সন্তান

সন্তান
Santaan
পৰিচালক অমৰ পাঠক
চিত্ৰনাট্য অমৰ পাঠক
কাহিনী অমৰ পাঠক
প্ৰযোজক পবন বৰুৱা, খনীন্দ্ৰ চৌধুৰী, অনিল বৰুৱা, কমলাৰাণী পাঠক
অভিনয়ত নিপন গোস্বামী
ইভা আচাও
চিত্ৰগ্ৰহণকাৰী শঙ্কৰ বেনাৰ্জী
সম্পাদনা মধুসূদন বেনাৰ্জী
সংগীত পৰিচালক প্ৰভাত শৰ্মা
মুক্তি
১৫ ডিচেম্বৰ ১৯৭৪
দেশ ভাৰত ভাৰত
ভাষা অসমীয়া

সন্তান (ইংৰাজী: Santaan) ১৯৭৪ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। লাচিত চিত্ৰমৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰিছিল অমৰ পাঠকে। সঙ্গীত প্ৰভাত শৰ্মাৰ। ইয়াত সঠিক পথ-নিৰ্দেশনাৰ অভাৱ আৰু অনিশ্চিত ভৱিষ্যতে উচ্ছৃংখল, অস্থিৰ কৰি তোলা এচাম যুৱকৰ কাহিনী বৰ্ণনা কৰা হৈছে। সন্তানসকলক উপযুক্ত নাগৰিক কৰি গঢ়ি তুলিবলৈ যি সুস্থ অৰ্থনৈতিক আৰু সামাজিক পৰিবেশৰ দৰকাৰ, সেই পৰিবেশ গঢ়াত সকলোৰে কম-বেছি দায়িত্ব আছে। সেয়েহে মাতৃস্নেহৰ অপৰিসীম বলেৰে বিধবা ললিতাই জীৱন, বিনয়হঁতৰ মানসিক বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰিছে। ললিতাই সিহঁতক নিজহাতে শ্ৰম কৰি এখন নতুন সমাজ গঢ়িবৰ বাবে আহ্বান জনাইছে।[1]

অভিনয় শিল্পী

কলা-কুশলী

(তথ্যছ’কত নথকা)
  • বেনাৰ- লাচিত চিত্ৰম
  • শব্দ গ্ৰহণ- অৱনী চেতাৰ্জী, সৰোজ ইটালীয়া, কালি দাস
  • সংলাপ- অমৰ পাঠক

সংগীত

সঙ্গীত পৰিচালনা প্ৰভাত শৰ্মাৰ। এইখন তেওঁৰ সঙ্গীত পৰিচালনা কৰা প্ৰথম ছবি। অৱশ্যে ইয়াৰ আগত অচ্যুত লহকৰৰ ব্লেকমানি নামৰ ছবি এখনত সঙ্গীত পৰিচালনা কৰিছিল যদিও সেইখনে মুক্তি নাপালে।[2]

গীতৰ শীৰ্ষ
নং শিৰোনামগীতিকাৰকন্ঠশিল্পী দৈৰ্ঘ্য
1. "ৰিং ক্ৰিং হুৰা হুৰা ফ্ৰিহুইল ঘূৰা ঘূৰা, উৰ অ’ বিলকুল উৰাই দে"  কেশৱ মহন্তৰিদীপ দত্ত, ৰামেশ্বৰ পাঠক দেৱযানী বৰা, ইন্দ্ৰানী গাঙ্গুলী  
2. "মিঠা মিঠা তোমাৰ কথা তুমি মৰমী, চকুৰ ভাষা বুজি পালা আজিহে তুমি"  অমৰ পাঠকৰিদীপ দত্ত, দেৱযানী বৰা  
3. "জয় জয় শঙ্কৰ গুৰুহে মাধৱ গুৰু, এহে তুৱা চৰণে প্ৰণতি"  অমৰ পাঠকপিণ্টু ভট্টাচাৰ্য, ৰিদীপ দত্ত, ৰামেশ্বৰ পাঠক, প্ৰভাত শৰ্মা  
4. "ৰাম গোসাই কৰহু কাতৰি, বহু হৃদি পঙ্কজ ঠাম হামাৰি"  মাধৱদেৱপিণ্টু ভট্টাচাৰ্য, দেৱযানী বৰা  
5. "আহাচোঁ আহা কাষতে বহা, কোৱাচোঁ কোৱা চেনাই"  নিৰ্মল প্ৰভা বৰদলৈইন্দ্ৰানী গাঙ্গুলী, ৰিদীপ দত্ত  
6. "জিলমিল জিলমিল ধাননি সোণোৱালী, সোণগুটি সোণগুটি অ’"  অমৰ পাঠকপিণ্টু ভট্টাচাৰ্য, ৰিদীপ দত্ত, ৰামেশ্বৰ পাঠক, প্ৰভাত শৰ্মা  

তথ্য উৎস

  1. Das Arunlochan (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati. পৃষ্ঠা. 226. 
  2. Babul Das (1985). অসমীয়া বোলছবিৰ গীতৰ সংকলন. Bani Mandir, Dibrugarh. পৃষ্ঠা. 216. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia