দিহিং নদী
দিহিং বা বুঢ়ী দিহিং ব্ৰহ্মপুত্ৰ নদৰ এখনি উপনৈ। ই প্ৰায় ৩৮০ কিঃমিঃ দীঘল।[1] ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ উজনি অসম আৰু পূব অৰুণাচল প্ৰদেশৰ মাজেৰে বৈ ই ব্ৰহ্মপুত্ৰত পৰিছে। দিহিং নদী পূব হিমালয়ৰ পাটকাই পৰ্বতশ্ৰেণীৰ ২৩৭৫ মিটাৰ উচ্চতাত উৎপত্তি হৈছে।[1] তাৰপিছত অৰুণাচল প্ৰদেশৰ নামচাইৰ মাজেৰে কিছুদূৰ বৈ আহি তিনিচুকীয়া জিলাৰে অসমত প্ৰৱেশ কৰিছে। তাৰপিছত ই ডিব্ৰুগড় জিলাত সোমাই দিহিংমুখত ব্ৰহ্মপুত্ৰ নদত পৰিছে। দিহিং অৱবাহিকা প্ৰায় ৬,০০০ বৰ্গ কিঃমিঃ।[1] দিহিং নদীয়ে সঘনে গতিপথ সলনি কৰি কেইবাটাও অশ্বখুৰা হ্ৰদ সৃষ্টি কৰিছে। নামৰ উৎপত্তিডিমাছা ভাষাৰ "দি" বা "ডি" মানে হৈছে পানী বা নদী আৰু "হিং" বা "হং" মানে হৈছে বহল। আক্ষৰিক অৰ্থত দিহিঙৰ অৰ্থ হৈছে "বহল নদী।" প্ৰায় ৩৮০ কিঃমিঃ দীঘল এইখন ব্ৰহ্মপুত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপনৈ। ইয়াক বুঢ়ী দিহিং হিচাপেও জনা যায়। ইতিহাসঐতিহাসিক আৰু ভৌগোলিক সমলৰ পৰা গম পোৱা গৈছে যে এসময়ত দিহিং নদী গোটেই উজনি অসমত প্ৰসাৰিত হৈ আছিল। সেইসময়ত ইয়াৰ মোহনা গোলাঘাট জিলাৰ বোকাখাট]]ৰ মহুৰামুখত আছিল। সেই সময়ত দিচাং, দিখৌ, দিচৈ(বৰ্তমান মৰিদিচৈ), ধনশিৰী আদি দিহিং নদীৰ উপনদী আছিল। বুৰঞ্জী সমূহত উল্লিখিত মতে ১৭ শতিকাত দিহিং নদী শুকাই যায় আৰু বৰ্তমান দিহিংমুখেৰে ব্ৰহ্মপুত্ৰত পৰে। ইয়াৰ আগতে ই সোৱণশিৰি নদীৰ মোহনাত ব্ৰহ্মপুত্ৰত মিলিছিল। সেইসময়ত দিখৌ স্বতন্ত্ৰ ভাবে বৈ কলং নদীৰ লগত মিলি নগাঁও জিলাৰ কাজলীমুখত পৰিছিল।[2] অৰ্থনীতিদিহিং নদী উপত্যকা অৰ্থনৈতিক ভাৱে অতি গুৰুত্বপূৰ্ণ। ইয়াত অসমৰ একমাত্ৰ বৰ্ষাৰণ্য দিহিং-পাটকাই অভয়াৰণ্য অৱস্থিত। কৃষিক্ষেত্ৰৰ বাবে বিশাল সাৰুৱা ধাননি পথাৰ, বাঁহ আৰু তামোলৰ বাৰী আৰু চাহ বাগিচাৰ বাবে দিহিং উপত্যকা বিখ্যাত। খনিজ সম্পদৰ ভিতৰত এই অঞ্চলত কেইবাটাও খাৰুৱা তেলৰ ক্ষেত্ৰ আৰু কয়লাক্ষেত্ৰ আছে। ইয়াৰ পাৰত কেইবাটাও উল্লেখযোগ্য চহৰ যেনে নামচাই, লিডু, মাৰ্ঘেৰিটা, ডিগবৈ, দুলিয়াজান আৰু নাহৰকটীয়া অৱস্থিত। উল্লেখযোগ্য উপনৈসমূহটিৰাপ নৈবুঢ়ী দিহিঙৰ ডাঙৰ উপনৈ খনে হ’ল টিৰাপ নৈ। অৰুণাচলৰ টিৰাপ জিলাৰ ২৭৮০ মিটাৰ উচ্চতাৰ ৰোহো নামৰ ঠাই পৰা ওলাই ৯৬ কি:মি: উত্তৰ-পূবমুৱা হৈ বৈ আহি চাংলাং জিলাত সোমায়। তাৰ পাচত টিৰাপৰ উত্তৰ আৰু দক্ষিণ সংৰক্ষিত বনাঞ্চৰ মাজেদি ১২ কি:মি: আহি তিনিচুকীয়া জিলাত সোমায়। ইয়াত টিপং নৈৰ সৈতে লগ লাগি ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰহৈ লেখাপানীৰ পৰা উত্তৰ পশ্চিমমুৱা হৈ ছিপি জানৰ লগ হৈ ৫ কি:মি: বৈ আহি লিডুৰ উত্তৰত টিৰাপ নৈ বুঢ়ী দিহিঙত পৰে। টিৰাপ নৈৰ দীঘ ১৪৫ কি:মি: আৰু অৱবাহিকাৰ কালি ১০৬৪ কি:মি:। নামদাং নৈঅসম অৰুণাচল সীমান্তৰ হাচংপানী, টিককপানী আৰু জাগুনপানী নামৰ তিনিখন জান মিলি এই নৈৰ নাম নামদাং হৈছে। নৈখন অসমত সোমাই উত্তৰ-পশ্চিমলৈ ৫ কি:মি: আহি মাৰ্ঘেৰিটাৰ পূবত প্ৰধান পথ পাৰ হৈ বুঢ়ী দিহিঙত পৰিছে। ডিৰাক নৈঅৰুণাচলৰ ভিতৰৰ পৰা ওলাই আহি টিৰাপ জিলাৰ মাজেদি বৈ নামটক চাহ বাগিছাৰ ওচৰেদি তিনিচুকীয়া জিলাত সোমাই ডিৰাক সংৰক্ষিত বনাঞ্চলৰ মাজেদি ৪ কি:মি: ভটিয়াই ডিৰাকমুখত বুঢ়ী দিহিঙত পৰিছে। এই নদী খনৰ দীঘ ৩২ কি:মি:। নামচাং নৈএই নৈখন টিৰাপ জিলাৰ সৰুখুনচা নামৰ ঠাই পৰা ওলাই উত্তৰ-পশ্চিম দিশত ২৪ কি:মি: বৈ আহি বাৰিকপানী আৰু বমাট জু নামৰ দুখন জানৰ লগ হৈ ডিব্ৰুগড় জিলাৰ শুকানজুৰি নামৰ ঠাইত ওলাই। তাৰ পাচত দেওমালীৰ কাষেদি বৈ নামচাং নৈখন বুঢ়ী দিহিঙত পৰিছে। এই নৈ খনৰ মুঠ দীঘ ৫১ কি:মি: আৰু অৱ্ৱাহিকাৰ কালি ৩৯৯ বৰ্গ কি:মি:। ডিগবৈ নৈএই নৈখন তিনিচুকীয়া জিলাৰ বগাপানী সংৰক্ষিত বনাঞ্চলৰ পৰা খাৰজান নামেৰে ওলায়। তাৰ পাচত দিহিং বনাঞ্চলৰ মাজেদি আহি দক্ষিণ বালিজান আৰু বৰজান নামৰ দুটা জানৰ সৈতে লগ হৈ ডিগবৈ তেল নলাই দি আহি ডিগবৈ নৈ নাম লয়। তাৰ পৰা দক্ষিণ-পশ্চিম দিশত বৈ গৈ ভাদৈ পাঁচ আলি হৈ দুটা মান জানৰ লগ হৈ উষাপুৰেদি এটা অৰ্ধবৃত্তাকাৰ হৈ ডিগবৈ মুখত বুঢ়ী দিহিঙত পৰিছে। এই নৈ দীঘ ৪৮ কি:মি: আৰু অৱবাহিকাৰ কালি ১৬০ বৰ্গ কি:ম:। টিপলিং নৈতিনিচুকীয়া জিলাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ নগা জান আৰু ঢেকীয়াজানৰ সৈতে লগ হয়। তাৰ পৰা বৈ আহি দুলীয়াজানৰ ওচৰৰ টিপলিং ঘাটত বুঢ়ী দিহিঙত পৰে। টিপলিং নৈখনৰ দীঘ ২৮ কি:মি:। টিংৰাই নৈএই নৈখন বগা পানী ৰেল ষ্টেচনৰ কাষৰ পৰা ওলাই পশ্চিমমুৱা হৈ দিহিং বনাঞ্চলৰ মাজেদি বৈ আহি তিনিচুকীয়া-দুলিয়াজান পথৰ কাষত পাখৰী জানৰ সৈতে লগ লাগি ইটাখুলি চাহ বাগিছাৰ কাষেদি এটা ভাঁজ লৈ বালিজান চাহ বাগিছাৰ উত্তৰত হুগ্ৰীজান নামৰ জান এটাৰ সৈতে লগ লাগি টিংৰাই চাৰি আলিৰ পৰা ৪ কি:মি: দক্ষিণ-পশ্চিম হৈ বুঢ়ী দিহিঙত পৰে। টিংৰাই নৈখৰ দীঘ ৭৬ কি:মি: আৰু অৱবাহিকাৰ কালি ৩৪২ বৰ্গ কি:মি:। দিচাম নৈএই নৈখন ডিব্ৰুগড় জিলাৰ জয়পুৰৰ শিলিখা পাহাৰৰ ৪৭৪ মিটাৰ উচ্চতা (নামৰূপৰ পৰ্বতপুৰৰ পৰা ৪ কি:মি: দক্ষিণ-পূবত) পৰা ওলায়। তাৰ পাচত কচুজান হৈ লবংখোলা জান আৰু নাহৰপুং জানৰ সৈতে লগ লাগি আকৌ পানীবুৰা জানৰ লগ হৈ ৬ কি:মি: আহি দিচাম নৈ বুঢ়ী দিহিঙত পৰে। দিচাম নৈ খনৰ দীঘ ৩৮ কি:মি:। চেঁচা নৈএই নৈখন ডিব্ৰুগড় জিলাৰ পানীতোলা ৰেল ষ্টেচনৰ ওচৰৰ পৰা ওলাই দক্ষিণ-পশ্চিমমুৱা হৈ বালিজান আৰু ডিকম জানৰ সৈতে লগ হৈ ১৫ কি:মি: বৈ আহি মহমাৰি চাহ বাগিছাৰ ওচৰত ঘুগুৰা জানৰ লগ হয়। তাৰ পাচত ঘোঁৰামৰাৰ পৰা চেঁচা নৈখন দক্ষিণ-পশ্চমমুৱাহৈ ৪ কি:মি: আহি চেঙেলী জানৰ লগ হৈ ৬ কি:মি: ভটিয়াই কোটোহাৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ পাৰ হৈ ১০ কি:মি: আহি বৰদৈবামৰ ওচৰত বাঘজানৰ সৈতে লগ হয়। তাৰ পৰা ৮ কি:মি: বৈ গৈ নৈ খনে চেঁচামুখত বুঢ়ী দিহিঙত পৰে। চেঁচা নৈ খনৰ দীঘ ১০৯ কি:মি: আৰু অৱবাহিকাৰ কালি ৫০২ বৰ্গ কি:মি:। দিহিং এৰ উপৰ ব্ৰিজ এবং ক্ৰসিং[3]
লগতে চাওকতথ্য উৎস
|
Portal di Ensiklopedia Dunia