প্ৰাগ চিনে বঁটা ২০১৪
প্ৰাগ চিনে বঁটা, ২০১৪ (ইংৰাজী: Prag Cine Awards) মাৰ্চ মাহৰ ২২ তাৰিখে বেংগালুৰুৰ এন জি ভি ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয়। পোন প্ৰথমবাৰৰ বাবে এই অনুষ্ঠান অসমৰ বাহিৰত আয়োজন কৰা হয়। এই অনুষ্ঠানটো আয়োজন কৰে অসমৰ ছেটেলাইট চেনেল প্ৰতিষ্ঠান, প্ৰাগ এ এম টেলিভিশ্যন প্ৰাইভেট লিমিটেডে।[1][2][3] অভিনেতা কপিল বৰা আৰু জেৰিফা ৱাহিদ দুয়োয়ে এই অনিষ্ঠানৰ আঁত ধৰে।[4] নাট্যকাৰ অৰুণ শৰ্মা, কানাড়া চলচ্চিত্ৰ পৰিচালক নাগাথাহাল্লি চন্দ্ৰশেখৰ (ইংৰাজী: Nagathihalli Chandrashekhar) আৰু বলিউডৰ অভিনেত্ৰী মহিমা চৌধুৰীয়ে অনুষ্ঠানটো উদ্বোধন কৰে।[5] অসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়। ৰাগ - দ্য ৰিদম অৱ লাভত কৰা অভিনয়ৰ বাবে আদিল হুছেইনক শ্ৰেষ্ঠ অভিনেতা আৰু শৃংখলত কৰা অভিনয়ৰ বাবে জয়া শীলক শ্ৰেষ্ঠা অভিনেত্ৰীৰ বঁটা প্ৰদান কৰা হয়। জাহ্নু বৰুৱাৰ অজেয় বোলছবিখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ বঁটা লাভ কৰে।[3] মনোনয়ন আৰু বঁটা২০০৪ চনৰ ৩ মাৰ্চৰ দিনা প্ৰাগ চিনে বঁটা ২০১৪ৰ মনোনয়ন লাভ কৰা চলচ্চিত্ৰ সমূহৰ নাম ঘোষণা কৰা হৈছিল। এই অনুষ্ঠানত অসমত নিৰ্মাণ হোৱা অসমীয়া ভাষাৰ লগতে আন ভাষাৰ চলচ্চিত্ৰৰ মুঠ ২৩ টা বিভাগত বঁটা প্ৰদান কৰা হয়। ৰজনী বসুমতাৰীৰ ৰাগ বোলছবিখনে মুঠ ১২ টা শাখাত, জাহ্নু বৰুৱাৰ অজেয় আৰু কংকন ৰাজখোৱাৰ চিঞৰ বোলছবিখনে ১১ টা শাখাত মনোনয়ন লাভ কৰিছিল।[6][7][8] বঁটাবঁটা লাভ কৰা সকলৰ নাম প্ৰথমতে আৰু ডাঙৰ আখৰেৰে লিখা হৈছে।[3]
জীৱনজোৰা কৃতিত্ব বঁটাঅসমীয়া চলচ্চিত্ৰ জগতলৈ যোগোৱা অৱদানৰ বাবে অভিনেত্ৰী মৃদুলা বৰুৱাক জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয়।[3] অন্যান্য বঁটা
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|