প্ৰকাশ প্ৰকাশৰ ল'গ' |
সম্পাদক |
মিহিৰ দেউৰী |
---|
প্ৰকাশনৰ হাৰ |
মাহেকীয়া |
---|
প্ৰকাশক |
প্ৰমোদ কলিতা, সচিব, অসম প্ৰকাশন পৰিষদ |
---|
দেশ |
ভাৰত |
---|
ভাষা |
অসমীয়া |
প্ৰকাশ হৈছে অসমীয়া ভাষাত প্ৰকাশিত হোৱা এখন মাহেকীয়া সাহিত্য আলোচনী। অসম প্ৰকাশন পৰিষদৰ দ্বাৰা প্ৰকাশিত এই আলোচনীখন গুৱাহাটীৰ পৰা প্ৰকাশিত হৈ আহিছে। প্ৰকাশৰ প্ৰচ্ছদ আঁকিছিল অসমৰ প্ৰসিদ্ধ চিত্ৰশিল্পী বেণু মিশ্ৰই। [1] আলোচনীখনৰ বৰ্তমান মূল্য ত্ৰিশ টকা।
১৯৭৫ চনত প্ৰথম প্ৰকাশ হোৱা এই আলোচনীখন আৰ্থিক সমস্যাৰ বাবে প্ৰায় বহুবছৰ অপ্ৰকাশিত হৈ আছিল। ২০১২ চনৰ ৭ মেত গুৱাহাটীস্থিত অসম ৰাজ্যিক যাদুঘৰৰ কনকলাল বৰুৱা প্ৰেক্ষাগৃহত তেতিয়াৰ অসমৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই পুনৰ প্ৰকাশিত সংখ্যাটো উদ্বোধন কৰে। প্ৰকাশৰ সেই সংখ্যাটোৰ সম্পাদক আছিল অসম সাহিত্য সভাৰ তেতিয়াৰ সভাপতি ৰংবং তেৰাং।[2][3]
আলোচনীৰ কৰ্মকৰ্তাসকল
বৰ্তমান আলোচনীখনৰ মুখ্য সম্পাদক হৈছে মিহিৰ দেউৰী। [4] সহযোগী সম্পাদক হৈছে গীতালি বৰা। সহকাৰী সম্পাদক হৈছে অৰ্চনা শইকীয়া। আলোচনীখনৰ প্ৰকাশ কৰোঁতা হৈছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। [4]
মুখ্য শিতানসমূহ
আলোচনীখনত কেইবাটাও শিতান আছে। তাৰে কেইটামান শিতান স্থায়ী।
- প্ৰবন্ধ শিতানঃ এই শিতানত সাহিত্য-কলা বিষয়ক ভিন্ন ৰচনা প্ৰকাশিত হয়।
- গল্প শিতানঃ ন-পুৰণি গল্পকাৰৰ গল্প প্ৰকাশিত হয়।
- অনুবাদ উপন্যাসঃ হিন্দী,ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মী উপন্যাস এই শিতানত প্ৰকাশ কৰা হয়।
- অনুবাদ গল্পঃ হিন্দী, ইংৰাজী আদি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা ভিন্নধৰ্মৰ গল্প এই শিতানত প্ৰকাশ কৰা হয়।
- অনুবাদ কবিতাঃ বিভিন্ন ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰা কবিতা এই শিতানত প্ৰকাশ কৰা হয়।[4]
তথ্য-সূত্ৰ
- ↑ ভূঞা, অজিত কুমাৰ (৩০ মে' ২০১৯). "কেনভাছ উকা". আমাৰ অসম. আমাৰ অসম.
- ↑ "First issues of revived Prakash, Mukuta released". Assam Tribune. ৮ মে' ২০১২. Archived from the original on 2012-11-07. https://web.archive.org/web/20121107024928/http://www.assamtribune.com/scripts/detailsnew.asp?id=may0812/city05। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯.
- ↑ RAJIV KONWAR (৮ মে' ২০১২). "Cult magazine revived after 11 years - Assamese publication goes to print after disappearing from stands in 2001". Telegraph of India. https://www.telegraphindia.com/states/north-east/cult-magazine-revived-after-11-years-assamese-publication-goes-to-print-after-disappearing-from-stands-in-2001/cid/423688। আহৰণ কৰা হৈছে: ৪ জুন ২০১৯.
- ↑ 4.0 4.1 4.2 বিভিন্ন. প্ৰকাশ. প্ৰকাশক গুৱাহাটী: অসম প্ৰকাশন পৰিষদ. ISSN 2279-0683.