বনশ্ৰী সেনগুপ্ত
বনশ্ৰী সেনগুপ্ত (ইংৰাজী: Banasree Sengupta) ভাৰতীয় গায়িকা আছিল। তেওঁ ১৯৮৬ত তৎকালীন চোভিয়েট সংঘৰ সঙ্গীত মঞ্চত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া ভাষাত গীত গাইছে।[1][2][3][4][5][6] ব্যক্তিগত জীৱনসেনগুপ্তৰ জন্ম হুগলিৰ চুঁচুড়াত হৈছিল।[2][3][4] তেওঁ আনুমানিক জন্মবৰ্ষ ১৯৪৬।[1] তেওঁৰ দেউতাক শৈলেন্দ্ৰনাথ ৰায় এগৰাকী উচ্চাঙ্গ সঙ্গীত শিল্পী আছিল। বনশ্ৰী সেনগুপ্তই শান্তি সেনগুপ্তৰ সৈতে বিয়া হৈ কলকাতালৈ গুচি আহিছিল।[5] সঙ্গীত জীৱনসেনগুপ্তই প্ৰথমে তেওঁৰ দেউতাকৰ পৰা সঙ্গীতৰ শিক্ষাগ্ৰহণ কৰে। পৰৱৰ্তী কালত সুধীন দাশগুপ্তৰ ওচৰত সুদীৰ্ঘ ২০ বছৰ তালিম লয়। তেওঁ সুধীন দাশগুপ্ত, প্ৰবীৰ মজুমদাৰ,নীনা সেন, সাগৰুদ্দিন খান, সন্তোষ সেনগুপ্ত, দীনেন্দ্ৰ চৌধুৰী আদি বিশিষ্ট সঙ্গীত শিল্পীৰ সৈতে কাম কৰিছে।[6] ১৯৬৬ চনত তেওঁ প্ৰথম কণ্ঠশিল্পী হিচাপে আত্মপ্ৰকাশ কৰে। তেওঁ অসংখ্য গীত গাইছে। ষাঠি আৰু সত্তৰৰ দশকত তেওঁ বহুতো জনপ্ৰিয় গীত উপহাৰ দিছে। তেওঁ বঙালী, হিন্দী, ভোজপুৰী, ওড়িয়া আৰু অসমীয়া চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী হিচাপে কাম কৰিছে।[2][6] সেনগুপ্তই গীত গোৱা কেইখনমান বঙালী আৰু হিন্দী ছবি হ'ল- ছুুুটি (১৯৬৭), নিমন্ত্ৰণ (১৯৭১), বিন্দুৰ ছেলে (১৯৭৩), প্ৰান্তৰেখা (১৯৭৪), ৰোঁ ভৰা বসন্ত (১৯৭৪), দুুুুলহন ৱহি জো পিয়া মন ভায়ে (১৯৭৭), সানাই (১৯৭৭), এক যে ছিল দেশ (১৯৭৭), ন্যায় অন্যায় (১৯৮১), আলোয় ফেৰা (১৯৮৫), বিদ্ৰোহী (১৯৮৭), অঞ্জলি (১৯৮৮), ছন্দনীড় (১৯৮৯), পথ ও প্ৰাসাদ (১৯৯১), নটী বিনোদিনী (১৯৯৪), বড় বৌ (১৯৯৭), ইত্যাদি।[6] তেওঁ গোৱা কিছু বিখ্যাত গীত হ'ল – আজ বিকেলেৰ ডাকে তোমাৰ চিঠি পেলাম, আমাৰ অঙ্গে জ্বলে ৰংমশাল, ছি ছি ছি এ কী কাণ্ড কৰেছি, দূৰ আকাশে তোমাৰ সুৰ, আমাৰ আঁধাৰ ঘৰেৰ প্ৰদীপ, সুন্দৰ বনে সুন্দৰী গাছ, খুশিয়া হি খুশিয়া, ইত্যাদি। তেওঁ আকাশবাণী আৰু দূৰদৰ্শনৰ শিল্পী হিচাপেও কাম কৰিছে।[1][6] কণ্ঠদান কৰা অসমীয়া ছবিবঁটা-বাহনবৰ্ণময় সঙ্গীত জীৱনৰ স্বীকৃতি স্বৰূপে তেওঁ উত্তম কুমাৰ বঁটা, মাদাৰ টেৰেচা বঁটা, মাইকেল মধুসূদন বঁটা, বিএফজেএ বঁটা, প্ৰমথেশ বৰুৱা বঁটা ইত্যাদি বহুতো বঁটা লাভ কৰিছে।[1][6] মৃত্যু২০১৭ চনৰ ১৯ ফেব্ৰুৱাৰীত ৭১ বছৰ বয়সত সেনগুপ্তৰ মৃত্যু হয়। কলকাতাৰ কেওৰাতলা মহাশ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁ হাওফাওৰ সংক্ৰমণৰ উপৰিও হৃদযন্ত্ৰ, যকৃৎ আৰু বৃক্কৰ ৰোগত ভুগিছিল।[6] তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia