বদন বৰফুকন (চলচ্চিত্ৰ)
বদন বৰফুকন (ইংৰাজী: Badan Borphukan) পঞ্চম অসমীয়া বোলছবি। কমল নাৰায়ণ চৌধুৰী প্ৰমুখ্যে গুৱাহাটীৰ কেইগৰাকীমান লোকৰ প্ৰচেষ্টাত ‘ইষ্টাৰ্ণ মুভিজ লিমিটেড’ নামৰ এটা কোম্পানী খুলি ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৪৭ চনৰ ১৫ এপ্ৰিলত[1] মুক্তি পোৱা এই ছবিখনৰ পৰিচালনা আৰু সঙ্গীত আছিল কমল নাৰায়ণ চৌধুৰীৰ। অসম বুৰঞ্জীৰ এজন খলনায়ক, ৰাজনৈতিক উচ্চাকাঙ্ক্ষা আৰু প্ৰতিশোধৰ বশৱৰ্তী হৈ অসমলৈ মানসেনা মাতি অনা বদন বৰফুকনৰ জীৱনৰ আধাৰত লক্ষ্যধৰ চৌধুৰীয়ে ছবিৰ কাহিনী ৰচনা কৰিছিল। চিত্ৰনাট্য আৰু সংলাপ লক্ষ্যধৰ চৌধুৰীৰ।[2] চিত্ৰগ্ৰহণ কৰা হৈছিল কলকাতাৰ কালী ফিল্ম ষ্টুডিঅ’ত।[3] অভিনয়বদন বৰফুকনৰ নাম ভূমিকাত অভিনয় কৰিছিল মঞ্চাভিনেতা কামাখ্যানাথ ঠাকুৰে। চন্দ্ৰকান্ত সিংহৰ ভূমিকাত আছিল নৃত্যশিল্পী চাৰুচন্দ্ৰ বৰদলৈ। অন্যান্য ভূমিকাত আছিল দেৱবালা চলিহা- ৰাজমাও, অমলেন্দু বাগচী- মানৰজা আৰু সৰ্বেশ্বৰ চক্ৰৱৰ্তী- সন্ন্যাসী।[3] গীতবদন বৰফুকন ছবিৰ সঙ্গীত পৰিচালনা গৌৰ গোস্বামীৰ।[4] গীত লিখিছিল পুৰুষোত্তম দাস আৰু আনন্দিৰাম দাসে। গাইছিল প্ৰেম শইকীয়া।[5]
তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia