচাপে খ্যাত হয়।[12][13] বাৰিষা কালৰ খেতিৰ আৰম্ভণি হিচাপে উৰিষ্যাত অক্ষয় তৃতীয়া উৎসৱ পালন কৰা হয়। এই দিনটোত বসুমতী তথা, হালোৱা গৰুৰ পূজনৰ লগতে অন্যান্য খেতিৰ সঁজুলি আৰু কঠীয়াৰ বাবে ৰখা শস্য আদিৰ পূজা কৰা হয়, যাতে অনাগত সময়ত অধিক উৎপাদন সম্ভৱ হয়। এই দিনাই খেতি পথাৰত বাৰিষা কালৰ খেতিৰ আৰম্ভণি হিচাপে প্ৰতীকী ৰূপত পথাৰত শস্য সিঁচা হয়। উৰিষ্যাত এই উৎসৱক 'আখি মুঠি অনুকূলা' অৰ্থাৎ আখি মানে অক্ষয় তৃতীয়া, মুঠি মানে শস্যৰ উভৈনদী হোৱা আৰু অনুকূল মানে হৈছে উদ্বোধন বা মুকলি কৰা। তদুপৰি এই দিনটোৰ পৰাই পুৰীৰ ৰথ যাত্ৰা উৎসৱ আৰম্ভ হয়।[6][14][15]
তথ্য সংগ্ৰহ
অন্যান্য উৎস
|