আই সবাহ
আই সবাহ অসমীয়া লোকসকলে অনুষ্ঠিত কৰা উৎসৱ-পাৰ্বন সমূহৰ ভিতৰত এক বিশেষ অনুষ্ঠান। আই সবাহক শীতলা সবাহ বুলিও কোৱা হয়। এই সবাহ সাধাৰণতে এক লোক ৰীতি। যি বসন্ত ৰোগৰ বা আই ওলোৱাৰ সৈতে জড়িত। এই সবাহত অৰ্চনা কৰা দেৱী গৰাকী হ'ল শীতলা।[1] পালনৰ কাৰণসাধাৰণতে অসমৰ গাঁও অঞ্চলত এই ৰীতিৰ প্ৰচলন পুৰণিকালৰ পৰাই হৈ আহিছে। কোনো কোনো ঠাইত কোনো কোনো লোকৰ ঘৰত আইসবাহ বছৰেকীয়া কৰ্ম হিচাপেও পালন কৰে। অসমত ফাগুন-চ'ত মাহত পছোৱা বতাহ বয়[2] আৰু ধূলিৰে বায়ুমণ্ডল উপচি পৰে। তাৰ লগে লগেই গ্ৰীষ্মৰো আগমন ঘটে, ধূলি, গৰম আৰু বৰষুণে আৱৰা এই বতৰতেই অসমত বসন্ত ৰোগৰ মানুহৰ শৰীৰত দেখা দিয়ে।[3] বসন্ত ৰোগ আই তথা আদ্যশক্তি গোঁসানীৰ দান, বসন্ত আইৰেই এক ৰূপ-এই বিশ্বাসেৰেই বসন্ত ৰোগৰ ভয়াৱহতাক সাধাৰণ অসমীয়া মানুহে এক স্বৰূপ প্ৰদান কৰি আহিছে।[3] আইৰ প্ৰকাৰআধুনিক চিকিত্সা বিজ্ঞানৰ মতে বসন্ত বা আই ঘাইকৈ তিনি বিধ-বৰ আই, মাজু আই আৰু সৰু আই।[4] কিন্তু অসমীয়া লোক বিশ্বাস মতে আই সাত গৰাকী। উজনি অসমত প্ৰচলিত আইনামত আছে- 'উজাইয়ে আহিলে আইৰে সাতেজনী সাতালি পৰ্বত জুৰি।' নামনি অসমত প্ৰচলিতা আই নামত আই দহ গৰাকী অথবা বাৰ গৰাকী-শীতলা আই, তিলেনী আই, পানীমলা, ৰংমলা, বাঁহামুৰী, লাভামুৰী,পানীচমেৰী, ধনমালা, মৰুৱা, কাহুৰী, কেটেৰী, হাগুৰী। ৰীতি-নীতি
অসমীয়া মানুহৰ ঘৰৰ কোনোবাজনৰ আই দেখা দিলেই গোটেই ঘৰৰ লোক সকল সজাগ হয়। লগে লগে ঘৰত তাঁতবোৱা, ঢেঁকী দিয়া,ঘৰত বেচি চিঞৰ বাখৰ কৰা, নাচ-গান, হুলস্থূল কৰা আদি নিষেধ কৰি আইৰ প্ৰতি শ্ৰদ্ধা ভক্তি আৰু সমীহ কৰা হয়। পদূলি-চোতাল সাৰি-মচি, ঘৰ-দুৱাৰ মচি-কাচি ৰোগীৰ শয্যাত ধোৱা পৰিষ্কাৰ কাপোৰ পাৰি দিয়া হয়।[4] সেই শয্যাত মাহনিমৰ পাত ৰখাও নিয়ম। শোটা, বাঢ়নী, মেখেলা, চুৰিয়া আদি চুৱা হাতেৰে আই ওলোৱাজনক কেতিয়াও স্পৰ্শ কৰিব নাপায়- তেনে ভুল হলে আইৰ দোষ লাগি ঘাটি লাগে বুলি ভৱা হয়। গোটেই ঘৰ ধূপ-ধূণাৰ গোন্ধৰে আমোলমোলাই ৰাখিব লাগে। ৰোগীৰ শয্যাৰ কাষত আগলি কলাপাতৰ ওপৰত ৰখা শৰাই বা বটা এখনত তগৰ, খৰিকাজাই, গোলাপ আদি বগা ফুল সজাই থব লাগে। ওচৰতে এখন সৰু তামোলী পীৰা বগা কাপোৰেৰে সজাই আসন পাতি তাৰ ওপৰত ঘট এটিত এঘট পানী আৰু আমপাত দি, ঘটত এঁৱাসূতা আৰু সেন্দূৰৰ ফোট দি থোৱা নিয়ম আছে। ওচৰতে এগছ মিঠাতেলৰ বন্তি আৰু থুৰীয়া তামোল ৰাখিব লাগে। এই আসন আই নোযোৱা পৰ্যন্ত অৰ্থাত্ ঘৰত আই শেষ নোহোৱালৈকে ভাঙিব নেপায়। পুৱা-গধূলি এই আসনৰ ওচৰতে পুথি পঢ়িব বা নাম গাব লাগে। আই দেখা দিয়াৰ লগে লগেই ঘৰৰ মূল এগৰাকী মানুহে গা ধুই শুদ্ধ বস্ত্ৰ পিন্ধি অথবা তিতা কাপোৰেৰে গোসাঁই ঠাই মচি, গৰু ঘিঁউ বা মিঠাতেলৰ বন্তি এগছি জ্বলাই আগগুৰি কটা তামোল-পাণ আৰু পইচা আঠ অনা বা এটকা টোপোলা বান্ধি আইলৈ বুলি আগবঢ়াই মনতে আই সমবাহ বা শীতলা পূজা কৰিম বুলি সঙ্কল্প কৰে আৰু আই সুপ্ৰসন্না হৈ সন্তানক দয়া কৰি যাব লাগে বুলি প্ৰাৰ্থনা জনাই সেই টোপোলা গোসাঁই থপনাত থৈ দিয়ে। শীতলা পানী বা শীতলাৰ দোল জাৰি দিব জনা মানুহৰ হতুৱাই জাৰি আনি ৰোগীৰ গাত দিলে ৰোগীয়ে শান্তি অনুভব কৰে। শীতলা মন্ত্ৰৰে জাৰি দিয়া পানী ৰোগীৰ মূৰৰ পৰা তললৈ সময়ে সময়ে সানি দিলে গা শীতল পৰে আৰু আই সন্তুষ্ট হয়। আই কমিলে শীতলা মন্ত্ৰপূত কৰ্পূৰ মিহলি নাৰিকল তেল সানি দিলে আইৰ চোকোৰা সোনকালে, দুখ নিদিয়াকৈ, বেছি খজুৱতি নোহোৱাকৈ সৰি পৰে। শীতলা পূজা কৰিম বুলি মনত ভাবিলে সেই পূজা পুৰোহিতৰ দ্বাৰা মন্দিৰত, আইথানত বা ঘৰতে পতা হয়। এই পূজা সাধাৰণতে পুৱাবেলাহে পাতে। তামৰ ঘটত পানী তুলি ঘট স্থাপন কৰি, মাহ-প্ৰসাদ আৰু বগা পাৰৰ নৈবেদ্য উৰ্চগা কৰি শীতলা পূজা পতা হয়। শীতলাৰ নামত মন্দিৰত বগা পাৰ উৰাই দিয়া নিয়ম আছে। সাধাৰণতে শীতলা পূজাৰ সলনি আইসবাহেই বেছিকৈ পাতে। আই দেখা দিয়াৰ তৃতীয় দিনত, সপ্তম দিনত, নৱম দিনত গৃহস্থৰ সুবিধা অনুযায়ী এই সবাহ পতা হয়। সাধাৰণতে আই দেখা দিয়াৰ তিনিদিনত এঁৱা ছোৱালী তিনিগৰাকী, পাঁচগৰাকী বা সাতগৰাকীক ভক্তি ভাবেৰে শুদ্ধভাবে আছুতীয়াকৈ প্ৰস্তুত কৰা ভোগ ৰোগীৰ কাষত বা গোসাঁই ঘৰত আগলি কলপাতত দি খুওৱা হয়। লগতে আই দেখা দিয়া জনকো একেলগে খাৱলৈ দিয়া হয়। তেওঁলোকক থুৰীয়া তামোল দুখনিকৈ কাটি দিয়া হয় আৰু বগা ফুল কলপাতৰ আগত সজাই দিয়া হয়। নৈবেদ্য আগবঢ়়োৱা গৰাকীয়ে আইক প্ৰাৰ্থনা কৰে যাতে এই নৈবেদ্য গ্ৰহণ কৰি আই সন্তুষ্ট হয়। আই সবাহ সাধাৰণতে আবেলি তিনিমান বজাৰ পৰা সন্ধিয়ালৈকে হয়। গোসাঁইঘৰ থাকিলে গোসাঁই ঘৰতে নহলে মাৰলঘৰ বা চৰা ঘৰতে কোঠা এটি ধুই-মচি পৰিষ্কাৰ কৰি তাত আগলি কলাপাতৰ ওপৰত এগছি বন্তি, শৰাই ভৰা বগাফুল থৈ ধূপ-ধূণা