জিলমিল জোনাক
জিলমিল জোনাক (ইংৰাজী: Jilmil Jonak) ২০১৪ বৰ্ষত মুক্তি প্ৰাপ্ত এখন অসমীয়া চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা ডেইজী গগৈৰ আৰু পৰিচালনা কৰিছে শিবানন বৰুৱাই। হিয়াৰ দাপোনত তোমাৰেই ছবিৰ পাছতেই জিলমিল জোনাক হৈছে শিবানন বৰুৱাৰ দ্বিতীয়খন পূৰ্ণদৈৰ্ঘৰ কথাছবি। কাহিনীদুটা জমিদাৰ পৰিয়ালৰ মাজত থকা ঈৰ্ষা, সংঘাত আৰু জেদ ভাৱক কেন্দ্ৰ কৰি ছবিখন নিৰ্মাণ কৰা হৈছে।[1] নিৰ্মাণ২০১২ চনৰ ৩০ মে’ত গুৱাহাটীৰ পাঞ্জাবাৰীত ছবিখনৰ শুভ মহুৰত সম্পন্ন হৈ যায়। চিত্ৰগ্ৰহণ২০১৩ চনৰ ৩০ মে'ৰ পৰা একেটা পৰ্যায়তে ছবিখনৰ চিত্ৰগ্ৰহণ কাম পূৰ্ণগতিত আৰম্ভ হয়। জিলমিল জোনাকৰ চিত্ৰগ্ৰহণ কৰিছে পৰিচালক শিৱানন বৰুৱাই। চিত্ৰগ্ৰহণৰ সহকাৰী প্ৰদীপ সেনগুপ্তা মুম্বাইৰ শংকৰ পাটিল। চিত্ৰগ্ৰহণৰ বাবে উচ্চ প্ৰযুক্তিসমৃদ্ধ ৰেড এপিক ডিজিটেল কেমেৰাত জিলমিল জোনাকৰ চিত্ৰগ্ৰহণ কৰা হৈছে। ছবিখনৰ অধিকাংশই চিত্ৰগ্ৰহণ গুৱাহাটী, মায়ং আৰু সোণাপুৰত হৈ যায়। ইয়াৰ পিছত বোলছবিখনৰ ইউনিট ৩০ জুন তাৰিখে থাইলেণ্ডত চিত্ৰগ্ৰহণৰ বাবে গৈছিল। থাইলেণ্ডৰ বেংকক আৰু পাট্টায়াৰ সাগৰ তীৰত এটি দৃশ্য আৰু এটি গীতৰ পিকচাৰাইজেশ্যনেৰে চিত্ৰ গ্ৰহণৰ কাম শেষ কৰিছিল। অসীম বৈশ্যৰ নৃত্য নিৰ্দেশনাত এই গীতটোৰ দৃশ্যাংশত অংশ লৈছিল যতীন বৰা আৰু নিশিতা গোস্বামীয়ে। ইয়াৰ পিছতে ছবিখনৰ সম্পাদনাৰ কাম আৰম্ভ হৈছিল।[1] চিত্ৰনাট্যজিলমিল জোনাকৰ চিত্ৰনাট্য আৰু সংলাপ কৃষ্ণ ভূঞাৰ। কাহিনী ত্ৰিনয়নৰ। সম্পূৰ্ণ পাৰিবাৰিক কাহিনী। পৰিচালকে নৃত্য-গীত কমেডী আদি উপাদান সন্নিৱিষ্ট কৰি ছবিখন বিনোদনধৰ্মী কৰাৰ প্ৰয়াস কৰিছে। প'ষ্ট প্ৰডাকশ্যনছবিখনৰ প্ৰথম পৰ্যায়ৰ সম্পাদনা আৰম্ভ হৈছে। সম্পাদনা কৰিছে দেবাংকৰ বৰগোহাঁয়ে। প্ৰথম পৰ্যায়ৰ সম্পাদনা শেষ হোৱাৰ কিছুদিন পাছতেই মুম্বাইত হ'ব অন্তিম পৰ্যায়ৰ কাম আৰম্ভ হ'ব। অভিনয়জিলমিল জোনাক বোলছবিখনৰ দুটি মূল ৰোমাণ্টিক যুটি হৈছে যতীন বৰা-নিশিতা গোস্বামী আৰু পশ্চিমবঙ্গৰ অভিনেতা ইন্দ্ৰনীল সেনগুপ্তা আৰু ৰাগ-ঐনিতম-শ্যামন্তিকা শৰ্মা। এটি গুৰুত্বপূৰ্ণ নিগেটিভ চৰিত্ৰত অভিনয় কৰিছে আকাশদ্বীপে। তাৰ উপৰিও অভিনয় কৰিছে:
কলা-কুশলীছবিখন পৰিচালনাৰ লগতে চিত্ৰগ্ৰহণ কৰিছে শিবানন বৰুৱাই। এই ছবিখনত কেইবাটাও ফাইট ছিকুৱেঞ্চ আছে। এই দৃশ্যসমূহ পৰিচালনা কৰিছে তামিল-তেলুগু ছবিৰ একশ্যন ডাইৰেক্টৰ শ্ৰীকান্তে।[1]
তথ্য সংগ্ৰহবাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia