গোলোকচন্দ্ৰ গোস্বামী
গোলোকচন্দ্ৰ গোস্বামী (১৯২৩-২০২০) এজন অসমীয়া শিক্ষাবিদ আৰু ভাষাতত্ত্ববিদ। অসমীয়া ভাষাৰ ৰূপতত্ত্ব, ধ্বনিতত্ত্ব বিষয়ত তেওঁৰ অৱদান অতুলনীয়। তেওঁ ১৯৫৪ চনৰ পৰা ১৯৮৫ চনলৈকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপনা কৰিছিল। ১৯৬৬ চনত প্ৰকাশিত তেওঁৰ গ্ৰন্থ "An Introduction to Assamese Phonology"ক অসমীয়া ভাষাতত্ত্বলৈ এক আপুৰুগীয়া অৱদান হিচাপে গণ্য কৰা হয়। জীৱনকালত ড॰ গোস্বামীয়ে প্ৰায় ৬০ খনৰো অধিক গুৰুত্বপূৰ্ণ গ্ৰন্থ, শতাধিক প্ৰবন্ধ ৰচনা কৰি অসমীয়া ভাষা-সাহিত্যক সমৃদ্ধ কৰি গৈছে।[1] ২০২০ চনৰ ২৪ জানুৱাৰী ৯৬ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। জন্মতেখেতৰ জন্ম হয় ১৯২৩ চনৰ ১৫ নৱেম্বৰত অবিভক্ত নগাঁও জিলাৰ (বৰ্তমান মৰিগাঁও জিলাৰ) অন্তৰ্গত মায়ং মৌজাৰ দৈপাৰা সত্ৰত। পিতৃৰ নাম পৰমানন্দ দেৱ গোস্বামী আৰু মাতৃৰ নাম দময়ন্তী দেৱী।[2] শিক্ষা১৯৪২ চনত গোলোক চন্দ্ৰ গোস্বামীয়ে জাগী হাইস্কুলত দশম শ্ৰেণীত পঢ়ি থাকোঁতে স্বাধীনতা আন্দোলনত পশ্চিম নগাঁও চাৰ্কুলৰ শাস্তিসেনাৰ সহ-অধিনায়ক হিচাপে যোগ দিয়াত এটা শিক্ষাবৰ্ষ আনুষ্ঠানিক শিক্ষাৰপৰা বঞ্চিত হয়।[2] ১৯৪৪ চনত তেওঁ ৰহা হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত ষ্টাৰ নম্বৰসহ চাৰিটা বিষয়ত লেটাৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তাৰ পাছত ১৯৪৬ চনত কটন কলেজ পৰা বিজ্ঞান শাখাত প্ৰথম বিভাগত প্ৰাক-বিশ্ববিদ্যালয় শ্ৰেণীত উত্তীৰ্ণ হৈ চৰকাৰী বৃত্তি লাভ কৰে। ১৯৪৮ চনত কটন কলেজৰ পৰাই বি এ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৫০ চনত দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়াৰ পৰা তেওঁ স্নাতকোত্তৰ বুনিয়াদী প্ৰশিক্ষণ লাভ কৰে।[2] ইয়াৰ পাছত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন কৰি ১৯৫৩ চনত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লভি স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। ড॰ গোস্বামীয়েই আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়াত প্ৰথম শ্ৰেণী পোৱা প্ৰথমজন ছাত্ৰ।[1] কৰ্মজীৱন১৯৪৮-৪৯ চনত গোলোক চন্দ্ৰ গোস্বামীয়ে প্ৰায় এটা বছৰ গুৱাহাটীৰ কামৰূপ একাডেমীত শিক্ষকতা কৰিছিল। ১৯৫০ চনত তেওঁ নতুন অসমীয়া নামৰ দৈনিক কাকতখনত জ্যেষ্ঠ উপ-সম্পাদক হিচাপে কিছুদিন কাম কৰে। ১৯৫৪ চনৰ জুলাইত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত প্ৰবক্তা হিচাপে যোগদান কৰে। ১৯৫৫ চনৰ মে' মাহৰ পৰা ১৯৫৬ চনৰ মাজভাগলৈকে পুনেৰ ডেক্কান কলেজত ভাষা বিজ্ঞানৰ গৱেষক ছাত্ৰ হিচাপে প্ৰশিক্ষণ গ্ৰহণ কৰে। ১৯৫৮ চনত তেওঁ নিউয়ৰ্কৰ ৰকদ=ফেলাৰ ফাউণ্ডেচনৰ ৰিছাৰ্ছ ফেল' হিচাপে কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত বৰ্ণনামূলক ভাষা বিজ্ঞানৰ দুবছৰীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিছিল।[1] ১৯৬২ চনত অসমীয়া ভাষাতত্ত্ব-চৰ্চাৰ ইতিহাসত মাইলৰ খুঁটি স্বৰূপ ড॰ বাণীকান্ত কাকতিৰ "Assamese, Its Formation and Development" শীৰ্ষক গ্ৰন্থখনৰ নতুন সংস্কৰণটোৰ সংশোধন, সংযোজন আৰু সম্পাদনাৰ নিচিনা গুৰুত্বপূৰ্ণ দায়িত্ব গ্ৰহণ কৰে।[2] ১৯৬৭ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ ৰিডাৰ হিচাপে পদোন্নতি পায়। এনে সময়তে পুনেৰ ডেক্কান কলেজৰ ডিৰেক্টৰ ড॰ সুমিত্ৰ মংগেশ কাত্ৰেৰ তত্ত্বাৱধানত "Structure of Assamese Language" বিষয়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা তেওঁ ডক্টৰেট ডিগ্ৰী লাভ।[2] ইয়াৰ পাছত ১৯৭৮ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ১৯৮১ চনত মহীশুৰত অনুষ্ঠিত হোৱা দক্ষিণ এছিয়া ভাষা আৰু ভাষাতত্ত্বৰ তৃতীয় আন্তৰ্জাতিক সমাৰোহত ‘Sanskrit Words in Siamese : An Observation on Consonantal Change' শীৰ্ষক গৱেষণাপত্ৰ পাঠ কৰে। ১৯৮৫ চনত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰি জীৱনৰপৰা অৱসৰ গ্ৰহণ কৰে। সেই বছৰেই তেওঁ অসম সাহিত্য সভাৰ বিহপুৰীয়া অধিৱেশনৰ ভাষা-সম্মিলনত সভাপতিৰ দায়িত্ব পালন কৰিছিল।[3] ১৯৯০ চনত নকৈ প্ৰতিষ্ঠিত Linguistic Society of Assamৰ প্ৰতিষ্ঠাপক সভাপতি দায়িত্ব গ্ৰহণ কৰে। মৃত্যুৰোগ আৰু বাৰ্ধক্যজনিত কাৰণত গোলোকচন্দ্ৰ গোস্বামী ২০২০ চনৰ ২ জানুৱাৰীৰ পৰা গুৱাহাটীৰ গীতানগৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। ২৪ জানুৱাৰীৰ পুৱা প্ৰায় ৬-১৫ টাত ৯৬ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।[4] [5]
প্ৰকাশিত সাহিত্য-গ্ৰন্থসমূহভাষা বিষয়ক গ্ৰন্থ
ইংৰাজী গ্ৰন্থ
সম্পাদনা
অভিধান
অনুবাদ
ভাষাতত্ত্ব
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
|