জ্বলাই দিয়া হয়। মগু, বুট, কল, কুঁহিয়াৰ, নাৰিকল, অমিতা আদি ফল-মূল, থুৰিওৱা তিনিখনি তামোল, অকণমান আৰৈ চাউল দি সজোৱা প্ৰতিখনি শৰাইতে আৰৈ চাউলৰ কেঁচা পিঠাগুড়িৰ মিঠৈও দিয়া হয়। এই সকলোবিলাক অতি পৰিষ্কাৰ-পৰিচ্ছন্ন ভাবে, আচুতীয়াকৈ, ধোৱা কানি-কাপোৰ পিন্ধা, কাকো স্পৰ্শ নকৰা তিৰোতা মানুহে কৰে। মচা-কোচা ঠাইত ধোৱা কলপাতৰ ওপৰত শৰাই থৈ শৰাইখন আকৌ আগলি কলপাত বা ফুলজালি কটা কলপাত দি ঢাকি দিয়া হয়। শৰাই তিনিখনি বা পাঁচখনি সজোৱা হয়। আই ওলোৱাজনৰ কাহ থাকিলে কাহুৰী আইৰ প্ৰতি কঠালপাত সাত, ন, বা এঘাৰ খিলাত জালুক, নিমখ দিয়া শুকান কৰাইগুড়ি আৰু মাহ-প্ৰসাদ আগবঢ়োৱা হয়। আদ্যশক্তি মহামায়াই আই ভগৱতী। আইৰ কাৰণে শৰাই সঁফুৰা সজাই, ভক্তিভাবে গোপিনীসকল গোট খাই সেৱা কৰি আইৰ নাম ললেই আই সন্তুষ্ট হয়। আইৰ নাম গোৱাৰ লগে লগে সকলো ভয় শঙ্কা আঁতৰি যায়, মন যুৰ পৰি যায়। আইৰ নামৰ শুকুলা পিঠাগুড়ি আগবঢ়াই গোপিনীয়ে দোষ ক্ষমাবলৈ সন্তানক উদ্ধাৰ কৰিবলৈ প্ৰাৰ্থনা জনায়। তিনিটা, পাঁচোটা বা সাতোটা নাম গোৱাৰ পাছত সন্তানৰ হৈ মাতৃয়ে, স্বামীৰ হৈ স্ত্ৰীয়ে বা আপোনজনে লোণ, অৰিহণা আৰু তামোল-পাণ শৰাইত থৈ আঁঠুকাঢ়ি, গলবস্ত্ৰ হৈ সেৱা কৰে। একেঘৰতে বা একেজনৰে গাত বহুদিনলৈ আই থাকিলে বাঁহৰ মূঢ়াৰ ওচৰত পায়সৰ ভোগ দিবলৈ বিধান দিয়ে।[5] আইনামপ্ৰধান প্ৰবন্ধ: আইনাম
আই সবাহৰ প্ৰধান আকৰ্ষণ হৈছে আইনাম সমূহ। এই আইনাম সমূহ পূৰ্বৰ পৰা মানুহৰ মুখে মুখে চলি অহা কিছুমান গীত। বৰ্তমান এই গীত সমূহক চপা আকাৰত প্ৰকাশ কৰা হৈছে। সবাহলৈ অহা গোপিনী সকলে সমস্বৰে এই আই নাম সমূহ গাই-
আই বা শীতলা দেৱীৰ সাত বাই-ভনীৰ আগমনত ভক্ত বা নামতীসকলৰ কল্পনাত প্ৰকৃতিৰ পৰিৱৰ্তন আৰু সৌন্দৰ্য পৰিস্ফূত হয়। ইয়াত আয়তীসকলৰ আত্মসমৰ্পণৰ ভাৱ, ভক্তি প্ৰকাশ পাই। [6]
যি অনুষ্ঠানসমূহক ভেটি কৰি এই গীতবোৰ ৰচিত হৈছে সেই অনুষ্ঠানবোৰ প্ৰাচীন হলেও মুখে মুখে আহি গীতবোৰৰ ভাষা আধুনিক হৈছে।[6] আইনামসমূহৰ মাজত পিছলাৰ ঘাট, ফুলবাৰীৰ দেওঘৰ আদিৰ নাম সততে উল্লেখ পোৱা যায়। পিছলা নৈৰ পাৰৰ কথা দেৱীমন্দিৰৰ কথা ৱেড চাহাবেও উল্লেখ কৰি থৈ গৈছে। উত্তৰ লখিমপুৰৰ এই পিছলা নৈ আৰু ফুলবাৰী থানত এসময়ত আই পূজাৰ কেন্দ্ৰস্থল আছিল।[7] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia