গণ্ডভেৰুণ্ডগণ্ডভেৰুণ্ড (সংস্কৃত: गण्डभेरुण्ड) বা ভেৰুণ্ড (সংস্কৃত : भेरुण्ड) হৈছে হিন্দু পৌৰাণিক আখ্যানসমূহৰ দুটা শিৰযুক্ত এক পক্ষী। ইয়াক অপৰিসীম যাদুকৰী শক্তিৰ অধিকাৰী বুলি বিশ্বাস কৰা হয়। [1] পৰৱৰ্তী কালৰ বৈষ্ণৱ পৰম্পৰাত ইয়াক শৰভৰ সৈতে যুঁজিবলৈ বিষ্ণুৱে ধাৰণ কৰা এটা ৰূপ বুলি ধৰা হয়। শৈৱ পৰম্পৰাত শৰভ হৈছে বিষ্ণুৰ নৰসিংহ অৱতাৰক শান্ত কৰিবলৈ শিৱই ধাৰণ কৰা এটা ৰূপ। চিত্ৰণসাধাৰণতে গণ্ডভেৰুণ্ডক ঠেং আৰু ঠোঁটত হাতীক খামুচি ধৰি থকা অৱস্থাত চিত্ৰিত কৰা হয়। এই ৰূপৰ জৰিয়তে ভেৰুণ্ডৰ অপৰিসীম শক্তি প্ৰদৰ্শন কৰা হয়। মাদুৰাইত পোৱা এটা মুদ্ৰাত ইয়াৰ ঠোঁটত সৰ্প ধাৰণ কৰি থকা দেখা গৈছে। [2] দ্বিমাত্ৰিক চিত্ৰণসমূহত দুটা মূৰৰ ঈগলৰ দৰে এক ৰূপ দেখুওৱাৰ বিপৰীতে আন ছবিসমূহত ময়ূৰৰ দৰে দীঘল ঠেংৰ পাখি থকা ৰূপত চিত্ৰিত কৰা হৈছে। কৰ্ণাটকৰ বেলুৰৰ চেন্নাকেশৱ মন্দিৰত গণ্ডভেৰুণ্ডক বিশ্বব্ৰহ্মাণ্ড ধ্বংসৰ কাৰক হিচাপে খোদিত কৰা হৈছে। [3]পৰৱৰ্তী কালত গণ্ডভেৰুণ্ডক বিষ্ণুৰ চতুৰ্থ অৱতাৰ নৰসিংহই গ্ৰহণ কৰা গৌণ ৰূপ হিচাপে চিনাক্ত কৰা হয়। ইয়াৰ উল্লেখ কেইবাখনো হিন্দু শাস্ত্ৰত পোৱা যায়। [4] কিংবদন্তিনৰসিংহই অসুৰ ৰজা হিৰণ্যকশিপুক বধ কৰি ৰক্তপান কৰিলে যদিও তেওঁৰ ক্ৰোধ ক্ষান্ত নহ'ল। অৱশ্যে মূল আখ্যান অনুসৰি হিৰণ্যকশিপুৰ পুত্ৰ প্ৰহ্লাদে কাকূতি প্ৰাৰ্থনাৰে নৰসিংহৰ ক্ৰোধ শান্ত কৰিবলৈ সক্ষম হৈছিল আৰু তাৰ পিছত বিষ্ণু বৈকুণ্ঠলৈ উভতি আহিছিল। [5] কিন্তু শৈৱ পৰম্পৰাই এই কাহিনীটোৰ পৰিৱৰ্তন কৰি শিৱৰ আধিপত্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল। ইয়াৰ মতে নৰসিংহই নিজৰ ক্ৰোধত মহাবিশ্ব ধ্বংস কৰিব পাৰে বুলি ভয় কৰি দেৱতাসকলে সহায়ৰ বাবে শিৱৰ ওচৰলৈ গ’ল। সৃষ্টিক ৰক্ষা কৰিবলৈ শিৱই নিজৰ বীৰভদ্ৰ ৰূপ লৈ নৰসিংহক ক্ষান্ত হ'বলৈ অনুৰোধ কৰিলে। কিন্তু নৰসিংহই এই আহ্বানক আওকাণ কৰাত শিৱই শৰভ বা শৰভেশ্বৰৰ ৰূপ ল’লে। এই ৰৰুপ আছিল আংশিকভাৱে সিংহ আৰু আংশিকভাৱে পক্ষী। তেওঁ নৰসিংহৰ সৈতে যুঁজি তেওঁক বশ কৰে আৰু তাৰ পিছত তেওঁলোকে নিজ নিজ লোকলৈ পুনৰ গমন কৰে। ইয়াৰ পিছত বৈষ্ণৱ পৰম্পৰাই সেই আখ্যানটোৰো সম্প্ৰসাৰণৰ সৃষ্টি কৰিলে। ইয়াৰ মতে, শৰভে নৰসিংহক ধৰি আকাশলৈ কঢ়িয়াই নিবলৈ আৰম্ভ কৰাৰ সময়তে নৰসিংহই দুমূৰীয়া ঈগলৰ ৰূপ লয়। সেই ৰূপেই হৈছে গণ্ডভেৰুণ্ড যি আছিল শৰভতকৈও শক্তিশালী। তেওঁলোকৰ মাজত ১৮ দিনীয়া তীব্ৰ যুদ্ধ আৰম্ভ হয়। অষ্টাদশ দিনা গণ্ডভেৰুণ্ডই শৰভক পৰাস্ত কৰে আৰু ফলস্বৰূপে ক্ৰোধ ত্যাগ কৰি শান্তিৰ ভাৱ ঘূৰাই আনে। বিষ্ণুৰ প্ৰতি সন্মানৰ চিন স্বৰূপে শৰভই তেওঁৰ শৰীৰৰ ছাল আঁতৰাই গণ্ডভেৰুণ্ডক উপহাৰ দিয়ে। তাৰ পিছত বিষ্ণু আৰু শিৱ দুয়োজনেই নিজ নিজ লোকলৈ প্ৰস্থান কৰে। ব্যৱহাৰগণ্ডাভেৰুণ্ড ৱোদেয়াৰ ৰজাৰ অধীনত পূৰ্বতে মহীশূৰ ৰাজ্যৰ প্ৰতীক আছিল আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ইয়াক মহীশূৰে নিজৰ প্ৰতীক হিচাপে ৰাখিছিল। এই ৰাজ্যখনক ১৯৫৬ চনত সংবৰ্দ্ধিত কৰা হয় আৰু ১৯৭৩ চনত কৰ্ণাটক নামেৰে নামকৰণ কৰা হয়। বৰ্তমানো গণ্ডভেৰুণ্ড কৰ্ণাটকৰ চৰকাৰী ৰাজ্যিক প্ৰতীক হৈয়েই আছে। ইয়াক কৰ্ণাটক ৰাজ্য চৰকাৰে চৰকাৰী প্ৰতীক হিচাপে ব্যৱহাৰ কৰে। ই ধ্বংসৰ শক্তিৰ বিৰুদ্ধে স্থিতিস্থাপকতাক প্ৰতিনিধিত্ব কৰে। ইয়াক হিন্দু মন্দিৰত জটিলভাৱে খোদিত ভাস্কৰ্য্য হিচাপে দেখা যায়। [6] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia