জয়দেৱ
জয়দেৱ দ্বাদশ শতিকাৰ সময়ছোৱাৰ এজন সংস্কৃত কবি। বসন্ত কালত গোপী ৰাধাৰ সৈতে কৃষ্ণৰ প্ৰেমৰ ওপৰত ভিত্তি কৰি লিখা তেওঁৰ মহাকাব্য গীতা গোবিন্দমৰ বাবে তেওঁ সু-পৰিচিত।[1] [2]ৰাধা কৃষ্ণতকৈ মহৎ বুলি মত উপস্থাপন কৰা এই মতাদৰ্শক হিন্দু ধৰ্মৰ ভক্তি আন্দোলনৰ এক গুৰুত্বপূৰ্ণ অংগ হিচাপে গণ্য কৰা হয়।[3][ইয়াতকৈ ভাল উৎসৰ প্ৰয়োজন] জীৱনীজন্ম অনুসৰি এজন ব্ৰাহ্মণ, জয়দেৱৰ জন্ম তাৰিখ আৰু স্থান অনিশ্চিত। গীতাগোবিন্দৰ পৰা অনুমান কৰিব পাৰি যে তেওঁৰ জন্ম "কেন্দুবিল্ব" গাঁৱত হৈছিল। ওড়িশা, বংগ আৰু মিথিলাৰ পণ্ডিতসকলে এই ঠাইখনক নিজৰ অঞ্চলৰ এখন বৰ্তমানৰ এখন গাঁৱৰ সৈতে বিভিন্ন ধৰণে চিনাক্ত কৰিছে, য'ত ওড়িশাৰ পুৰীৰ ওচৰৰ কেন্দুলী সাসান, বীৰভূমি জিলাৰ জয়দেৱ কেন্দুলী আৰু মিথিলা (বিহাৰ)ৰ ঝাংঝাৰপুৰৰ ওচৰৰ কেন্দুলী গাঁও। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে এই বিষয়ত এতিয়াও পণ্ডিতসকলৰ মাজত মতানৈক্য আছে। জয়দেৱে যিহেতু যাযাবৰী জীৱন কটাইছিল, সম্ভৱতঃ এটা সময়ত তেওঁ পুৰীলৈ গৈছিল আৰু তাতেই পৰম্পৰা অনুসৰি তেওঁ পদ্মাৱতী নামৰ এগৰাকী নৃত্যশিল্পীক বিয়া কৰাইছিল যদিও সেই কথা আদিম ধাৰাভাষ্যকাৰ আৰু আধুনিক পণ্ডিতসকলে সমৰ্থন নকৰে।[4][5][6][7][পৃষ্ঠা নং প্ৰয়োজন] লক্ষ্মণসেনৰ সভাতলক্ষ্মণসেনৰ সভাত জয়দেৱৰ আগমনৰ কথা প্ৰসংগত এটা কাহিনী আছে। এদিন লক্ষ্মণসেনৰ সভালৈ এজন বিখ্যাত সংগীতজ্ঞ আহি নিজকে শ্ৰেষ্ঠ বুলি উপস্থাপন কৰিলে। ৰজাই তেওঁৰ দাবী মানি লৈ বিজয়ৰ পত্ৰ লিখিব বিচাৰিলে। এই খবৰটো শুনি জয়দেৱৰ পত্নী পদ্মাৱতীয়ে ৰাজ্যসভালৈ আহি স্বামীৰ লগত প্ৰতিদ্বন্দ্বিতা নকৰাকৈ প্ৰশংসাপত্ৰ নিদিবলৈ অনুৰোধ জনায়। ৰজাই জয়দেৱক সভালৈ আনিলে। তথাকথিত সংগীত শিল্পীজনৰ গীতত গছৰ সকলো পাত সৰি পৰিল। সকলোৱে সংগীত শিল্পীগৰাকীক ধন্য মানিলে। জয়দেৱে ক’লে যে গছজোপাত থকা পাতবোৰ আকৌ দেখুৱাওক। সংগীত শিল্পী গৰাকীয়ে নিজৰ অক্ষমতা প্ৰকাশ কৰে। যেতিয়া জয়দেৱে গাই গ’ল, লগে লগে গছজোপাৰ পাতবোৰ আকৌ আগৰ দৰে হৈ উঠিল। সকলোৱে জয়দেৱৰ শ্ৰেষ্ঠত্ব স্বীকাৰ কৰিলে।[8] সাহিত্যিক অৱদানপ্ৰাচীন ওড়িয়া ভাষাত ৰচিত জয়দেৱৰ কেতবোৰ কবিতা উৰিষ্যাৰ সাংস্কৃতিক সঞ্চালকালয়ে প্ৰকাশ কৰিছে য'ত ৰাধা-কৃষ্ণৰ প্ৰেম বৰ্ণনা কৰা হৈছে আৰু গীতাগোবিন্দমত ব্যৱহৃত ধাৰণাবোৰৰ সৈতে একেধৰণৰ ধাৰণা সন্নিবিষ্ট কৰা হৈছে। জয়দেৱক বহুলভাৱে ওডিছি সংগীতৰ অন্যতম সংগীতজ্ঞ হিচাপে গণ্য কৰা হয়। প্ৰতি নিশা বদসিংহাৰ বা পুৰীৰ জগন্নাথ মন্দিৰৰ শেষ অনুষ্ঠানৰ সময়ত জয়দেৱৰ গীতগোবিন্দম গোৱা হয়। পৰম্পৰাগত ওডিছি ৰাগ আৰু তালত উপস্থাপন কৰা হয়। স্বয়ং মন্দিৰত গান গোৱা জয়দেৱৰ সময়ৰ পৰা এই পৰম্পৰা অখণ্ডভাৱে অব্যাহত আছে। কবিৰ সময়ৰ পিছত প্ৰামাণিক ওডিছি ৰাগ আৰু তাল অনুসৰি গীতগোবিন্দম গোৱাটো মন্দিৰত বাধ্যতামূলক হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল, যিটো মহৰী বা দেৱদাসীসকলে সম্পন্ন কৰিবলগীয়া হৈছিল, পদ্ধতিগতভাৱে শিলালিপিত লিপিবদ্ধ কৰা হৈছিল।[9] জয়দেৱৰ দুটা গীত শিখ ধৰ্মৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহাবত সন্নিৱিষ্ট কৰা হৈছে। স্তৱকসমূহ সংস্কৃত আৰু পূবৰ অপভ্ৰংশৰ মিশ্ৰণেৰে লিখা হৈছে।[10] পুৰী ভ্ৰমণৰ সময়ত জয়দেৱৰ ৰচনাই গুৰু নানকৰ ওপৰত কেনেদৰে গভীৰ প্ৰভাৱ পেলাইছিল সেই কথা বৰ্ণনা কৰা লিপিও আছে।[11][12][13] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|