শ্বেতা বাসু প্ৰসাদ
শ্বেতা বাসু প্ৰসাদ (ইংৰাজী: Shweta Basu Prasad, জন্ম ১১ জানুৱাৰী ১৯৯১) হৈছে এগৰাকী ভাৰতীয় কথাছবিৰ অভিনেত্ৰী। শ্বেতাই তেলুগু, তামিল, আৰু হিন্দী ছবিৰ উদ্যোগত নিজকে প্ৰতিষ্ঠিত কৰিছে আৰু ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি শ্বেতা ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যলৈ মনোনীত হৈছে। ব্যক্তিগত জীৱনশ্বেতা বাসু প্ৰসাদৰ জন্ম হৈছিল ১৯৯১ চনৰ ১১ জানুৱাৰীত, জামছেদপুৰ (তেতিয়াৰ বিহাৰ আৰু এতিয়াৰ ঝাৰখণ্ড)-ত। পৰৱৰ্তী সময়ত শ্বেতাই নিজৰ পৰিয়ালৰ সৈতে মুম্বাইলৈ প্ৰব্ৰজন কৰে। সেই সময়ত তেখেত শিশোৱেই আছিল। মুম্বাইস্থিত ছাণ্টাক্ৰুজত থকা আৰ.এন.পোড্ডাৰ হাইস্কুলত শ্বেতাই বাণিজ্য শাখাত অধ্যয়ন কৰে আৰু গণমাধ্যম আৰু সাংবাদিকতাত স্নাতক ডিগ্ৰী অৰ্জন কৰে। শ্বেতাই 'দ্য ইণ্ডিয়ান এক্সপ্ৰেছ' কাকতত স্তম্ভলেখক হিচাপেও কিছুদিন কৰ্মনিৰ্বাহ কৰে।[2] মাকৰ বাসু নামটো শ্বেতাই নিজৰ নামৰ লগত সংযোজন কৰে।[3] ২০১৮ চনৰ ১৩ ডিচেম্বৰ তাৰিখে শ্বেতাই ছবিনিৰ্মাতা ৰোহিত মিট্টালৰ লগত বৈবাহিক জীৱনৰ পাতনি মেলে।[4] অৱশ্যে তেওঁলোকৰ বৈবাহিক জীৱন বেছি দিন নিটিকিল। কিয়নো বিবাহৰ পৰৱৰ্তী বৰ্ষটোতেই অৰ্থাৎ ২০১৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে তেওঁলোকে ইনষ্টাগ্ৰামত বিচ্ছেদ ঘোষণা কৰে।[5] কৰ্মজীৱনঅতি কম বয়সতেই শ্বেতাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথমে টেলিভিছনৰ জৰিয়তে শ্বেতাই অভিনয় জীৱনৰ পাতনি মেলিছিল যদিও অতি সোনকালেই বলিউডত পদাৰ্পণ কৰে। ২০০২ চনত 'মকড়ী' নামৰ ছবিখনত শ্বেতাই অভিষেক কৰে। এইখন ছবিত শ্বেতাই এটা দ্বৈত চৰিত্ৰ ৰূপায়ণ কৰে যাৰ বাবে তেখেতে 'শ্ৰেষ্ঠ শিশু অভিনেত্ৰী'ৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অৰ্জন কৰে। ৰূপালী পৰ্দাত আহৰণ কৰা এই সফলতাৰ বলত শ্বেতাই "কাহানী ঘৰ ঘৰ কী" আৰু "কৰিশ্মা কা কৰীশ্মা"ৰ দৰে টেলিভিছন ছিৰিজত অভিনয়ৰ প্ৰস্তাৱ লাভ কৰে। ২০০৫ চনত শ্বেতাৰ অভিনয়-দক্ষতা চকুত পৰে পৰিচালক নাগেশ কুকুনুৰৰ। তেখেতে শ্বেতাক 'ইকবাল' নামৰ ছবিখনৰ প্ৰস্তাৱ আগবঢ়ায়। ছবিখনত শ্বেতাই "খাদিজা" নামৰ চৰিত্ৰটো ৰূপায়ণ কৰে আৰু দৰ্শকৰ মাজত এক পৰিচিতি লাভ কৰে। ছবিখনৰ বাবে তেখেতে পঞ্চম কৰাচী আন্ত:ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ বঁটা লাভ কৰে। শ্বেতা বাসু গণমাধ্যম আৰু সাংবাদিকতাৰ এগৰাকী স্নাতক। শিক্ষা সমাপ্ত কৰাৰ পাছত তেখেতে ভাৰতীয় ধ্ৰুপদী সংগীতক বিষয় হিচাপে লৈ এখনি তথ্যচিত্ৰ নিৰ্মাণ কৰে। তথ্যচিত্ৰখনত তেখেতে সংগীত উদ্যোগৰ বহুকেইগৰাকী প্ৰসিদ্ধ শিল্পীৰ জীৱন আৰু কৰ্ম সন্নিৱিষ্ট কৰে। এইখন তথ্যচিত্ৰ নিৰ্মাণ কৰিবলৈ শ্বেতাই ২০১২ চনৰ পৰা চাৰিটা বছৰধৰি কাম কৰে। তথ্যচিত্ৰখন শোভা মোদগল, এ. আৰ. ৰহমান, পণ্ডিত শিৱ কুমাৰ শৰ্মা, হৰিপ্ৰসাদ চৌৰাচিয়া, বিশাল ভাৰদ্বাজ, অমিত ত্ৰিবেদী, আমজাদ আলী খানকে ধৰি একাধিক গণ্য-মান্য শিল্পীয়ে সমৃদ্ধ কৰে। তথ্যচিত্ৰখনত ভাৰতীয় সংগীতৰ ইতিহাসভিত্তিক এটি দহমিনিটীয়া এনিমেশ্যনো সন্নিৱিষ্ট হয়। "ৰুটছ" নামৰ এই তথ্যচিত্ৰখন এতিয়া নেটফ্লিক্সত উপলব্ধ।[6] শ্বেতাই ২০০৮ চনত "কোথা বাংগাৰু লোকাম" নামৰ ছবিখনৰ জৰিয়তে তেলুগু ছবিত অভিষেক কৰে। তামিল, তেলুগু আৰু বঙালী ভাষাত শ্বেতাই সৰ্বমুঠ আঠখন ছবিত এতিয়ালৈকে অভিনয় কৰিছে। শ্বেতাই "দ্য টাছখেণ্ট ফাইলছ্" নামৰ এখন উৎকণ্ঠাপূৰ্ণ ড্ৰামা থ্ৰিলাৰ ছবিত এগৰাকী উদীয়মান সাংবাদিকৰ চৰিত্ৰ ৰূপায়ণ কৰে। ভাৰতৰ দ্বিতীয়গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ দেহাৱসানৰ ওপৰত আধাৰিত এই ছবিখনত শ্বেতাই কেন্দ্ৰীয় প্ৰটাগনিষ্টৰ ভূমিকা পালন কৰে। ছবিখনত আগবঢ়োৱা অভিনয়ৰ বাবে তেখেতে ইতিবাচক চৰ্চা আৰু প্ৰশংসা লাভ কৰে।[7] ২০১৯ চনৰ বক্স অফিচত এই ছবিখনে আশ্চৰ্যসূচকভাৱে সফলতা লাভ কৰে।[8] ছবিখন একেৰাহে পঞ্চাছ দিন চলে। বঁটা
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia