নিচি ভাষানিচি ভাষা (ইংৰাজী: Nyishi/nishi Language), ভাৰতৰ অৰুণাচল প্ৰদেশৰ আঠখন জিলা ক্ৰমে ক্ৰা দাদি, কুৰুং কুমেই, পূব কামেং, পশ্চিম কামেং, পাপুম পাৰে, নামনি সোৱণশিৰি, কামলে, পক্কে কেছাং জিলা আৰু অসমৰ দৰং জিলাত প্ৰচলিত তানি শাখাৰ এটা চীন-তিব্বতী ভাষা। এই ভাষা নিচি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰে । ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিচি ভাষীসকলৰ জনসংখ্যা প্ৰায় ৯ লাখ। যদিওবা অঞ্চলভেদে যথেষ্ট তাৰতম্য আছে, নিচিৰ উপভাষাসমূহ যেনে আকাং, আয়া, নিচি (ৰাগা), মিছিং, টাগিন আদি সহজেই পাৰস্পৰিকভাৱে বুজিব পৰা যায়, যথেষ্ট কম জনসংখ্যা থকা বাংনি-বাংৰু আৰু ছলুং উপভাষা অতি কমসংখ্যক লোকে কয় আৰু পূৰ্বৰ উপভাষাসমূহৰ পৰা পৃথক। নিচি কেতিয়াবা পশ্চিমীয়া তানি ভাষাৰ আৱৰণ শব্দ হিচাপে ব্যৱহাৰ কৰা হয়। নিচি এটা বিষয়–বস্তু–ক্ৰিয়া ব্যাকৰণগত ভাষা।[1] সম্ভাষণ
তথ্য সংগ্ৰহ
|