পাপ আৰু প্ৰায়শ্চিত্ত (চলচ্চিত্ৰ)
পাপ আৰু প্ৰায়শ্চিত্ত (ইংৰাজী: Paap aru Praischitta) ১৯৭৭ চনত মুক্তি পোৱা এখন ক’লা-বগা অসমীয়া চলচ্চিত্ৰ। ছবিৰ পৰিচালক আছিল আনোৱাৰ হুছেইন।[1] সংগীত জীতেন বৰুৱাৰ[2]। ১৯৭০ চনত ধুবুৰীত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল।[3] অবিভক্ত গোৱালপাৰা জিলাৰ সদ্য অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱাই শীতল মস্তিষ্কৰে তেওঁৰ পত্নী আৰু তিনিজনী গাভৰু জীয়েকক হত্যা কৰি গাঁত খান্দি পুতি থৈছিল। পিছত তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে আৰু আদালতত বিচাৰ চলে। বিচাৰত তেওঁৰ ফাঁচীৰ হুকুম হয়।[4] ছবিখনত অভিনয় কৰিছিল পবিত্ৰ বৰকটকী, তচদ্দুক ইউছুফ, নিবেদিতা শৰ্মা আদিয়ে। কাহিনীৰ সাৰাংশএজন বিচাৰক; যিয়ে জীৱনত কোনোদিনে কাকো ফাঁচী নালাগে, কঠোৰ শাস্তিয়ে আদেশ দি নাপালে। অথচ নিয়তিৰ পাকচক্ৰত নিজে ফাঁচী কাঠত ওলমিব লগা হ’ল। পত্নী আৰু তিনিজনী জীয়ৰীৰ সৈতে বিচাৰকজনৰ এখন সুখৰ সংসাৰ। নিয়তিৰ দৈৱ-দূৰ্বিপাকত এদিন তেওঁ গম পালে যে তেওঁৰ সন্তান জন্ম দিব পৰা ক্ষমতাই নাই। তেন্তে তিনিজনীকৈ জীয়ৰীৰ জন্ম হ’ল কেনেকৈ? পত্নীৰ দুশ্চৰিত্ৰৰ কথা তেওঁৰ চকুত এটা এটাকৈ উন্মোচিত হৈ পৰিল। সহজ-সৰল মানুহজন জীঘাংসু হৈ পৰিল। তেওঁ এক কঠোৰ সিদ্ধান্ত লৈ পেলালে। তেওঁ সংগোপনে হত্যা কৰিলে পত্নী আৰু আটাইকেইজনী জীয়েকক। কিন্তু পাপ লুকাই নাথাকে। তেওঁ ধৰা পৰিল আৰক্ষীৰ হাতত। বিচাৰ চলিল আৰু অৱশেষত শুনোৱা হ’ল ফাঁচীৰ হুকুম। গীতসংগীত পৰিচালনা জীতেন বৰুৱাৰ। কণ্ঠদান কৰিছে- ভাস্কৰ দাস, কুল বৰুৱা আৰু মৃদুলা দেৱান দাসে।[2]
তথ্য উৎস
লগতে চাওকবাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia