চূড়ামণিচূড়ামণি (ইংৰাজী: Churamoni/Chudamoni) হৈছে পদুম ফুলৰ আকৃতিৰ এবিধ ভাৰতীয় শিৰাভৰণ যি সাধাৰণতে ৰত্নখচিত কৰি নিৰ্মাণ কৰা হয়।[1][2] এইবিধ মূৰৰ চুলিৰ ঠিক মাজভাগত পিন্ধা হয়৷[3] চূড়ামণি নামটো মূৰত পিন্ধা কাপোৰৰ নাম “চূড়া’’ৰ পৰা লোৱা হৈছে। হিন্দী ভাষাত চূড়া অৰ্থাৎ “চুলিৰ খোপা’’ আৰু “মণি’’ অৰ্থাৎ ’মণি’। অৱশ্যে ই কেৱল কাপোৰকে নুবুজাই গুজৰাট ৰাজ্যৰ কোনো কোনো বিয়াৰ অনুষ্ঠানৰ সময়ত কইনাসকলে পিন্ধা হাতীদাঁত নিৰ্মিত হাতত পিন্ধা খাৰুকো বুজাব পাৰে৷[4] চূড়ামণিসমূহ যেতিয়া ৰুবি নামৰ ৰত্নখচিত হয় তেতিয়া ইয়াক '“অৰুণা চূড়ামণি’’ বুলি কোৱা হয়৷ [5] কিংবদন্তিচূ্ড়ামণিৰ সৃষ্টি সম্পৰ্কে এটা কিম্বদন্তী পোৱা যায়৷ দেৱী ৰত্নাকৰ নন্দিনীৰ জন্ম হৈছিল সমুদ্ৰ মন্থনৰ সময়ত। ঈশ্বৰ বিষ্ণুক দেখাৰ লগে লগে ৰত্নাকৰ নন্দিনীয়ে তেওঁৰ প্ৰতি নিজকে সমৰ্পিত কৰিলে। বিষ্ণুৱে ৰত্নাকৰ নন্দিনীক লগ পোৱাৰ সময়ত তেওঁ চূড়ামণি নামৰ ৰত্নখচিত অলংকাৰ এটা তেওঁক দিছিল।[6] মহালক্ষ্মীয়ে বিষ্ণুৰ লগত বিয়া হৈছিল আৰু ৰত্নাকৰ নন্দিনীয়ে নিজেই বিষ্ণুক এৰি থৈ গৈছিল। বিষ্ণুৱে তাইক ত্ৰিকূট পৰ্বতলৈ গৈ দ্বাপৰ যুগ আৰু ত্ৰেতা যুগৰ সময়ত ত্ৰিকূটত ধ্যান কৰিবলৈ উপদেশ দিছিল আৰু ভক্তৰ সকলো ইচ্ছাক আশীৰ্বাদ দি পূৰণ কৰিছিল। তপস্যাৰ বাবে ৰাওনা হওঁতে ৰত্নাকৰ নন্দিনীয়ে বিষ্ণুক নিজৰ স্মৃতি হিচাপে চূড়ামণি দিলে। এই কথা দেখি ইন্দ্ৰই চূড়ামণি পাবলৈ প্ৰলোভিত হ’ল। বিষ্ণুৱে চূড়ামণিটো ইন্দ্ৰক দিলে, তেওঁ সেইটো ৰাণী ইন্দ্ৰাণী (ইন্দ্ৰৰ পত্নী)ৰ চুলিত পিন্ধালে। যেতিয়া ইন্দ্ৰৰ দেৱলোক, স্বৰ্গ শম্বৰাসুৰ নামৰ এজন অসুৰে আক্ৰমণ কৰিছিল, তেতিয়া ইন্দ্ৰই দশৰথৰ পৰা সহায় বিচাৰিছিল। দশৰথৰ লগত কৈকেয়ীক লৈ দেৱলোকলৈ আহিল আৰু আহি শম্বৰাসুৰৰ সতে যুদ্ধ কৰি পৰাস্ত কৰি ইন্দ্ৰক উদ্ধাৰ কৰিলে। প্ৰশংসাৰ চিন স্বৰূপে ইন্দ্ৰই মন্দাকিনিৰ চাৰিটা হাঁহৰ পাখি দশৰথক উপহাৰ দিলে। ইন্দ্ৰানীয়ে নিজৰ চূড়ামণি কৈকেয়ীক উপহাৰ দি বৰদান দিলে যে এইটো পিন্ধা মহিলাগৰাকী সদায় অখণ্ড সৌভাগ্যৱতী হৈ থাকিব আৰু তাই বাস কৰা ৰাজ্যখন ’অজিত’ হৈ থাকিব। ঘৰলৈ ঘূৰি আহি কৈকেয়ীয়ে চূড়ামণিটো সুমিত্ৰাক উপহাৰ দিছিল যিয়ে পাছলৈ সীতা, শ্ৰী ৰামচন্দ্ৰৰ পত্নীক দিছিল। সীতাক বিচাৰি লংকাৰ যোৱা হনুমানৰ হাতত নিজৰ চিন হিচাপে এইটো পুনৰ শ্ৰী ৰামচন্দ্ৰলৈ দিছিল৷ [6] গুজৰাটগুজৰাটত আকৌ হাতীদাঁতৰ পৰা তৈয়াৰী খাৰুক “চূড়া’’ বা “চূড়ামণি’’ বুলি জনা যায়। বিয়াৰ ঠিক আগতে কইনাই মাকৰ পৰিয়ালৰ পৰা সেইবোৰ গ্ৰহণ কৰে আৰু বিবাহ অনুষ্ঠানৰ সময়ত পিন্ধে।[4] তথ্য সূত্ৰ
|
Portal di Ensiklopedia Dunia