শীতলা
শীতলা বা আই (ইংৰাজী: Shitala) এগৰাকী হিন্দু দেৱী। তেওঁ ঘাঁ, ফুচুৰী, বসন্ত ৰোগ, পিশাচ আৰু ৰোগৰ অধিষ্ঠাত্ৰী দেৱী। ভাৰতীয় উপমহাদেশত শীতলাক বহুলভাৱে উপাসনা কৰা হয়।[1] তেওঁ দেৱী দুৰ্গাৰ অৱতাৰ আৰু আই ৰোগ আৰোগ্য কৰে বুলি বিশ্বাস কৰা হয়। হোলীৰ অষ্টম দিনা শীতলা অষ্টমীৰ দিনা তেওঁৰ পূজা কৰা হয়। অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান আই সবাহ তেওঁৰ উদ্দেশ্য পালন কৰা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগ বা আই ওলোৱাৰ সৈতে জড়িত। ইয়াৰ লগতে আই নাম নামৰ আধ্যাত্মিক লোকগীত সমূহো জড়িত।[2] স্কন্দ পুৰণৰ মতে যেতিয়া দেৱী সকলে দুৰ্গা দেৱীৰ বাবে এক যজ্ঞ অনুষ্ঠান কৰিছিল। সেই যজ্ঞৰ অগ্নিৰ পৰা দেৱী শীতলা বাহন গাধত বহি পানীৰে পূৰ্ণ পাত্ৰ আৰু ৰূপৰ ঝাড়ু এডাল লৈ আৱিৰ্ভাৱ হৈছিল। সেইসময়ত ভগৱান শিৱৰ ঘামৰ পৰা জ্বৰাসুৰৰ জন্ম হৈছিল আৰু সি গোটেই বিশ্বত ৰোগ বিয়পাইছিল। দেৱী শীতলাই জ্বৰাসুৰক পৰাস্ত কৰি নিজৰ সেৱক হিচাপে গ্ৰহণ কৰিছিল আৰু পৃথিৱীক ৰোগৰ পৰা মুক্তি দিছিল। অসমত প্ৰচলিত শীতলা নাম অনুসৰি মনসা দেৱীৰ নাভিমূলৰ পৰা তেওঁৰ উৎপত্তি হৈছিল আৰু তেওঁ বৃষভ বাহনা।[2] নামৰ উৎপত্তিসংস্কৃতত শীতলাৰ আক্ষৰিক অৰ্থ হৈছে "শীতল হোৱা। " ভাৰতীয় উপমহাদেশৰ বিভিন্ন প্ৰান্তত বিভিন্ন নামৰ অধীনত শীতলাৰ উপাসনা কৰা হয়। শীতলাক প্ৰায়ে মা, আই আৰু মাতা 'মাতৃ' বুলি কোৱা হয় আৰু হিন্দু, বৌদ্ধ আৰু জনজাতীয় সম্প্ৰদায়ৰ দ্বাৰা উপাসনা কৰা হয়। তান্ত্ৰিক আৰু পৌৰাণিক সাহিত্যত তেওঁৰ উল্লেখ পোৱা যায়। স্থানীয় গ্ৰন্থসমূহে তেওঁৰ স্থিতি শক্তিশালী কৰাত অৰিহণা যোগাইছে।[3] শীতলা মুখ্যতঃ উত্তৰ ভাৰতৰ অঞ্চলত বেছি জনপ্ৰিয়। কিছুমান পৰম্পৰাত তেওঁক শিৱৰ পত্নী পাৰ্বতীৰ এক অৱতাৰ হিচাপে গণ্য কৰা হয়। শীতলাক ঋতুকালীন বসন্ত দেৱী হিচাপে আৰু ঠাকুৰাণী, জগৰাণী, কৰুণাময়ী, মংগলা, ভাগৱতী, দয়াময়ী আদি সন্মানীয় উপাধিৰে সম্বোধন কৰা হয়।[4] দক্ষিণ ভাৰতত তেওঁক মৰিআম্মা হিচাপে উপাসনা কৰা হয়। হাৰিয়ানা ৰাজ্যৰ গুৰুগ্ৰামত তেওঁক গুৰু দ্ৰোনাচাৰ্যৰ পত্নী কৃপি বুলি গণ্য কৰা হয় আৰু তাত অৱস্থিত শীতলা মাতা মন্দিৰত উপাসনা কৰা হয়।[5] অসমত তেওঁক আই হিচাপে বসন্ত ৰোগৰ অধিষ্ঠাত্ৰী দেৱী হিচাপে উপাসনা কৰা হয়।