আচিন
আচিন থত্তুমকাল (জন্ম: ২৬ অক্টোবৰ, ১৯৮৫ (৩৯ বছৰ))[1][2][3] এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ভাৰত নাট্যমত বিশেষভাৱে প্ৰশিক্ষিত। তেওঁ বলিউড, তেলেগু, তামিল, মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ তিনিটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে। তেওঁ দক্ষিণ ভাৰতীয় চিনেমা উদ্যোগত অভিনয় জীৱন আৰম্ভ কৰিছিল, কিন্তু পিছত বলীউডলৈ আহে।[4] তেওঁ আঠটা ভাষা কব পাৰে[5] আৰু নিজৰ চিনেমা নিজেই ভাষান্তৰণ বা ডাব কৰে।[6][7]আচিনক ২০০৭ চনত কলিউদৰ ৰাণী বুলি অভিহিত কৰা হৈছিল।[8][9]তেওঁ বলীউদৰ ১০০ কোটি ক্লাৱৰ সদস্যা।[10] চাথ্যান আন্থিক্কাৰৰ ২০০১ চনৰ মালায়ালম ছবি নৰেন্দ্ৰন মাকান জয়কয় ভাকা-ৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলা আচিনৰ প্ৰথমখন বাণিজ্যিকভাৱে সফল ছবি আছিল ২০০৩ চনৰ তেলেগু ভাষাৰ আম্মা নান্না অ' তামিলা আমায়ি আৰু সেইখনৰ বাবে তেলেগু চিনেমাৰ শ্ৰেষ্ঠ ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। এম কুমাৰ এছ/অ' মহালক্ষ্মী (২০০৪) আছিল তেওঁৰ প্ৰথমখন তামিল চিনেমা যিখনে ডাঙৰ বাণিজ্যিক সফলতা লাভ কৰিছিল। তেওঁ গজনী (২০০৫) চিনেমাখনত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ তামিল ফিল্মফেয়াৰ বঁটা লাভ কৰিছিল। তেওঁক তামিলনাডু চৰকাৰে কলা আৰু সাহিত্যত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কালাইমামানি বঁটা প্ৰদান কৰে[11]|তামিল বোলছবিৰ প্ৰতি থকা অৱদানৰ বাবে আচিনক ২০১৩চনত চিমা(SIIMA)ত দক্ষিণ ভাৰতীয় চিনেমাৰ গৌৰৱ আখ্যা দিয়া হয়[12]| তথ্য সংগ্ৰহ
বাহ্যিক সংযোগ
|