দিলীপ কুমাৰ দত্ত
ড॰ দিলীপ কুমাৰ দত্ত (ইংৰাজী: Dilip Kumar Dutta, ৩০ এপ্ৰিল, ১৯৩৭–২৬ ছেপ্টেম্বৰ, ২০১৯) এগৰাকী অসমীয়া গণিতজ্ঞ[1], শিক্ষাবিদ আৰু লেখক। তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ অংক শাস্ত্ৰৰ সন্মানীয় অধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৩৭ চনত যোৰহাটত তেওঁৰ জন্ম হৈছিল।[2] পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। ব্ৰিটিছ চৰকাৰৰ কমন্ৱেলথ্ ফেল’শ্বিপ পোৱা তেখেত প্ৰথমজন অসমীয়া ছাত্ৰ আছিল। ১৯৮৭ চনত প্ৰকাশিত তেখেতৰ ৰচিত গ্ৰন্থ 'প্ৰেমত পৰিলোঁ নেকি?' কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ।[2] তেখেত অসমীয়া ভাষাৰ ফণ্টৰ প্ৰথম আৱিষ্কাৰক৷ তেখেত বিংশ শতিকাৰ আশীৰ দশকতে পাঁচটা ফণ্ট সৃষ্টি কৰি থৈ গৈছে৷ সেই ফণ্টকেইটাৰ নাম হৈছে ‘ডিবৰু’, ‘বেঁকী’, ‘কপিলী’, ‘ব্ৰহ্মপুত্ৰ’ আৰু ‘দিহিং’৷ জন্ম আৰু বংশ পৰিচয়১৯৩৭ চনৰ ৩০ এপ্ৰিলত ড॰ দিলীপ কুমাৰ দত্তৰ যোৰহাট জিলাৰ তৰাজান গায়ন গাঁৱত জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃৰ নাম আছিল ৰত্নেশ্বৰী দত্ত। তেখেতৰ পিতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী পঞ্জীয়ক আৰু বিশ্ববিদ্যালয়খনৰ চতুৰ্থগৰাকী উপাচাৰ্য।[3] পিতৃ ফণীধৰ দত্ত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যাপকো আছিল।[4] শিক্ষাপিতৃৰ অধ্যাপনা সূত্ৰে কটন কলেজলৈ অহাত ড॰ দিলীপ কুমাৰ দত্তই গুৱাহাটী লতাশিল প্ৰাথমিক বিদ্যালয়, মাণিক চন্দ্ৰ বৰুৱা এম ই স্কুল আৰু কলেজিয়েট স্কুলত শিক্ষা গ্ৰহণ কৰিছিল। ১৯৫৮ চনত কটন মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত অনাৰ্চ সহ স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে। তেওঁ ব্ৰিটিছ চৰকাৰৰ কমন্ৱেলথ্ ফেল’শ্বিপ পোৱা প্ৰথমজন অসমীয়া ছাত্ৰ।[2] কৰ্মজীৱনপ্ৰথমতে ড॰ দিলীপ কুমাৰ দত্তই ইংলেণ্ডৰ ছাউথাস্পাটন বিশ্ববিদ্যালয় আৰু কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক হিচাপে কাৰ্য্যনিবাহ কৰিছিল। পৰৱৰ্তী সময়ত আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ জ্যেষ্ঠ অধ্যাপক আৰু সন্মানীয় প্ৰবক্তাৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল।