ঈশা দেউল

ঈশা দেউল

২০০৭ চনৰ জাষ্ট ম্যাৰেড ৰ প্ৰেছ কনফাৰেন্সত
জন্ম ঈশা ধৰ্মেন্দ্ৰ দেউল
২ নৱেম্বৰ, ১৯৮১ (৪৩ বছৰ)
মুম্বাই, ভাৰত
শিক্ষা মিথিবাই কলেজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
দাম্পত্যসঙ্গী ভাৰত তাখতানি (২০১২–বৰ্তমান)
পিতৃ-মাতৃ ধৰ্মেন্দ্ৰ
হেমা মালিনী
আত্মীয়-স্বজন অহনা দেউল (ভগ্নী)
চানি দেউল (ভাই)
ববি দেউল (ভাই)
অভয় দেউল (সম্বন্ধীয় ভাই (খুড়াকৰ পুত্ৰ))

ঈশা দেউল (জন্ম: ২ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী; তেওঁ মূলতঃ বলিউড চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০২ চনৰ কই মেৰে দিল ছে পুছে চলচ্চিত্ৰখনত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ঈশাই এই চলচ্চিত্ৰখনৰ যোগেদি চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা লাভ আৰু অনেক পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।[1]

ব্যক্তিগত জীৱন

ঈশা দেউল আৰু ভাৰত তাখতানিৰ বিবাহ অনুষ্ঠানত

ঈশা দেউল ১৯৮১ চনৰ ২ নৱেম্বৰ তাৰিখে ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰে। তেওঁৰ পূৰ্ণ নাম হল ঈশা ধৰ্মেন্দ্ৰ দেউল। ঈশা নামটো উপনিষদ্‌ আৰু সংস্কৃত ভাষাৰ পৰা নিয়া হৈছে; যাৰ অৰ্থ হল "ঐশ্বৰিক দয়িত" বা স্বৰ্গীয় সুন্দৰী। তেওঁ বলিউড অভিনেতা ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ ডাঙৰ কন্যা। তেওঁৰ অহনা দেউল নামে এজনী সৰু ভগ্নী আছে। তেওঁ অভিনেতা চানি দেউল আৰু ববি দেউলৰ সম-ভগ্নী আৰু অভিনেতা অভয় দেউলৰ দদাই ভগ্নী।

ঈশা পঞ্জাবী আৰু তামিল ভাষাত কথা পাতিব পাৰে। তেওঁ যেতিয়া তেওঁৰ মা আৰু ভগ্নীৰ সৈতে কথা পাতে তেতিয়া তামিল ভাষা ব্যৱহাৰ কৰে।

ঈশা দেউল ২০১২ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁৰ প্ৰেমিক ভাৰত তাখতানিৰ (এজন ব্যবসায়ী) সৈতে বিবাহৰ বাগদান সম্পন্ন কৰে[2] আৰু ২০১২ চনৰ ২৯ জুনত বিবাহ বন্ধনত আবদ্ধ হয়।[3]

অভিনয় জীৱন

ঈষা দেউলে ২০০২ চনত বিনয় শুক্লাৰ কই মেৰে দিল ছে পুছে নামৰ চলচ্চিত্ৰত মুখ্য নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। সেই চলচ্চিত্ৰত তেওঁৰ সৈতে আফটাব শিৱদাসনি, সঞ্জয় কাপুৰ, জয়া বচ্ছন আৰু অনুপম খেৰেও অভিনয় কৰিছিল। চলচ্চিত্ৰখন ব্যৱসায়িকভাৱে অসফল হৈছিল। এই চলচ্চিত্ৰত কৰা অভিনয় সম্পৰ্কে বিভিন্ন জনে বিভিন্ন ধৰণে সমালোচনা কৰিছিল। এনে বহু সমালোচনাৰ পিছতো তেওঁ ৪৮ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্ৰেষ্ট অভিষেক অভিনেত্ৰীৰ লগতে কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।

চলচ্চিত্ৰপঞ্জী

বছৰ চলচ্চিত্ৰ ভূমিকা মন্তব্য
২০০২ কই মেৰে দিল ছে পুছে আইশা সিং ফিল্মফেয়াৰ পুৰস্কাৰ শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী
২০০২ না তুম জানো না হাম ঈশা মালহোত্ৰা
২০০২ ক্যা দিল নে কাহা ঈশা
২০০৩ কুছ তো হ্যায় তন্যা
২০০৩ চুৰা লিয়া হে তুমনে তিনা খান্না
২০০৩ এলঅচি কাৰ্গিল ডিম্পল
২০০৪ আয়ুথা এজহুথু গীতাঞ্জলি তামিল চলচ্চিত্ৰ
২০০৪ যুবা ৰাধিকা
২০০৪ ধুম সীনা
২০০৫ ইনছান হীনা
২০০৫ কাল ৰিয়া থাপৰ
২০০৫ মে এইছা হি হু মায়া ত্ৰিবেদী
২০০৫ দাস নেহা
২০০৫ নো এণ্ট্ৰি পূজা
২০০৫ ছাদি নাম্বাৰ ওয়ান দিয়া সাক্সিনা
২০০৬ প্যায়াৰে মোহন প্ৰিতি
২০০৬ আনকাহি কাব্য কৃষ্ণ
২০০৭ জাষ্ট মেৰিড ৰিতিকা খান্না
২০০৭ ডাৰলিং গীতা মেনন
২০০৭ কাচ পূজা
২০০৮ ছানডে নিজ "কাশমাকাশ" গানত বিশেষ উপস্থিতি
২০০৮ মানি হ্যায় তোহ হানি হ্যায় নিজ "তা না না" গানত বিশেষ উপস্থিতি
২০০৮ ওয়ান টু থ্ৰি জিয়া
২০০৮ হাইজ্যাক সায়ৰা
২০১১ টেল মি আৰু খুদা তানিয়া আৰ. কাপুৰ
২০১৫ কেয়াৰ অব ফুটপথ ২ মীৰা কন্নাটা
কিল দেম ইয়ং হিন্দী
মাঞ্জা তেলেগু

টেলিভিছন

বছৰ টেলিভিছন ভূমিকা মন্তব্য
২০১৫ এমটিভি ৰোডিছ এক্স২ গ্যাং লীডাৰ

পুৰস্কাৰ আৰু মনোনয়ন

বছৰ পুৰস্কাৰ বিভাগ চলচ্চিত্ৰ ফলাফল
২০০৩ বলিউড মুভি এৱাৰ্ডছ শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী কই মেৰে দিল সে পুছে বিজয়ী
ফিল্মফেয়াৰ পুৰস্কাৰ শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী কই মেৰে দিল ছে পুছে বিজয়ী
ষ্টাৰ স্ক্ৰিন এৱাৰ্ড নবাগত উদীয়মান অভিনেত্ৰী কই মেৰে দিল সে পুছে
না তুম জানো না হুম
ক্যা দিল নে কাহা
বিজয়ী
আইফা পুৰস্কাৰ শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী -২০১২ কই মেৰে দিল ছে পুছে বিজয়ী
২০০৫ শ্ৰেষ্ঠ সহ-অভিনেত্ৰী ধুম মনোনীত

তথ্য সংগ্ৰহ

বহিঃসংযোগ

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia