মহাপুৰুষ (চলচ্চিত্ৰ)
মহাপুৰুষ হৈছে ২০১৪ চনৰ ২৯ আগষ্ট তাৰিখে মুক্তি লাভ কৰা এখন অসমীয়া চলচ্চিত্ৰ। 'জয়গুৰু চিনে প্ৰডাক্চন'ৰ বেনাৰত বোলছবিখনৰ প্ৰযোজনা দিলীপ কুমাৰ বৰুৱাৰ আৰু পৰিচালনা ব্ৰজেন বৰাৰ। পৰিচালক ব্ৰজেন বৰাই চলচ্চিত্ৰখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু গীতৰ কথা ৰচনা কৰাৰ উপৰিও মুখ্য চৰিত্ৰত অভিনয়ো কৰে। চেলুলয়ডত নিৰ্মিত এইখন অন্তিম অসমীয়া চলচ্চিত্ৰ। এই বোলছবিখন প্ৰায় এক দশকধৰি মুক্তিৰ অপেক্ষাত থাকি ২০১৪ চনত মুক্তি লাভ কৰে। ছবিখনত অনুকুল ঠাকুৰৰ ভাব-আদৰ্শ দেখুওৱা হৈছে। ঝাৰখণ্ডৰ দেওঘৰত অনুকুল ঠাকুৰৰ পৰিনাতি বিনকিদাই ছবিখনৰ শুভাৰম্ভ কৰিছিল।[1]
অভিনয়ত
কলা-কুশলী
সংগীতমহাপুৰুষ চলচ্চিত্ৰখনৰ সংগীত পৰিচালক অভি-ৰূপম আৰু গীতিকাৰ ব্ৰজেন বৰা। গীতসমূহত কণ্ঠদান কৰে জুবিন গাৰ্গ, মিতালী চৌধুৰী আদিয়ে।[1] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|