গুজৰী ভাষা
গুজৰী, গোজৰী বা গুৰ্জৰী এটি পশ্চিমীয়া ভাৰতীয়-আৰ্য ভাষা যি ৰাজস্থানী ভাষাগোষ্ঠীৰ অন্তৰ্গত।[1][2] ই ঘাইকৈ ভাৰত আৰু পাকিস্তানৰ গুজ্জৰ সম্প্ৰদায়ৰ লোকে ব্যৱহাৰ কৰে। কিছু সংখ্যক কথোঁতা আফগানিস্তানতো আছে। ভাৰতৰ ২০১১ চনৰ জনগণনা অনুযায়ী, এই ভাষা প্ৰায় ১৩ লাখ লোকে ব্যৱহাৰ কৰিছিল জম্মু আৰু কাশ্মীৰ আৰু হিমাচল প্ৰদেশত। অন্য প্ৰান্তৰ গুজ্জৰ লোকে নিজৰ নিজৰ প্ৰান্তৰ স্থানীয় ভাষাহে ব্যৱহাৰ কৰিছিল। পাকিস্তানত আনুমানিক ৪০০০০০ গুজৰী ভাষী লোক আছিল ২০১৮ চনত, মুখ্যতঃ পাকিস্তান অধিকৃত কাশ্মীৰ, গিলগিত-বলতিস্তান (দিয়ামেৰ আৰু গিলগিত জিলাত), খাইবৰ পখতুনখোৱা (হজৰ প্ৰান্তত, উত্তৰ-পশ্চিম দিশে চিত্ৰললৈকে), আৰু উত্তৰ পাঞ্জাবৰ ৰৱালপিণ্ডি জিলাত। ২০১৫ চনত আফগানিস্তানত আনুমানিক ১৫০০০ লোকে এই ভাষা কৈছিল।[3] ভাৰতত পূৰ্বৰ জম্মু আৰু কাশ্মীৰ ৰাজ্যই গুজৰীক আনুষ্ঠানিক স্বীকৃতি প্ৰদান কৰিছিল, নিজৰ সংবিধানৰ ষষ্ঠ অনুসূচীত ইয়াক অন্তৰ্ভুক্ত কৰি।[4] সাহিত্যিক পৰম্পৰাগুজৰী লোককথাৰ এক বিশাল সম্ভাৰ পোৱা যায়, য'ত লোকসংগীত, লোকগীত, সাধু কথা আদি অন্তৰ্ভুক্ত।[5] গুজৰী সাধু কথাক দাস্তাঁ বোলা হয়। নূৰো, তাজো, নূৰা বেগমা, শ্বুপিয়া, কুঞ্ঝডি আৰু মৰিয়াঁ লোক সংগীতৰ প্ৰকাৰ।[6] আধুনিক সৃষ্টিশীল লিখনত চেইন কদৰ বক্স, নূন পূঞ্চি আদিৰ লেখ উল্লেখযোগ্য। মিয়াঁ নিজামুদ্দীন, খুদা বক্স জৰ, জবিহ ৰাজৌৰৱী, শ্বমছুদ্দীন মেহজূৰ পূঞ্চি, মিয়াঁ বশ্বীৰ আহমেদ, জৱেইদ ৰাহি, ৰাফিক অঞ্জুম, মিল্কি ৰাম কুশ্বন, সৰৱাৰী কচ্ছনা, নচীম পূঞ্চি আদিয়েও উল্লেখযোগ্য কাম কৰিছে এই ভাষাত গদ্য, পদ্য আৰু আলোচনাৰ মাজেৰে। প্ৰতিষ্ঠান আৰু সংবাদমাধ্যমঅল ইণ্ডিয়া ৰেডিঅ' আৰু দূৰদৰ্শন কেন্দ্ৰত বিভিন্ন গুজৰী ভাষাৰ প্ৰগ্ৰাম প্ৰদৰ্শন কৰা হয়। ভাৰতত ৰেডিঅ' কাশ্মীৰ জম্মু, শ্ৰীনগৰ, পূঞ্চ আৰু পাকিস্তানৰ ৭টা অনাতাৰ কেন্দ্ৰত তথা পি টি ভিত গুজৰী ভাষাত অনুষ্ঠান আৰু বাতৰি পৰিৱেশন কৰা হয়। গুজৰী ভাষাত বিভিন্ন কিতাপো ছপা কৰা হৈছে, যেনে বিশ্বকোষ, কবিতা, কল্পকথা, বাস্তৱ বিষয়ক গ্ৰন্থ, অভিধান, ব্যাকৰণ, প্ৰকৃতি বিষয়ক, লোককথা, শিল্প আৰু বাস্তুকলা, কৃষি, সমাজশাস্ত্ৰ আৰু গৱেষণা আদিৰ সৈতে সম্বন্ধিত।