ৱিকিপিডিয়া:ৱিকিপিডিয়া এছিয়ান মাহ উপলক্ষে অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ২০২৪
ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ উপলক্ষে যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত যোৱা ১৯ ডিচেম্বৰ তাৰিখে এখন অসমীয়া ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাখনৰ উদ্দেশ্য আছিল ২০১৫ চনৰপৰা ৱিকিপিডিয়াৰ এছিয়ান সম্প্ৰদায়সমূহৰ মাজত ভাতৃত্বৰ এনাজৰীডাল নিকপকপীয়া কৰিবলৈ অনুষ্ঠিত হৈ থকা ৱিকিপিডিয়া এছিয়ান মাহৰ প্ৰচাৰ, প্ৰসাৰ আৰু অসমীয়া ৱিকিপিডিয়া বিষয়ক সজাগতা সৃষ্টি কৰা। এই কৰ্মশালাখনত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ উত্তম বৰুৱা, শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক কুমুদ ঘোষ, কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে। অধ্যক্ষ উত্তম বৰুৱাই তেখেতৰ আদৰণি ভাষণত ৱিকিপিডিয়া এছিয়ান মাহনো কি এই বিষয়ে এক সম্যক ধাৰণা আগবঢ়ায়। ১৯ ডিচেম্বৰ তাৰিখৰ পুৱা ১০ বজাৰপৰা আৰম্ভ হৈ দুপৰীয়া ১২ বজাত শেষ হোৱা এই কৰ্মশালাত অংশগ্ৰহণকাৰীসকলক ৱিকিপিডিয়া এছিয়ান মাহলৈ কেনেকৈ অৱদান আগবঢ়াব সেয়া অৱগত কৰোৱাৰ লগতে অসমীয়া ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্পসমূহ যেনে, ৱিকিউৎস, ৱিকিকমন্স, ৱিকিউদ্ধৃতি, ৱিকিডাটা আদিৰ বিষয়ে সম্যক ধাৰণা প্ৰদান কৰা হয় আৰু লগতে অসমীয়া ৱিকিমিডিয়াৰ একোগৰাকী সদস্য হোৱাতে ক্ষান্ত নাথাকি ৱিকিমিডিয়া প্ৰকল্পসমূহলৈ অৱদান আগবঢ়াবলৈ উদগনি যোগোৱা হয়। আয়োজক আৰু সমল ব্যক্তিঅনুষ্ঠানত উপস্থিত মহাবিদ্যালয়ৰ অধ্যক্ষ তথা অধ্যাপক-অধ্যাপিকাসকল
অংশগ্ৰহণকাৰীসকল
আলোকচিত্ৰ
|
Portal di Ensiklopedia Dunia