ভাগ্যশ্ৰী
ভাগ্যশ্ৰী পটৱৰ্ধন (মাৰাঠী: भाग्यश्री पटवर्धन; জন্ম: ২৩ ফেব্ৰুৱাৰী ১৯৬৯)[1] হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু সমাজকৰ্মী। তেখেতে ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। হিন্দী ছবিৰ জগত আৰু টেলিভিছনৰ জগতত ভাগ্যশ্ৰী এক সুপৰিচিত আৰু প্ৰতিষ্ঠিত নাম।[উদ্ধৃতিৰ প্ৰয়োজন] ১৯৮৯ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'মেইনে প্যাৰ কিয়া'ৰ জৰিয়তে ভাগ্যশ্ৰীয়ে পোনপ্ৰথমে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে। তেখেতৰ চৰিত্ৰটোৰ নাম আছিল 'সুমন'। এই বিশেষ চৰিত্ৰটোৰ দ্বাৰা তেখেতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰে। আনহাতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ বঁটা লাভ কৰে। ছবিখনত তেখেতৰ বিপৰীতে অভিনয় কৰিছিল ছলমান খানে। উল্লেখযোগ্য যে, এইখন ছবিত কৰা অভিনয়ৰ বাবে ভাগ্যশ্ৰী আজিও জনপ্ৰিয় আৰু সমাদৃত। এইখন তেখেতৰ সফল ছবি হিচাপেও পৰিগণিত।[2]নবৈৰ দশকত তেখেতে 'ত্যাগী', 'ৰানা'ৰ দৰে ছবি দুখনমানতহে অভিনয় কৰে। ১৯৯০ চনত হিমালয়া দশানীৰ লগত তেখেতে বৈবাহিক জীৱন আৰম্ভ কৰে।[3][4][5] একবিংশ শতিকাৰ প্ৰথমভাগৰ পৰা ভাগ্যশ্ৰীক পুনৰ পৰ্দাত দেখিবলৈ পোৱা যায়। ২০০২ চনৰ ছবি 'শত্ৰু ধ্বংস', ২০০৬ চনৰ ছবি 'উথাইলা ঘুংগতা ছান্দ দেখলে' আছিল তাৰে ভিতৰত দুখন। ২০০৬ চনতে তেখেতে 'হামকো দিৱানা কৰ গয়ে'তো এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে।[6] ২০১৪ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'টু ষ্টেটছ্'ৰ তেলুগু ভাষাৰ ৰিমেকৰ বাবে তেখেত এতিয়া সাজু হৈছে।[7] ছবিত অভিনয় কৰাৰ লগতে, ভাগ্যশ্ৰীয়ে ২০০৫ চনত 'ষ্টুডিঅ ওৱান' নামৰ টেলিভিছিন চিৰিজটোও পৰিচালনা কৰে। ২০১৪-১৫ বৰ্ষত 'লৌট আও তৃষা'ৰ বাবে ভাগ্যশ্ৰীয়ে 'ইণ্ডিয়ান টেলিভিছন একাডেমী এৱাৰ্ড'ৰ বাবে মনোনয়ন লাভ কৰে।[8] ভাগ্যশ্ৰী এগৰাকী সমাজকৰ্মীও। ২০১৫ চনৰ মাৰ্চত, ভাগ্যশ্ৰী 'ভাগ্যশ্ৰী স্কিম'ৰ ব্ৰেণ্ড এম্বাচাদৰ হিচাপে নিযুক্ত হয়। যিটো আছিল মহাৰাষ্ট্ৰ চৰকাৰৰ দ্বাৰা আৰম্ভ হোৱা এটা বিশেষ আঁচনি।[9] দৰিদ্ৰ সীমা ৰেখাৰ তলত স্থানপ্ৰাপ্ত কন্যা শিশুৰ শিক্ষাৰ বাবে ভাগ্যশ্ৰী আঁচনিয়ে সহায়ৰ হাত আগবঢ়ায়।[10] ১৯৯৩ চনত ভাগ্যশ্ৰীয়ে অভিনাশ ৱাধৱানৰ ছবি 'ঘৰ আয়া মেৰা পৰদেশী'ত অভিনয় কৰে।[11] নবৈৰ দশকত এইখনেই হৈছে ভাগ্যশ্ৰীৰ অন্তিমখন হিন্দী ছবি। ইয়াৰ পিছত তেখেতে দুখনমান তামিল, তেলুগু আৰু কন্নড় ভাষাৰ ছবিত অভিনয় কৰে। ভাগ্যশ্ৰীয়ে অভিনয় কৰা প্ৰথমখন তেলুগু ভাষাৰ ছবি আছিল 'য়ুৱাৰত্ন ৰাণা'। ছবিখনে মুক্তি লাভ কৰিছিল ১৯৯৮ চনত। ভাৰতৰ জনপ্ৰিয় টেলিভিছন অপৰাধমূলক ধাৰাবাহিক 'চিআইডি'ৰ কেইটামান খণ্ডতো ভাগ্যশ্ৰীয়ে ভূমুকি মাৰে। ইয়াৰ লগতে 'কভি কভি' নামৰ টিভি চিৰিজটোতো তেখেতক দেখিবলৈ পোৱা যায়।[12][13] তথ্যসূত্ৰ
|