সুৰজাপুৰী ভাষা
সুৰজাপুৰী এটি পূৰ্বী ভাৰতীয়-আৰ্য ভাষা যি অসমীয়া-বাঙালী উপ-গোটৰ অন্তৰ্গত। এই ভাষা মুখ্যতঃ ভাৰতৰ পূব দিশে ব্যৱহাৰ কৰা হয়, উত্তৰ বংগ, পশ্চিমবংগ আৰু বিহাৰৰ পূব ভাগৰ বংগাঞ্চল বা পূৰ্ণিয়াত। তদুপৰি, নেপালৰ ঝপ জিলা আৰু অসমৰ গোৱালপাৰা জিলাতো এই ভাষা কোৱা হয়। এই ভাষা ভাষী লোকে কেতিয়াবা এই ভাষাক দেশী ভাষা বুলিও অভিহিত কৰে। অসমীয়া-বাঙালী উপগোটৰ ভিতৰতো এই ভাষা কামৰূপী ভাগত পৰে, অৰ্থাৎ বাঙালী ভাষাতকৈ সুৰজাপুৰী অসমীয়া ভাষাৰহে অধিক নিকটৱৰ্তী। ভৌগোলিক বিতৰণসুৰজাপুৰী ভাষা কোৱা সৰু জনসংখ্যা তিনিখন দেশত বিভক্ত: ভাৰত (বিশেষকৈ পশ্চিম বংগ আৰু বিহাৰ), বাংলাদেশ আৰু নেপাল। সুৰজাপুৰী মুখ্যতঃ সুৰজাপুৰী বাঙালী নামেৰে বিহাৰত কোৱা হয় পূৰ্ণিয়া বিভাগত (কিষণগঞ্জ, কটিহাৰ, পূৰ্ণিয়া আৰু আৰাৰিয়া)।[3] পশ্চিম বংগত এই ভাষা কোৱা হয় উত্তৰ দিনাজপুৰ, দক্ষিণ দিনাজপুৰ, উত্তৰ মালদা আৰু চিলিগুৰীত। বাংলাদেশত এই ভাষা ব্যৱহাৰ কৰা হয় ঠাকুৰগাঁৱত। নেপালৰ ঝপ আৰু মৰাং জিলাতো এই ভাষা কোৱা হয়। সম্পৰ্কিত ভাষাসমূহবৰ্তমানে এই ভাষাৰ বিকাশ সীমিত হোৱাৰ বাবে এই ভাষা ভাষী লোকে চুবুৰীয়া অধিক বিকশিত ভাষা গ্ৰহণ কৰিব ধৰিছে, যেনে বিহাৰত হিন্দী ভাষা আৰু পশ্চিম বংগত বাংলা ভাষা। বাংলাদেশত বাংলা আৰু উৰ্দু ভাষাই এই ভাষাৰ স্থান লৈছে। এই ভাষা কোনো আনুষ্ঠানিক বা শিক্ষাগত কৰ্মত ব্যৱহাৰ কৰা নহয়। এই ভাষাৰ কোনো আধুনিক ব্যাকৰণ, অভিধান আদিও প্ৰস্তুত কৰা হোৱা নাই। ভাষাটোৰ সুৰ আৰু বাক্য গাঁথনি অঞ্চলভেদে সলনি হয়। সূৰজাপুৰী ভাষা অসমীয়া, বাংলা আৰু মৈথিলীৰ দৰে বৃহৎ জনসংখ্যা থকা ভাষাৰ উপৰিও চুবুৰীয়া কমতাপুৰী (কোচ ৰাজবংশী আৰু ৰংপুৰী) ভাষাৰ[4] সৈতে বহু দূৰ মিল থকা ভাষা। উপনামসমূহ[5]
সুৰজাপুৰী ভাষাত হেলনীয়া প্ৰত্যয় দেখা যায়: যেনে সা (হামসা-, তোমসা-) আৰু স্মা (যেনে ইস্মা-, উস্মা-)। এই বিশেষত্ব পুৰণি অসমীয়া ভাষাতো দেখা গৈছিল, যেনে সা (আমাসা-, তোমাসা-) আৰু সম্ব (এসম্ব-, তেসম্ব-)। এই প্ৰত্যয়সমূহৰ ব্যৱহাৰো পুৰণি অসমীয়া আৰু সুৰজাপুৰীত একেধৰণৰ। টোকা
প্ৰবন্ধসমূহ
অধিক পঢ়া
|
Portal di Ensiklopedia Dunia