তুমি যদি কোৱা
তুমি যদি কোৱা (ইংৰাজী: Tumi Jodi Kuwa) এখন অসমীয়া ভাষাৰ ৰোমাণ্টিক বোলছবি৷ এই বোলছবিখনৰ পৰিচালনা আৰু সংলাপ চিম্পল গগৈৰ৷ এল এন ফিল্মছৰ বেনাৰত জিতুমণি টেৰণে এই বোলছবিৰ প্ৰযোজনা কৰে৷[1] এই বোলছবিত অভিনয় কৰা উল্লেখযোগ্য শিল্পীসকল হৈছে- প্ৰসেনজিত বৰা, জুপিতৰা ভূঞা, মুনমী কলিতা, ৰূপম শৰ্মা, প্ৰিন্স, ভাস্কৰ ৰঞ্জন, ৰঞ্জন দত্ত আৰু কৃষ্ণ৷ বোলছবিখনৰ কাহিনী গৌতম ৰাভাৰ৷ ২০১৩ চনৰ ১৪ জুন তাৰিখে এই বোলছবিখনে মুক্তি লাভ কৰে৷[2] কাহিনীভাগনতুন প্ৰজন্মৰ ধ্যান ধাৰণাৰ ভিত্তিত বোলছবিখনৰ কাহিনীভাগ ৰচিত হৈছে৷ এই কাহিনীত সংগীতপ্ৰেমী যুৱককেইজনমানৰ নিজৰ গানৰ বেণ্ডক সংগীতৰ জগতখনত প্ৰতিষ্ঠাৰ বাবে কৰা সংগ্ৰাম দেখুউৱা হৈছে৷ সংগীতবোলছবিখনৰ সংগীত পৰিচালনা কৰিছে চন্দন বেজবৰুৱাই৷ [3] গীতসমূহ গাইছে জুবিন গাৰ্গ, অনন্যা, দীক্ষু আদি গায়কসকলে৷ [4]
অভিনয়ত
কলা-কুশলী
তথ্যসূত্ৰ
|