ৰৌ মাছভাৰতীয় কাৰ্প নামেৰে জনাজাত অন্য মাছবোৰৰ বাবে, ভাৰতীয় কাৰ্প চাওক।
ৰৌ মাছ বা ৰ'হ' লেবিঅ' (roho labeo) হৈছে দক্ষিণ এচিয়াৰ নদী সমুহত পোৱা, কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছৰ এটা প্ৰজাতি। ই সৰ্বভোজী।[1] ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য 2 মিটাৰ (6.6 ফুট) পৰ্যন্ত আৰু ওজন প্ৰায় ১১০ কেজি (২৪০ পাউণ্ড) পৰ্যন্ত হয়। নেপালৰ দক্ষিণ অঞ্চলত সৰ্বাধিক ওজনৰ ৰৌ মাছ পোৱাত তথ্য আছে।[2] ভাৰতৰ তিনিবিধ প্ৰধান কাৰ্প পৰিয়ালৰ মাছ হৈছে ৰৌ মাছ, বাহু মাছ আৰু মিৰিকা মাছ। জীৱনজীৱন চক্ৰৰ আদিতে, ই প্ৰধানকৈ শৈৱাল ভক্ষণ কৰি জীয়াই থাকে, কিন্তু বয়স বঢ়াৰ লগে লগে, ই অন্য ক্ষুদ্ৰ জলজ উদ্ভিদ তথা ক্ষুদ্ৰ প্ৰাণীও ভক্ষণ কৰে। ই কেৱল দিনৰ ভাগতহে সক্ৰিয় হৈ থাকে আৰু সাধাৰণতে অকলশৰীয়াকৈ থাকে। ই দুবছৰৰ পৰা পাঁচবছৰৰ ভিতৰত পুৰ্ণবয়স্ক হয়। মীন-পালনই দক্ষিণ এচিয়াৰ মীন-পালনত ব্যৱহাৰ কৰা এটা অতি গুৰুত্বপূৰ্ণ নিৰ্মল পানীৰ মাছৰ প্ৰজাতি।[3]ইয়াক মিৰিকা আৰু বাহুৰ সৈতে সংমিশ্ৰিতভাৱে পালন কৰা হয়। পুখুৰীৰ পৰিৱেশত ই বংশবৃদ্ধি নকৰে, সেইবাবে প্ৰাণোদিত পদ্ধতিত (কৃত্ৰিমভাৱে কণী পাৰিবলৈ প্ৰেৰিত কৰা) ইহঁতৰ পোনা উৎপাদন কৰা হয়। খাদ্য হিচাপে ৰৌ মাছৰৌ মাছ হৈছে বাংলাদেশত সাধাৰণতে খোৱা এবিধ খাদ্য ; আৰু ভাৰতৰ বিহাৰ, উৰিষ্যা, অসম, পশ্চিম বংগ আৰু উত্তৰ প্ৰদেশৰ এবিধ সাধাৰণ খাদ্য। ইয়াক নেপাল, পাকিস্থান আদিতো সাধাৰণ খাদ্য হিচাপে ব্যৱহাৰ কৰা হয়। ৰৌ মাছৰ কণী, ভোজপুৰ, অন্ধ্ৰ প্ৰদেশ, মৈথিলী, উড়িয়া আৰু বেংগলীসকলৰ মাজত অতি জনপ্ৰিয় খাদ্য। ৰৌ মাছ দক্ষিণ ভাৰত আৰু পাকিস্থানৰো অতি জনপ্ৰিয় খাদ্য। ই ইৰাকতো বেছ জনপ্ৰিয়। অন্য কাৰ্পতকৈ ভাৰতীয় কাৰ্পবোৰ অধিক সুস্বাদু বুলি বিবেচিত হৈছে আৰু সেইবাবে ইহঁতৰ চাহিদা তথা দামো বেছি। ১৯৯০ চনৰ পৰা ইহঁতৰ বাৰ্ষিক উৎপাদন প্ৰায় ২,৫০,০০০ টনৰ পৰা ৫,৫০,০০০ টনলৈ বৃদ্ধি হৈছে। ভাৰত আৰু বাংলাদেশতেই ইহঁতৰ সৰ্বাধিত উৎপাদন কৰা হয়। সাধাৰণ নামএই মাছবিধক মৈথিলী আৰু নেপালীত ৰাহু বুলি কয়। হিন্দীত ৰেহু (ৰাৱাছ হৈছে ভাৰতীয় চলম’ন, অলপ বেলেগ) উৰিয়াত ৰ’হি, বঙালীত ৰুই, ছিলঠীয়াত ৰৌ, মাধেশ, নেপাল লগতে থাইলেণ্ড, বাংলাদেশ, দক্ষিণ ভাৰত , পাকিস্তান আৰু ম্যানমাৰত ৰ’হু বুলি কয়। বাসস্থাননিৰ্মল পানী আৰু লুনীয়া পানী। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia