ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ ২০২১পটভূমি২০১৫ চনত প্ৰথমটো সংস্কৰণ অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাখনৰ প্ৰতি বছৰে প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পাই আহিছে আৰু বৈচিত্ৰ্যময় তথা সম্প্ৰসাৰিত সদস্যৰ অংশগ্ৰহণ দেখা ঘৈছে। ৫ বছৰ অতিক্ৰম কৰা ৱিকিপিডিয়া এছিয়ান মাহত এতিয়ালৈকে ৬৩ টাতকৈও অধিক ভাষাৰ ৱিকিপিডিয়াত ২,৯০০ তকৈও অধিক ৱিকিপিডিয়া সম্পাদকে ৩৭,৫০০ তকৈও অধিক উচ্চ মানদণ্ডৰ প্ৰবন্ধ সৃষ্টি কৰিছে। ৱিকিপিডিয়া এছিয়ান সম্প্ৰদায়সমূহৰ মাজত বন্ধুত্ব আৰু সাংস্কৃতিক আদান-প্ৰদানৰ অংশ হিচাপে, কমেও চাৰিটা প্ৰবন্ধ সৃষ্টি কৰা অংশগ্ৰহণকাৰীয়ে আন এক অংশগ্ৰহণকাৰী সম্প্ৰদায়ৰ পৰা এটা বিশেষ ৱিকিপিডিয়া এছিয়ান মাহ পোষ্টকাৰ্ড লাভ কৰিব। প্ৰতিখন ৱিকিপিডিয়াত সৰ্বাধিক প্ৰবন্ধ সৃষ্টি কৰা ৱিকিপিডিয়ানগৰাকীক "ৱিকিপিডিয়া এছিয়ান এম্বেচাডৰ" হিচাপে সন্মানিত কৰা হ'ব। অসমীয়া ৱিকিপিডিয়াত প্ৰতিযোগিতাখনৰ বিগত ২০১৫ আৰু ২০১৬ চনৰ সংস্কৰণৰ পাছত ২০২১ চনত পুনৰ ৱিকিপিডিয়া এছিয়ান মাহ এডিটাথন অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰা হৈছে। নিয়মাৱলীসংক্ষেপে: ২০২১ চনৰ নৱেম্বৰ মাহত এছিয়া বিষয়ক (ব্যক্তি, স্থান, সংস্কৃতি আদি) ৩,০০০ বাইট আৰু কমেও ৩০০টা শব্দ থকা, তথ্য উৎসৰ সৈতে নতুন প্ৰবন্ধ সৃষ্টি কৰক। কেৱল তালিকা থকা প্ৰবন্ধ গ্ৰহণযোগ্য নহয়।
যদি আপুনি প্ৰবন্ধটো ইংৰাজী ৱিকিপিডিয়াৰ পৰা অনুবাদ কৰিব বিচাৰে, তেন্তে সংশ্লিষ্ট ইংৰাজী প্ৰবন্ধলৈ গৈ বাঁওকাষৰ পাৰ্শ্বদণ্ডৰ 'Languages' শিতানত 'অসমীয়া' সন্ধান কৰক। যদি তাত অসমীয়া ভাষা তালিকাভুক্ত কৰা আছে, তেন্তে বুজিব যে প্ৰবন্ধটো ইতিমধ্যে অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা হৈছে। পুৰস্কাৰ
অংশগ্ৰহণঅংশগ্ৰহণ কৰকঅংশগ্ৰহণকাৰীৰ তালিকা
প্ৰবন্ধ জমা কৰকপ্ৰবন্ধ জমা দিবৰ বাবে ফাউনটেইন সঁজুলি প্ৰস্তুত কৰা হৈছে। আপুনি সৃষ্টি কৰা প্ৰবন্ধসমূহ তলৰ "প্ৰবন্ধ জমা কৰক" লিংকত ক্লিক কৰি জমা দিব পাৰিব।
বিচাৰকএই প্ৰতিযোগিতাখনৰ বিচাৰকসকল হৈছে: প্ৰতিযোগিতাখনৰ বিষয়ে আপোনাৰ কোনো প্ৰশ্ন বা প্ৰস্তাৱ থাকিলে আলোচনা পৃষ্ঠাত লিখিব পাৰে মেটা-ৱিকিৰ গোলকীয় প্ৰকল্প পৃষ্ঠাত বাৰ্তা দিব পাৰে। ইয়াৰোপৰি আন কোনো সহায়ৰ বাবে অসমীয়া ৱিকিপিডিয়াৰ সমন্বয়ৰক্ষক SlowPhoton-ৰ সৈতে যোগাযোগ কৰিব পাৰে।
|
Portal di Ensiklopedia Dunia