[2] শীতলা পূজাদেৱী শীতলাৰ উপাসনা ব্ৰাহ্মণ আৰু পূজাৰী দুয়োৰে দ্বাৰা পৰিচালনা কৰা হয়। তেওঁক মুখ্যতঃ শীত আৰু বসন্তৰ শুকান ঋতুত উপাসনা কৰা হয়। ইয়াক শীতলা চটাম বুলি জনা যায়। মা শীতলাৰ পূজাৰ বাবে বহুতো আৰতি সংগ্ৰাহ আৰু স্তুতি আছে। তাৰে ভিতৰত কিছুমান হৈছে শ্ৰী শীতলা মাতা চালিচা, শীতলা মাৰ আৰতি, আৰু শ্ৰী শীতলা মাতা অষ্টক। অসমত পৰম্পৰাগত ৰীতি-নীতিৰে শীতলা দেৱীৰ উদ্দেশ্য আই সবাহ পালন কৰা হয়। আই সবাহত প্ৰচলিত ভক্তিমূলক গীত সমূহক আই নাম বোলে।[6] ৰূপশীতলা দেৱীক কুমাৰী হিচাপে প্ৰতিনিধিত্ব কৰা হয়। তেওঁৰ বাহন হৈছে গাধ। এই গাধ স্কন্দ পুৰাণ অনুসৰি জ্বৰাসুৰ। তেওঁৰ এখন হাতত বীজাণু বিয়পোৱা এডাল চুটি ঝাড়ু থাকে আৰু মাহেৰে পৰিপূৰ্ণ পাত্ৰ বা ঠাণ্ডা পানী থাকে। নিম্ন জাতিৰ হিন্দু আৰু জনজাতীয় সম্প্ৰদায়ৰ ভিতৰত তেওঁক শিলৰ ছটাৰ দৰে মুৰৰ সৈতে চিত্ৰায়ণ কৰা হয়। কেতিয়াবা তেওঁক নিমৰ ডাল লৈ থকা চিত্ৰিত কৰা হয়। নিম এবিধ প্ৰাচীন কালৰ পৰা সমগ্ৰ ভাৰতত ব্যৱহৃত এক ঔষধি ভেষজ। ইয়াক কিছুমানে আজিলৈ বেছিভাগ ছালৰ ৰোগৰ এক কাৰ্যকৰী প্ৰতিকাৰ বুলি বিশ্বাস কৰে। শীতলা হৈছে লোক কাত্যায়নীৰ ৰূপ। তেওঁ জ্বৰৰ ৰোগীসকলক শীতলতা প্ৰদান কৰে। দেৱী মহাত্যমৰ মতে যেতিয়া জ্বৰাসুৰ নামৰ এজন দানৱে সকলো শিশুক জ্বৰৰ কৱলত পেলাইছিল, দেৱী কাত্যায়নী শিশুৰ তেজ শুদ্ধ কৰিবলৈ আৰু তেজত জ্বৰৰ বীজ ধ্বংস কৰিবলৈ শীতলা ৰূপত আৱিৰ্ভাৱ হৈছিল। তেওঁক কেতিয়াবা জ্বৰ দানৱ জ্বৰাসুৰৰ সৈতেও দেখুওৱা হয়। ছালৰ ৰোগৰ ঈশ্বৰ ঘেণ্টু-বিবাত; ৰক্তসংক্ৰমণ আৰু চৌষট্টি মহামাৰীৰ দেৱী ৰক্তবতী আৰু প্ৰায়ে আন এগৰাকী ৰোগৰ দেৱী ওলাদেৱীৰ সৈতে উপাসনা কৰা হয়।[7] তেওঁক ত্ৰিশূল, ঝাড়ু, চক্ৰ, পানীৰে ভৰা পাত্ৰ, নিম, তৰোৱাল, শংখ আৰু অভয় মুদ্ৰা ধৰি অষ্টভূজা ৰূপত সিংহাসনত প্ৰতিষ্ঠিত কৰা হয়। লগতে তেওঁৰ বাহন দুটা গাধ থাকে। এই বিৱৰণীয়ে তেওঁক সুৰক্ষা, সৌভাগ্য, স্বাস্থ্য আৰু শক্তিৰ দেৱী হিচাপে প্ৰতিষ্ঠা কৰিছে।[8] অসমত প্ৰচলিত কবি জয়ৰাম দাসৰ শীতলা নাম অনুসৰি দেৱী বিবস্ত্ৰা, অলংকাৰ শোভিতা আৰু বৃষভবাহনা। নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী। আই সবাহত এই গোটেই গৰাকী দেৱীৰ উপাসনা কৰা হয়। বৌদ্ধ ধৰ্মত উল্লেখতিব্বতীয় বৌদ্ধ সংস্কৃতিত জ্বৰাসুৰ আৰু শীতলাক কেতিয়াবা ৰোগৰ বৌদ্ধ দেৱী পৰনাচাবাৰীৰ সংগী হিচাপে দেখুওৱা হয়। জ্বৰাসুৰ আৰু শীতলাক তেওঁৰ ক্ৰমান্বয়ে সোঁ আৰু বাওঁফালে দেখুৱা হয়। লগতে চাওকটোকা
তথ্য উৎস
|