[7] ভাৰতৰ সাহিত্য অকাডেমীৰ নেশ্বনেল একাডেমী অৱ লেটাৰ্ছে গুজৰীক এটি মুখ্য ভাৰতীয় ভাষা হিচাপে নিজৰ ৰাষ্ট্ৰীয় বঁটা, ভাষা সন্মান আৰু অন্য অনুষ্ঠানৰ বাবে স্বীকৃতি প্ৰদান কৰিছে। জম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্টছ, কালছাৰ এণ্ড লেংগুৱেজেছে এটি গুজৰী বিভাগ প্ৰতিষ্ঠা কৰিছিল নিজৰ কেন্দ্ৰীয় কাৰ্যালয়ত ১৯৭০ৰ দশকত যিয়ে গুজৰী ভাষাত লেখা প্ৰকাশ কৰে। তাত আলোচনা চক্ৰ, সন্মিলন আদি অনুষ্ঠিত কৰা হয় গুজৰী ভাষা সম্বন্ধীয় বিষয়ত। জম্মু আৰু কাশ্মীৰৰ ৰাজ্যিক শিক্ষা ব'ৰ্ডে মধ্য স্কুললৈকে গুজৰী ভাষা শিকাবলৈ পাঠ্যক্ৰমো তৈয়াৰ কৰি থৈছে। জম্মু বিশ্ববিদ্যালয়ৰ কাউঞ্চিলে গোজৰী গৱেষণা কেন্দ্ৰ খোলাত অনুমোদন জনাইছে জম্মুত আৰু কাশ্মীৰ বিশ্ববিদ্যালয়ত, যিয়ে ভাষাটোৰ বিষয়ে গৱেষণা জমা কৰাত পি এছ ডি প্ৰদান কৰিব। গুজৰী একাডেমীও প্ৰতিষ্ঠা কৰা হৈছে। পুনৰুদ্ধাৰপাকিস্তানৰ ইছলামাবাদ, আট্টোক, ৰৱলপিণ্ডি, চকৱাল, ঝেলম আদি ঠাইত গুজৰী ভাষী লোক ভাল সংখ্যাত আছে। পিচে সময়ৰ সৈতে তেওঁলোকে নিজৰ ভাষা নোকোৱা হৈছে। এনে পৰিস্থিতিত গোজৰী বহলী প্ৰোগ্ৰাম (গুজৰী পুনৰুদ্ধাৰ কাৰ্যক্ৰম) আৰম্ভ কৰা হৈছে সকলোকে গুজৰী ব্যৱহাৰ কৰিবলৈ উৎসাহ জগাবলৈ। ইয়াৰ অধীনত মানুহক বিভিন্ন প্ৰ-পত্ৰ, যেনে শৈক্ষিক অনুষ্ঠান, ৰাষ্ট্ৰীয় পৰিচয় পত্ৰ বা চাকৰীৰ বাবে আৱেদন কৰোঁতে, নিজৰ মাতৃ ভাষা গুজৰী বুলি উল্লেখ কৰিবলৈ অনুৰোধ জনোৱা হয়। পাকিস্তান চৰকাৰক জনগণনাত গুজৰীক মাতৃভাষাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈও হেঁচা প্ৰয়োগ কৰা হৈছে। গুজৰাট বিশ্ববিদ্যালয়ত গোজৰী বিভাগ প্ৰতিষ্ঠা কৰাৰো প্ৰচেষ্টা চলোৱা হৈছে। এই কাৰ্যাৱলীৰ আঁৰত মহম্মদ অফচৰ খান নামৰ এজন ব্যক্তি আছে যি পাকিস্তানৰ গুজৰাট প্ৰান্তাৰ।[8] গ্ৰন্থৰ তালিকাঅভিধান[9]
গ্ৰন্থ[10]
জাৰ্ণেলজম্মু এণ্ড কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালছাৰ এণ্ড লেংগুৱেজেছৰ দ্বাৰা প্ৰকাশিত[11][12]
NGO-ৰ দ্বাৰা প্ৰকাশিত:
তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia