কেঁচা সোণ
কেঁচা সোণ (ইংৰাজী: Kecha Son) ২৯ মাৰ্চ ১৯৫৯ত মুক্তি পোৱা অসমীয়া কথাছবি।[1] চাহবাগিছাৰ বনুৱা জীৱনৰ ওপৰত আধাৰিত এই ছবিৰ পৰিচালক আছিল ফণী শৰ্মা। কাহিনী আৰু চিত্ৰনাট্য লিখিছিল ডিব্ৰুগড়ৰ ভৰত বৰপূজাৰীয়ে। আই.এন.টি.ইউ.চি. তেজপুৰ শাখাৰ উদ্যোগত এই ছবিখন জ্যোতিপ্ৰসাদ আগৰৱালাৰ কনিষ্ঠ ভাতৃ হৃদয়ানন্দ আগৰৱালাই প্ৰযোজনা কৰিছিল। 'কেঁচা সোণ'ৰ সংলাপত বহুলাংশে চাহ-বনুৱাৰ ভাষা ব্যৱহাৰ কৰা হৈছিল।[2] ছবিখনক অসম চৰকাৰে আমোদ কৰ ৰেহাই দিছিল। আমোদ কৰ ৰেহাই পোৱা এইখন প্ৰথম অসমীয়া কথাছবি।[1] কাহিনীকেঁচা সোণৰ কাহিনী 'এটি কলি দুটি পাতৰ' কাহিনী অসমৰ হেজাৰ চাহবাগিছাৰ হেজাৰ বনুৱাৰ কাহিনী। সিহঁতৰ কপালৰ কেঁচা ঘামেৰে জীপ পাই উঠা মাইল জোৰা সেউজীয়া চাহপাতৰ আঁৰত লুকাই থাকে বনুৱাসকলৰ সাতাম পুৰুষীয়া নানান কুসংস্কাৰ, শিক্ষাৰ পোহৰ নোপোৱা বনুৱাৰ নানানবিধ কুঅভ্যাস। বাহুত হেজাৰ হাতীৰ বল থাকিলেও সদায় পদদলিত অৱহেলিত হৈ থকা বনুৱা শ্ৰেণীক মানুহ হিচাপে সমাজত ঠাই দিবলৈ এচাম মানুহ কিন্তু সদায়েই উৎসাহেৰে আগবাঢ়ি আহে। এইবোৰ কথাকে ফুটাই তুলিবলৈ চেষ্টা কৰা হৈছিল কেঁচা সোণ বোলছবিত।[2] তেতিয়াও দেশ স্বাধীন হোৱা নাই। ৰংদৈ বাগিছাৰ ২য় বৰমহৰী জগন্নাথে বনুৱাসকলৰ মাজত সোমাই কল্যাণমূলক কামত জড়িত হয়। সেইবাবে তেওঁক বনুৱাসকলেও ভাল পায়। এদিন বাগিছাৰ ডাক্তৰৰ সৈতে বাগানৰ হাস্পাতালত বিশেষ দৰব-পাতি নথকাক কেন্দ্ৰ কৰি কথাৰ কটাকটি হোৱাত চাকৰিটো হেৰুৱাবলগীয়া হয়। অভিনয় শিল্পী
সঙ্গীতসঙ্গীত পৰিচালনা আৰু গীত ৰচনা ভূপেন হাজৰিকাৰ। ছবিখনত পৰম্পৰাগত মজদুৰ গীতো দুটা অন্তৰ্ভূক্ত কৰা হৈছে।[3]
তথ্য উৎস
|
Portal di Ensiklopedia Dunia