কামদা একাদশী
কামদা একাদশী হৈছে হিন্দু সকলৰ এক উৎসৱ। চান্দ্ৰ মাহ চৈত্ৰা (মাৰ্চ-এপ্ৰিল) একাদশীত এই উৎসৱ পালন কৰা হয়। নৱবৰ্ষ আৰম্ভৰ পিছত এইটো প্ৰথমটো একাদশী। কামদা নামে সকলো আকাংক্ষা পূৰণ কৰাটো বুজায়।[1] আনুষ্ঠানিকতাকামদা একাদশীৰ পুৱা স্নান কৰাৰ পিছত ভক্তসকলে উপবাস ৰাখে। কাষৰ মন্দিৰত কৃষ্ণৰ ৰূপত বিষ্ণুকো অৰ্চনা আগবঢ়োৱা হয়।[1][2] এই উপবাসৰ ফলস্বৰূপে সকলো মনোকামনাৰ পূৰ্তি হয় বিশ্বাস কৰা হয়। ইয়াৰ ফলত আনকি ব্ৰহ্মহত্যাৰ দৰে পাপো মোচন হোৱাৰ লগতে ভক্তজনৰ লগতে সমগ্ৰ পৰিয়ালটোৱেই অভিশাপৰপৰা মুক্তি পায় বুলি কোৱা হয়।[1][3] তথ্যসূত্ৰ
|