ৰাম সৰস্বতী
ৰাম সৰস্বতী ষোড়শ শতিকাৰ এগৰাকী অসমীয়া কবি। তেওঁ প্ৰাচীন অসমীয়া কবিসকলৰ ভিতৰত সৰ্বাধিক পদ ৰচনা কৰিছিল বুলি কোৱা হয়।[1] ৰচনাৰ ব্যাপকতা আৰু বৰ্ণনীয় কথাবস্তুলৈ দৃষ্টি ৰাখি ৰাম সৰস্বতীক ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই "অসমীয়া ব্যাস" আখ্যা দিছে।[2] মহাৰজা নৰনাৰায়ণৰ অনুৰোধত শতসহস্ৰী মহাভাৰতৰ প্ৰায় ত্ৰিশ হাজাৰ শ্লোক তেওঁ অসমীয়ালৈ অনুবাদ কৰে।[3] তেওঁ বধ কাব্য নামৰ জনপ্ৰিয় একশ্ৰেণীৰ কাব্য সৃষ্টি কৰে।[2] তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ। "ৰাম সৰস্বতী" ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি।[1] মহাভাৰতৰ ভাঙনিৰ বাবে তেওঁক "ভাৰতভূষণ" উপাধি প্ৰদান কৰা হৈছিল।[3] আত্ম পৰিচয়মহাৰাজ নৰনাৰায়নৰ নিৰ্দেশত মহাভাৰতৰ ভাঙনি কৰোঁতে ৰাম সৰস্বতীয়ে আত্মপৰিচয়সূচক কেইটামান বাক্য লিখিছিল- "গ্ৰাম মধ্যে সাৰোদ্ধাৰ পচৰিয়া নাম যাৰ/কলি যুগে শ্ৰেষ্ঠ লিখে যাক/ব্ৰাহ্মণসকলে নিত ভাগৱত অবিশ্ৰাম/চৰ্চা কৰে পাতিয়া সভাক"।[1] অবিভক্ত কামৰূপ জিলাৰ ব্ৰহ্মপুত্ৰৰ উত্তৰৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত পছৰীয়া অঞ্চলেই ৰাম সৰস্বতীৰ জন্মস্থান।[4] ৰাম সৰস্বতীৰ পুত্ৰ গোপীনাথ পাঠকৰ লেখাৰ পৰা জানিব পাৰি যে তেওঁ আছিল ভীমসেন দ্বিজ চূড়ামণিৰ দ্বিতীয় বা কনিষ্ঠ পুত্ৰ। তেওঁৰ মূল নাম আছিল অনিৰুদ্ধ। পণ্ডিত বংশত জন্মলাভ কৰা অনিৰুদ্ধই পাণ্ডিত্যৰ বলত নৰনাৰায়ণৰ ৰাজসভাত 'পাঠক'ৰ বাব লাভ কৰে। ৰাম সৰস্বতীয়ে শিক্ষা লাভ কৰে ককায়েক কবিচন্দ্ৰ ওচৰত।[2] পাছত তেওঁ গুৰু মুকুন্দদেৱৰ ওচৰত শিক্ষা লাভ কৰে। এই মুকুন্দদেৱ আছিল দামোদৰদেৱৰ ভতিজা। পছৰীয়াৰ সমীপৱৰ্তী ৰত্নেশ্বৰ অঞ্চলৰ বাসিন্দা আছিল মুকুন্দদেৱ।[5] ৰচনাৱলীৰাম সৰস্বতীৰ ৰচনাৱলীক দুটা ভাগত ভগাব পাৰি। ১) মহাভাৰতৰ পৰ্বসমূহৰ অনুবাদ বা মূল মহাভাৰতত থকা আখ্যানসমূহৰ অসমীয়া ৰূপান্তৰ। ২) মূল মহাভাৰতৰ লগত বিশেষ সম্পৰ্ক নথকা অথচ 'যামল সংহিতা', 'শিৱ ৰহস্য' আদি উপপুৰাণৰ ভিত্তিত মহাভাৰতৰ কিছুমান চৰিত্ৰক কেন্দ্ৰ কৰি ৰচনা কৰা বধকাব্য আৰু আখ্যানসমূহ।[2][6] বধকাব্যসমূহে সাধাৰণ ৰাইজক কিংবদন্তীমূলক আখ্যানৰ আধাৰত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰভুত বৰঙনি যোগাইছিল।[3] মহাভাৰতৰ অনুবাদত তেওঁ সকলো শ্লোক ভাঙনি কৰা নাছিল। বাহুল্য পৰিহাৰ কৰি প্ৰয়োজনীয় শ্লোকসমূহহে ভাঙনি কৰিছিল।[3] মহাভাৰত অনুবাদত তেওঁক তেওঁৰ পুত্ৰ গোপীনাথ পাঠক, বিদ্যাপঞ্চৰণ, কামচাৰী কায়স্থ, দামোদৰ দাস আৰু আন কোনো কোনো কবিয়ে সহায় কৰিছিল।[3]
বধকাব্য[2]
"ভীম চৰিত" ৰাম সৰস্বতীৰ এখন জনপ্ৰিয় কাব্য। ইয়াত ভীমৰ শৈশৱকালৰ দুষ্টালিৰ লগতে দুই পুত্ৰসহ শিৱ-পাৰ্বতীৰ দৰিদ্ৰতাৰে সংগ্ৰাম বৰ্ণনা কৰা হৈছে।[3] হাস্যৰসপ্ৰধান এই পুথিখনত দেৱতাসকলক সাধাৰণ মানৱৰ দৰে ফুটাই তোলা হৈছে। জয়দেৱৰ গীত গোবিন্দ তেওঁ প্ৰথমবাৰৰ বাবে অসমীয়ালৈ অনুবাদ কৰে।[6] ৰাম সৰস্বতীয়ে নৰনাৰায়ণৰ পাছত তেওঁ পৰীক্ষিতনাৰায়ণ আৰু বলিনাৰায়ণৰ (ধৰ্মনাৰায়ণ) ৰাজত্ব কালতো ৰাজ অনুগ্ৰহ লাভ কৰি নানা পুথি ৰচনা কৰিছিল। ধৰ্মনাৰায়ণৰ পাছৰ ৰজা সুন্দৰনাৰায়ণৰ ৰাজত্বকালতো তেওঁ কিছুদিন জীৱিত আছিল। সেইদৰে নৰনাৰায়ণৰ (১৫৪০-১৫৮০) পৰা আৰম্ভ কৰি ক্ৰমে ৰঘুদেৱ, পৰীক্ষিতনাৰায়ণ, ধৰ্মনাৰায়ণ আৰু সুন্দৰনাৰায়ণলৈকে কেইবাজনো ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰি বিৰাট মহাভাৰতৰ উপৰিও বধকাব্যসমূহ ৰচনা কৰি খ্ৰীষ্টীয় সপ্তদশ শতিকাৰ চতুৰ্থ দশকলৈকে জীৱিত আছিল।[2] মাধুৰ্যমণ্ডিত বৰুৱাই ৰাম সৰস্বতীৰ আয়ুসকাল ১০৮ বছৰ আছিল বুলি মীমাংসা কৰিছে। ১৬৩৮ খ্ৰীষ্টাব্দ পৰ্যন্ত ৰাম সৰস্বতী জীৱিত আছিল। [7]
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia