চ্যু-লিক-ফা
চাওফা চ্যু-লিক-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜎𑜢𑜀𑜫 𑜇𑜡,ইংৰাজী: Sulikphaa) বা ৰত্নধ্বজ সিংহ ১৬৭৯ চনৰ পৰা ১৬৮১ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। গুৱাহাটী আৰু নামনি অসমৰ আহোম ৰাজপ্ৰতিনিধি লালুকসোলা বৰফুকনে আগৰ ৰজা চুদৈফাক আঁতৰাই চুলিক্ফাক ৰজা পাতোঁতে তেওঁৰ বয়স আছিল মাত্ৰ ১৪ বছৰ। এই বয়সতে ৰজা হোৱা বাবে তেওঁ ল'ৰা ৰজা নাম পাইছিল। তেওঁৰ শাসনকালত লালুকসোলা বৰফুকনে নানা দুৰ্ষ্কাৰ্য কৰিছিল। তাৰ ভিতৰত এটা আছিল আহোম ৰাজবংশৰ কোঁৱৰসকলৰ অংগ ক্ষত কৰা। তুংখুঙীয়া ফৈদৰ কোঁৱৰ গদাপাণি পলাই সাৰিলেও তেওঁৰ পত্নী জয়মতীক চুলিক্ফাৰ সৈন্যই অমানুসিক অত্যাচাৰ চলায় আৰু কুঁৱৰী মৃত্যুমুখত পৰে। ৰাজসভাৰ বিবাদত লালুকসোলা বৰফুকনৰ হত্যাৰ পাছত কলিয়াবৰৰ মন্ত্ৰীসকলে ল'ৰা ৰজাক আঁতৰাই যোগ্য কোঁৱৰ এজনক ৰজা পাতিবলৈ মনস্থ কৰে। সেই মৰ্মে কামৰূপৰ ৰাণী অঞ্চলত আত্মগোপন কৰি থকা গদাপাণিক আনি ৰজা পতা হয়। চুলিক্ফাক নামৰূপলৈ নিৰ্বাসন দিয়া হয় আৰু পাছত মৃত্যুদণ্ড বিহা হয়।
তথ্যসূত্ৰ
টোকা |
Portal di Ensiklopedia Dunia