বসন্ত ঋতুবসন্ত ঋতুৰ আগমন (ওপৰৰ পৰা দক্ষিণাবৰ্তে): অসমৰ হাবিত ফুলা কপৌ ফুল; ব'হাগ বিহুৰ সময়ত অসমৰ ডেকা-গাভৰুৰ বিহু নৃত্য; খ্ৰীষ্টান ধৰ্মামম্বীসকলৰ ইষ্টাৰ উদযাপন; কানাডাৰ পথত ফুলা চেৰি ফুল
বসন্ত ঋতু (ইংৰাজী: Spring) ছয় ঋতুৰ শেষ ঋতু। ফাগুন মাহৰ শেষ ভাগৰ পৰা আৰম্ভ হৈ সম্পূৰ্ণ চ'ত আৰু ব'হাগ মাহৰ প্ৰায় শেষলৈকে বসন্ত কাল অনুভূত হয়। গ্ৰীষ্ম মণ্ডলটো সূৰ্যৰ সমুখলৈ ঢাল খোৱা বাবে গ্ৰীষ্মমণ্ডলৰ ঠাই সমূহত এই সময়ত উত্তাপ লাহে লাহে বৃদ্ধি হয় আৰু দুই এজাক পাতলীয়াৰ পৰা মজলীয়া ধৰণৰ বৰষুণ হয়। এই ঋতুত গছত কুঁহি পাত ওলায় আৰু বিভিন্ন ধৰণৰ ফুল ফুলে। গছ-গছনি ফলে-ফুলে জাতিষ্কাৰ হৈ পৰে। এই সময়ত শীতকালত শীতনিদ্ৰা কৰা জীৱ সমূহ সাৰ পায়। এই সময়ত বহু জীৱ-জন্তু যৌন মিলনত লিপ্ত হৈ বংশ বৃদ্ধিৰ বাবে তৈয়াৰ হয়। এই সময়ত অসমৰ হাবিত কুলি-কেতেকীৰ মাত শুনিবলৈ পোৱা যায়। কপৌ ফুলৰ দৰে বিভিন্ন প্ৰজাতিৰ অৰ্কিড ফুলিবলৈ আৰম্ভ কৰে। বিভিন্ন অঞ্চলত এই সময়ত বসন্ত উৎসৱ পালন কৰা দেখা যায়। অসমত এই সময়ত বহাগ বা ৰঙালী বিহু পালন কৰা হয়। প্ৰকৃতিৰ মনোমোহা ৰূপৰ বাবে এই ঋতুক ঋতুৰাজ বসন্ত বুলিও কোৱা হয়।[1] প্ৰাকৃতিক লক্ষণসমূহবতৰ বিজ্ঞানী সকলে কোনো এক জলবায়ু ক্ষেত্ৰক আন্তৰ্জাতিক পদ্ধতিৰে মুঠ চাৰিটা ঋতুত ভাগ কৰিছে। সেয়া হ'ল বসন্ত ঋতু, গ্ৰীষ্ম ঋতু, শৰৎ ঋতু আৰু শীত ঋতু। এই ঋতুসমূহ মাহৰ আধাৰত বিভক্ত। প্ৰতিটো ঋতুৱে তিনিটাকৈ মাহক প্ৰতিনিধিত্ব কৰে। সেয়ে হ'লেও অসমীয়া লেখৰে মুঠ ঋতু ছটা হোৱা বাবে প্ৰতিটো ঋতুৱে দুটা মাহক সামৰি লয়। দুটা সকলোতকৈ গৰম মাহ গ্ৰীষ্ম ঋতুৰ অন্তৰ্ভুক্ত, একেবাৰে শীতল দুই মাহ শীত ঋতুৰ অন্তৰ্ভুক্ত হোৱাৰ বিপৰীতে গৰম ঠাণ্ডাৰ সমতাৰ সময় খিনিতে বৰ্ষা, শৰৎ, হেমন্ত, আৰু বসন্ত ঋতু অনুভূত হয়। ঠাই বিশেষে এই ঋতু সমূহ বিভিন্ন তিথিত আৰম্ভ হয়। আমেৰিকা আৰু ব্ৰিটেইনৰ লোকে মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়ত বসন্ত ঋতু অনুভৱ কৰে।[2][3] নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াত বসন্ত ঋতু পাৰম্পৰিক ৰূপত ১ ছেপ্টেম্বৰত আৰম্ভ হৈ ৩০নৱেম্বৰৰ ভিতৰত শেষ হয়।[4][5] গোলকীয় কেলেণ্ডাৰ অনুসৰি আয়াৰলেণ্ডত ফেব্ৰুৱাৰী, মাৰ্চ আৰু এপ্ৰিল মাহ বসন্ত কালৰ সময়।[6][7][8][9] উত্তৰ গোলাৰ্ধৰ দেশ কিছুমানৰ লোকসংস্কৃতিত মহাবিষুৱৰ দিনটোক (১৯ আৰু ২১ মাৰ্চৰ ভিতৰৰ)[10] বসন্তৰ প্ৰথম দিন বুলি ধৰা হয় উত্তৰায়ণৰ দিনটোক গ্ৰীষ্মৰ প্ৰথম দিন হিচাপেধৰা হয়। পাৰ্চীয়ান পৰম্পৰা অনুসৰি বসন্তৰ প্ৰথম দিনটোক বছৰ আৰম্ভণিৰ প্ৰথম মাহৰ প্ৰথম দিন বুলি ধৰা হয়। চীন দেশৰ পৰম্পৰাগত কেলেণ্ডাৰত বসন্ত ঋতু লি্ চুন (৩-৫ ফেব্ৰুৱাৰী)ৰ দিনত আৰম্ভ হয়, চুন্ ফেন (২০-২২ মাৰ্চ)ত মধ্যভাগ পাই আৰু লিচ্ য়া (৫-৭ মে')ত শেষ হয়। দুপৰীয়াৰ সূৰ্যৰ পোহৰ তাপৰ ওপৰত নিৰ্ভৰ কৰি কেল্টিক পৰম্পৰাত ফেব্ৰুৱাৰীৰ আগভাগত আৰম্ভ হৈ বসন্ত ঋতু মে'ৰ আগভাগলৈ চলে। ভাৰত তথা অসমত বসন্ত ঋতুৰ সময় মাৰ্চ আৰু এপ্ৰিল মাহ। গড় হিচাপে এই সময়ৰ তাপমাত্ৰা প্ৰায় ৩২° চেলচিয়াছ।[11] বসন্ত ঋতুৰ সময়ত অসমৰ হাবিত নানাবিধ অৰ্কিড ফুলা দেখা যায়। ইয়াৰ লগতে এই সময়ত অসমৰ মাটিত গজা আৰু ফুলা কেতেকী, নাহৰ আৰু তগৰ ফুলো আন তিনিবিধ সুগন্ধি ফুল। প্ৰায় সকলোবোৰ গছৰে নতুন পাত ওলাই, বৰষুণ আৰম্ভ হয় আৰু বতাহৰ গতিবেগ বাঢ়ে। এই সময় চোৱাত অসমৰ হাবিত বিশেষকৈ কুলি আৰু কেতেকীৰ শুৱলা মাত শুনিবলৈ পোৱা যায়। এই সময় খেতিৰ প্ৰস্তুতিৰ সময়। এই ঋতুৰ আৰম্ভণিতে দ-মাটিৰ বাবে বাওঁ ধান সিঁচা হয় আৰু শেষৰ ফালে ৰাইজে কঠীয়া সিঁচাৰ কাম আৰম্ভ কৰে। বিশেষকৈ যিবোৰ ধানৰ কৃষি কাল দীঘলীয়া অৰ্থাৎ কঠীয়া ৰোৱাৰ পৰা চপোৱালৈকে ৫ মাহমান সময় লাগে, সেইবোৰ জাতৰ বীজ এই ঋতুৰ ভিতৰতে সিঁচিব লাগে। উৎসৱ-পাৰ্বন![]() বসন্ত ঋতুৰ সময়ত বিভিন্ন উৎসৱ আদি উদযাপন কৰা হয়:
বসন্ত কালত ফুলা ফুলবসন্ত কালত অসমৰ হাবিত বিভিন্ন ফুলৰ পয়োভৰ লক্ষ্য কৰিব পাৰি: চিত্ৰ সম্ভাৰ
উৎপাদিত ফল আৰু পাচলি![]() বসন্ত কালত অসমৰ খেতিয়কে কম পৰিমাণৰ পানী প্ৰয়োজন হোৱা পাচলি যেনে: ভেণ্ডি,জিকা, তিতা কেৰেলা, তিঁয়হ, স্কোৱাছ, জাতিলাও, ৰঙালাও, লেচেৰা মাহ, বিলাহী, চজিনা, বীণ ইত্যাদিৰ খেতি কৰে। এই সমূহৰ লগতে সেউজীয়া শাক যেনে: খুঁতৰা, মৰলীয়া, ভতুৱা, জিলমিল, ধনীয়া ইত্যাদি আৰু ফলমূলৰ ভিতৰত বগৰী,তৰমুজ, চিৰাল আদি উপলব্ধ হয়। এই সময়ত আমে মলিয়াই আৰু কঁঠালে মুচি পেলাই। বসন্তৰ শেষলৈ আম-কঠাল খাব পৰা হয়। তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia