বৰ্মণ বংশ (ইংৰাজী: Varman dynasty) খ্ৰীষ্টীয় চতুৰ্থ শতিকাৰ মাজভাগত পুষ্যবৰ্মা নামৰ ৰজা এজনে কামৰূপত প্ৰতিষ্ঠা কৰে।[2][3] এই বংশই ৩৫০ খ্ৰীষ্টাব্দৰ পৰা ৬৫০ খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰিছিল। এই বংশ সেই সময়ৰ গুপ্ত বংশৰ সমসাময়িক আছিল।
বংশ
তেওঁলোকক কেতিয়াবা নৰক বংশৰ বুলি কোৱা হয়। কাৰণ, তেওঁলোকৰ বংশৰ তথ্যসমূহ নৰকাসুৰ, ভগদত্ত আৰু বজ্ৰদত্তৰ লগত সাদৃশ্য দেখা যায়।[4]
ৰজাসকল
পুষ্যবৰ্মা মগধৰ বিখ্যাত ৰজা সমুদ্ৰগুপ্তৰ সমসাময়িক আছিল।[3] তেওঁ সমুদ্ৰগুপ্তৰ লগত মিত্ৰতা কৰি তেওঁক ৰাজ চক্ৰৱৰ্তী বুলি স্বীকাৰ কৰিছিল। বৰ্মণ বংশী ৰজাসকলৰ মাজত ভাস্কৰ বৰ্মাই প্ৰসিদ্ধ আছিল। পুষ্যবৰ্মা আৰু ভাস্কৰ বৰ্মাৰ মাজত এই বংশৰ এঘাৰজন ৰজাই ৰাজত্ব কৰিছিল।[3] ৰজাসকলৰ নাম একাদিকক্ৰমে হৈছে:
বৰ্মণ বংশৰ পতন
বৰ্মণ বংশৰ পতন হোৱাৰ পাছত সপ্তম শতিকাৰ মাজভাগত শালস্তম্ভ নামৰ ৰজা এজনে শালস্তম্ভ বংশ প্ৰতিষ্ঠা কৰে।[6]
গ্ৰন্থ
- Sharma, Mukunda Madhava (1978). Inscriptions of Ancient Assam. Gauhati University, Assam.
তথ্য সংগ্ৰহ
- ↑ * Prakash, Col Ved, Encyclopedia of North-East India
- ↑ (Sharma 1978, পৃষ্ঠা xxix)
- ↑ 3.0 3.1 3.2 ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৬.
- ↑ (Sharma 1978, পৃষ্ঠা xxix)
- ↑ Though there exists no direct evidence, there are indirect evidence of a king who ruled for a short period after Bhaskarvarman, but was ousted by Salasthamba (Sharma 1978, পৃষ্ঠা xxxi-xxxii)
- ↑ ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ১৯.