[2] বিশ্ববিদ্যালয়ত তেখেতে জ্যামিতি, বীজগণিত আৰু কলন গণিত পঢ়ুৱাইছিল। গণিতজ্ঞ আৰু শিক্ষাবিদৰূপে১৯৬৬ চনৰ পৰাই আমেৰিকাৰ ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ৰ গণিত শাস্ত্ৰৰ সন্মানীয় প্ৰবক্তাৰূপে কৰ্মৰত দিলীপ কুমাৰ দত্ত এজন গণিতজ্ঞ ৰূপেও বিদেশত প্ৰশংসিত। তেখেতৰ ‘Concept Of Geometry’, ‘Math Education At Its Best, The Postdam Madel’, ‘Finite Maths For Liberal Arts’ আদি গণিত বিষয়ক গ্ৰন্থ আমেৰিকা আৰু ভাৰতত যথেষ্ট সমাদৃত। তেখেতে গণিতজ্ঞ হিচাপে দেশৰ বাহিৰেও ৰোমানিয়া, ফিনলেণ্ড, মালয়েছিয়া, অষ্ট্ৰেলিয়া আদি দেশটো বক্তৃতা প্ৰদান কৰিছে।[2] অসমীয়া গীতৰ লগত সম্বন্ধদিলীপ কুমাৰ দত্তই অসংখ্য বিৰল গীতৰ ৰেকৰ্ডৰ সংগ্ৰহ কৰিছিল। বৰ্তমানে হেৰাই যোৱা বিষ্ণু প্ৰসাদ ৰাভা, তেখেতৰ প্ৰথমা পত্নী প্ৰফুল্ল বালা ৰাভা, প্ৰিয়বালা বৰুৱা, গোপাল শৰ্মা, সাৰদা শৰ্মা, চাৰু বৰদলৈ, তাৰিণীচৰণ কাকতি, কমল নাৰায়ণ চৌধুৰী, অনুকূল নাথ, ৰাণী পাল, বলোৰাম দাস, অমিয় মোহন দাস আদি অনেক শিল্পীৰ গীতবোৰ তেখেতে ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰাখিছিল। তেখেত আৰু ৰূপম শৰ্মাই মিলি এপ্পল কোম্পানীৰ আই টিউন যোগে বিশ্বই শুনিব পৰাকৈ অসমীয়া গীতৰ ব্যৱস্থা কৰিছে। তেখেতৰ অসমীয়া গীতৰ সংগ্ৰহ “গোৱা অসমীয়া মন প্ৰাণ ভৰি, কুৰি শতিকাৰ প্ৰথম কুৰি” শীৰ্ষক কেছেটটো অতি সমাদৃত।[2] ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথদিলীপ কুমাৰ দত্তৰ দ্বাৰা সংকলিত আৰু লিখিত 'ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ' গ্ৰন্থখনক একাংশ ব্যক্তিয়ে তেখেতৰ জীৱনৰ মূল্যৱান কীৰ্তি হিচাপে স্বীকৃতি দিয়ে। দিলীপ কুমাৰ দত্তই ১৯৬৪ চনৰ পৰাই ভূপেন হাজৰিকাৰ গীতসমূহ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিছিল। ভূপেন হাজৰিকা আমেৰিকালৈ যাওঁতে তেখেতে দিলীপ কুমাৰ দত্তৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতৰ ঘৰলৈ গৈছিল। ভূপেন হাজৰিকাৰ সমুখত গীতসমূহ বজাই শুনাই তেখেতে গীতসমূহৰৰ পটভূমি আৰু আঁৰৰ কথা লিপিবদ্ধ কৰিবলৈ লৈছিল। ১৯৮১ চনত প্ৰায় তিনিশ গীত আৰু ভূপেন হাজৰিকাৰ জীৱনভিত্তিক গৱেষণাৰে সমৃদ্ধ হৈ বিশেষ গ্ৰন্থখন প্ৰকাশিত হয়। কম দিনৰ ভিতৰতে গ্ৰন্থখন জনপ্ৰিয় হৈ উঠে। গ্ৰন্থখনৰ এতিয়ালৈকে কেইবাটাও সংস্কৰণ মুকলি কৰা হৈছে। ড॰ ভূপেন হাজৰিকাই দিলীপ কুমাৰ দত্তক উদ্দেশ্যি লিখিছিল-
অসমীয়া ফণ্ট নিৰ্মাণড॰ দিলীপ কুমাৰ দত্তই ডিবৰু, বেঁকী আৰু কপিলী, ব্ৰহ্মপুত্ৰ, দিহিং নামৰ পাঁচটা ফণ্ট নিৰ্মাণ কৰিছিল। এই ফণ্টকেইটাৰ জৰিয়তেই সৰ্বপ্ৰথমবাৰৰ বাবে কম্পিউটাৰত অসমীয়াত লিখাটো সম্ভৱপৰ হৈছিল। আনহাতে, এই ফণ্টকেইটাই আছিল ভাৰতীয় ভাষাৰ প্ৰথম ফণ্ট, অৰ্থাৎ কম্পিউটাৰত ব্যৱহৃত প্ৰথম ভাৰতীয় আখৰ আছিল অসমীয়া। ব্ৰহ্মপুত্ৰ ফণ্টৰ জৰিয়তে তেওঁ ১৯৮৭ চনত 'প্ৰেমত পৰিলোঁ নেকি?' শীৰ্ষক গ্ৰন্থখন ছপাই উলিয়ায়। এইখনেই কম্পিউটাৰত অসমীয়া আখৰেৰে ছপোৱা প্ৰথমখন গ্ৰন্থ।[5] সাহিত্য চৰ্চাড॰ দিলীপ কুমাৰ দত্তই দিল্লীত পঢ়ি থকাৰ পৰাই দ্যা আছাম ট্ৰিবিউন কাকতলৈ দুই এটা লেখা পঠিয়াবলৈ আৰম্ভ কৰিছিল। ইয়াৰ পিছত অসম বাণী কাকতত “লণ্ডনৰ চিঠি” নামৰ নিয়মিত শিতান এটা লিখিছিল। ইয়াৰ পৰাই তেখেতৰ জনপ্ৰিয়তা বাঢ়িবলৈ ধৰে। প্ৰবাসত থাকিও নিজৰ মাতৃ ভাষাত সাহিত্য চৰ্চা কৰা ব্যক্তিৰূপে বহুকেইখন পুথি ৰচনা কৰিছে। তেওঁ ৰচনা কৰা প্ৰথম গ্ৰন্থখন হ’ল: “শুভ দিনৰ নিৰ্ঘণ্ট”। ব্যতিক্ৰমী বিষয় আৰু ৰচনাৰ বৈচিত্ৰ্যতাৰ বাবে মনে মোৰ কইনা বিচাৰে, মিছ গৌহাটী, প্ৰেমত পৰিলোঁ নেকি? গ্ৰন্থকেইখনে বিপুল জনপ্ৰিয়তা লাভ কৰিছিল। ফলি লোৱা বুৰঞ্জী গ্ৰন্থখন তেখেতৰ পিতৃ ফণীধৰ দত্তৰ জীৱনীৰ লগতে অসমৰ বহু ঐতিহাসিক তথ্যৰে সমৃদ্ধ এখন বহুল চৰ্চিত গ্ৰন্থ।[2] ১৯৮৫ চনত প্ৰকাশিত গ্ৰন্থ প্ৰেমত পৰিলোঁ নেকি? কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্ৰথমখন গ্ৰন্থ। কম্পিউটাৰত ভাৰতীয় ভাষাৰ ব্যৱহাৰ কৰি উলিওৱা তেখেতেই প্ৰথমজন ব্যক্তি।[2] তেওঁৰ দ্বাৰা ৰচিত ভূপেন হাজৰিকাৰ গীত আৰু জীৱন ৰথ গ্ৰন্থখনত ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ এক বিশ্লেষণাত্মক তথ্য প্ৰকাশ পাইছে। প্ৰকাশিত গ্ৰন্থ
গৱেষণা-পত্ৰ
ব্যক্তিগত জীৱনদিলীপ কুমাৰ দত্তই দুবাৰ বিয়া কৰায়। প্ৰথম পত্নীৰ ফালৰ পৰা পুত্ৰৰ দ্বাৰিকৰ জন্ম হয়। দ্বিতীয় পত্নীৰ নাম ৰাণীমা দত্ত। তেওঁলোকৰ কন্যা মানসী। দ্বাৰিক কৰ্মসূত্ৰে কানাডাত থাকে। জোঁৱাইৰ নাম উদয়। তেওঁলোকৰ কন্যা-জোঁৱাই বৰ্তমান আমেৰিকাৰ বষ্টন চহৰৰ বাসিন্দা।[2] চাউথাম্পটন বিশ্ববিদ্যালয়ত গৱেষণা কৰি থাকোঁতে তেখেতে অৱসৰৰ সময়ত টেনিছ খেলিছিল। এবাৰ কাকতলীয়ভাৱে লৰ্ড মাউণ্টবেটেনৰ লগতো টেনিছ খেলাৰ সৌভাগ্য প্ৰাপ্তি হৈছিল। কলেজীয়া সময়ত তেখেত এন.চি.চি.ৰ এগৰাকী সুদক্ষ কেডেট হিচাপে বিবেচিত হৈছিল। ইয়াৰ সুবাদতে এবাৰ তেখেত ইংলেণ্ড হৈ সাগৰীয় পথেৰে দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ সুযোগ লাভ কৰিছিল।[4] বঁটা আৰু সন্মানমৃত্যুড॰ দিলীপ কুমাৰ দত্তই ২০১৯ চনৰ ২৬ ছেপ্তেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে। তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia