নুৰ জাহান (মোগল সম্ৰাজ্ঞী)
নুৰ জাহান (ইংৰাজী: Nur Jahan; জন্ম মেহেৰ-উন-নিচা; ৩১ মে ১৫৭৭- ১৮ ডিচেম্বৰ ১৬৪৫) মোগল সম্ৰাট জাহাঙ্গীৰৰ বিংশতম তথা শেষৰগৰাকী পত্নী আছিল।[1] আকবৰ এজন উজীৰ-এ-আজমৰ (মন্ত্ৰী) কন্যা আছিল নুৰ জাহান। নুৰ জাহান শব্দৰ অৰ্থ বিশ্বৰ পোহৰ। সোতৰ বছৰ বয়সত তেওঁৰ এজন ফাৰ্চী সৈন্য, মোগল সাম্ৰাজ্যৰ অন্তৰ্গত বিহাৰৰ প্ৰাদেশিক শাসক শেৰ আফগানৰ সৈতে বিয়া হয়। আকবৰ পুত্ৰ চাহজাদা চেলিম বিবাহিতা নুৰ জাহানৰ প্ৰেমত পৰিছিল। দুবছৰ পিছত আকবৰৰ মৃত্যু হয় আৰু চেলিমে জাহাঙ্গীৰ নাম লৈ মোগল সম্ৰাট হয়। ১৬০৭ চনত শেৰ আফগানক হত্যা কৰা হয়। কোৱা হয় যে বঙ্গৰ নবাবে তেওঁৰ আদেশ অনুসৰণ নকৰাক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ বাবে শেৰ আফগানক হত্যা কৰিছিল। কিছুমানে সন্দেহ কৰে যে নুৰ জাহানৰ প্ৰতি থকা আকৰ্ষণৰ বাবে জাহাঙ্গীৰে তেওঁক হত্যা কৰাইছিল। শেৰ আফগানৰ মৃত্যুৰ তিনি বছৰ পাছতহে নুৰ জাহানে জাহাঙ্গীৰৰ সৈতে বিবাহৰ সন্মতি দিয়ে।[2] যদিও জাহাঙ্গীৰে নুৰ জাহানৰ গভীৰ প্ৰেমত পৰিছিল, এই ঘটনাৰ সৈতে এজনী নিম্ন বংশজাত নাচনী আনাৰকলীৰ চেলিম বা জাহাঙ্গীৰৰ সৈতে হোৱা কাল্পনিক কাহিনীৰ সৈতে কোনো সংযোগ নাই, যি কাহিনী জনপ্ৰিয় গল্প আৰু চলচ্চিত্ৰত চিত্ৰিত কৰা হৈছে।[3] সম্ৰাট জাহাংগীৰৰ সৈতে বিয়াৰ পিছত, নুৰ জাহানৰ ক্ষমতা বৃদ্ধি ত্বৰান্বিত হৈছিল। এগৰাকী শক্তিশালী আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ সুশিক্ষিত মহিলা, যিয়ে স্বামীৰ পূৰ্ণ বিশ্বাস অৰ্জন কৰিছিল, সেইগৰাকী নুৰ জাহান ৰাজ দৰবাৰৰ আটাইতকৈ শক্তিশালী আৰু প্ৰভাৱশালী মহিলা আছিল, যি সময়ত মোগল সাম্ৰাজ্য ইয়াৰ শক্তি আৰু খ্যাতিৰ শীৰ্ষত আছিল। ৰাজনীতিত তেওঁ নিজৰ স্বামীতকৈও অধিক নিৰ্ণায়ক আৰু সক্ৰিয় ভূমিকা লোৱা বাবে তেওঁক ইতিহাসবিদসকলে তেওঁক পোন্ধৰ বছৰতকৈও অধিক সময় ধৰি সিংহাসনৰ আঁৰৰ প্ৰকৃত শক্তি বুলি বিবেচনা কৰিছিল। নৰু জাহানক কিছুমান সন্মান আৰু বিশেষাধিকাৰ প্ৰদান কৰা হৈছিল যিবোৰ আগতেও হওক বা পিছতেই হওক, কোনো মোগল সম্ৰাজ্ঞীয়ে উপভোগ কৰা নাছিল।[4] নিজৰ নামত মুদ্ৰা খোদিত কৰা তেৱেঁ একমাত্ৰ মোগল সম্ৰাজ্ঞী।[5] সম্ৰাটে ৰাজ-দৰবাৰ আয়োজন কৰোঁতে তেৱোঁ লগতে উপস্থিত থাকিছিল। আনকি সম্ৰাটৰ অসুস্থতাৰ সময়ত তেওঁ নিজে "দিৱান-ই-মালিকী"ৰ (ৰাজ দৰবাৰ) আয়োজন কৰিছিল। চৰকাৰী নথি বা আদেশে আইনী বৈধতা পোৱাৰ পূৰ্বে তেওঁৰ সন্মতিৰ প্ৰয়োজন আছিল আৰু সেইবাবে তেওঁক ৰাজকীয় মোহৰৰ দায়িত্ব দিয়া হৈছিল। বেছিভাগ ক্ষেত্ৰতে আদেশ জাৰি কৰাৰ পূৰ্বে, আনকি পাটশাহ বেগম সংক্ৰান্তীয় বিষয়তো সম্ৰাটে তেওঁৰ মতামত লৈছিল। সম্ৰাটে নুৰজাহানৰ সৈতে সহ-শাসকৰ ভূমিকা লৈছিল আৰু পত্নীৰ পৰামৰ্শৰ ওপৰত নিৰ্ভৰশীল আছিল।[6] তথ্য উৎস
গ্ৰন্থপঞ্জী
|
Portal di Ensiklopedia Dunia