ৱিকিপিডিয়া:সন্মিলন/ তেজপুৰ২প্ৰথম ৱিকিসন্মিলন, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰগিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত এইখন প্ৰথম ৱিকিসন্মিলন, তথ্য তলত দিয়া হ'ল। স্থানচেমিনাৰ হ'ল, গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰ, কুণ্ডাৰবাৰী, শোনিতপুৰ তাৰিখ২৮ ফেব্ৰুৱাৰী, ২০১৫। সময়ৰাতিপুৱা ১০:০০ বজাত বিশিষ্ট অতিথি
কাৰ্য্যসূচীসন্মিলনখনিত মুখ্যতঃ উঠি অহা যুৱক-যুৱতীসকলক অসমীয়া ৱিকিপিডিয়াৰ প্ৰয়োজনীয়তা বুজাবলৈ আৰু ৱিকিপিডিয়াৰ লগত জড়িত হ'বলৈ উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰা হ'ব। লগতে নিম্নোল্লিখিত কামখিনিৰ বিষয়েও থুলমুলকৈ জ্ঞান দিয়া হ'ব:
ইয়াৰ উপৰিও যোগদানকাৰী সকলক অসমীয়া ৱিকিউৎসৰ বিষয়েও অৱগত কৰা হ'ব।
বিবৰণীৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ লগত সঙ্গতি ৰাখি ২৮ ফেব্ৰুৱাৰী,২০১৫ অসমৰ এখন আগশাৰীৰ কাৰিকৰী শিক্ষা প্ৰতিস্থান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেন্ট এণ্ড টেকনল'জী, তেজপুৰত এখন ৱিকিসন্মিলনৰ আয়োজন কৰা হৈছিল। সন্মিলনখনত মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা হৈছিল অভিজ্ঞ ৱিকিপিডিয়ান নিতুল বৰা দেৱ আৰু অসমীয়া ৱিকিপিডিয়াৰ প্ৰকাশক বিষ্ণু শইকীয়া দেৱক। কাৰিকৰী অসুবিধাৰ বাবে কিছুসময় পলমকৈ আৰম্ভ হোৱা সন্মিলনখনত অংশগ্ৰহণকাৰীৰ বিপুল ভিৰ পৰিলক্ষিত হৈছিল। আয়োজকসকলে জনোৱা অনুসৰি সন্মিলনখনৰ আৰম্ভণী হোৱাৰ লগে লগে বিজ্ঞান দিৱসৰ অন্যান্য অনুষ্ঠানসমূহৰ প্ৰতিযোগী আৰু দৰ্শকসকল ৱিকি সন্মিলন অনুষ্ঠিত হৈ থকা প্ৰেক্ষাগৃহত উপস্থিত হয়হি আৰু দৰ্শক-প্ৰতিযোগীৰ অভাৱৰ বাবে অন্যান্য অনুষ্ঠানসমূহ আয়োজকসকলে কিছু সময়লৈ স্থগিত ৰাখিবলৈ বাধ্য হয়। বিগত সপ্তাহত মহাবিদ্যালয় চৌহদত ৱিকি সন্মিলনখনৰ ঘোষণা হোৱাৰ পাছৰে পৰাই ছাত্ৰ-ছাত্ৰীসকলৰ মনত ৱিকি সন্মিলনখনৰ মনত তীব্ৰ উৎকন্ঠাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল আৰু এই উৎসাহ আজিৰ সন্মিলনখনত প্ৰতিফলিত হৈছিল। মহাবিদ্যালয়খনৰ ৰসায়ন বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ভূপেন বৰুৱাই সন্মিলনখন মুকলি কৰে। অনুষ্ঠানটোৰ আঁত ধৰে মহাবিদ্যালয়খনৰে যান্ত্ৰিক অভিযন্ত্ৰণ বিভাগৰ সহকাৰী অধ্যাপক ফাৰুক আজিজে। তেখেতে ইউনিকোডত অসমীয়া লিখিবলৈ মনতে পুহি ৰখা ভয় ভাৱ আঁতৰ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় লগতে অসমীয়া লিখন সঁজুলি ‘ৰ’দালি’ৰ সহায়ত কম্পিউটাৰত অসমীয়া লিখাৰ ব্যৱহাৰিক প্ৰশিক্ষণ প্ৰদান কৰে। বিষ্ণু শইকীয়াই অসমীয়া ৱিকিপিডিয়াৰ ইতিহাস আৰু বৰ্তমানৰ ই-বিশ্বত ভাষা এটাৰ স্বকীয়তা ৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্ব সম্বন্ধে ছাত্ৰ- ছাত্ৰীসকলক অৱগত কৰায়। তেওঁ আকৌ কয় ভাৰতীয় ভাষা সমূহৰ ভিতৰত মালায়ালম ৱিকিপিডিয়াৰ পিছতে ২০০২ চনত মুক্ত-বিশ্বকোষ হিচাপে অসমীয়া ৱিকিপিডিয়া মুকলি কৰা হৈছিল আৰু বৰ্তমান ইয়াত প্ৰায় ৩১২৫ টা প্ৰবন্ধ আছে। প্ৰায় একে সময়তে মুকলি কৰা অন্যান্য ভাৰতীয় ভাষাসমূহ অসমীয়া ভাষাতকৈ বহু যোজন দূৰ আগুৱাই গ’ল বুলি আক্ষেপ কৰে। প্ৰায় আশীজনমান ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা সন্মিলনখনৰ আনজন অতিথি নিতুল বৰাই ছাত্ৰ-ছাত্ৰীসকলক অসমীয়া ৱিকিপিডিয়াৰ কাৰিকৰী দিশসমূহৰ বিষয়ে অৱগত কৰায়। তেখেতে ৱিকিপিডিয়াত নতুন পৃষ্ঠাৰ সৃষ্টি, পুৰণি সাহিত্য সংৰক্ষণত ৱিকি উৎসৰ গুৰুত্ব ছাত্ৰ-ছাত্ৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। তেখেতে অসমীয়া ৱিকিপিডিয়াৰ মূল সমস্যাসমূহৰ বিষয়েও ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰায়। মূলত অৱদানকাৰীৰ অভাৱ আৰু সচেতনতাৰ অভাৱেই প্ৰবন্ধৰ স্ংখ্যা বৃদ্ধিত প্ৰধান অন্তৰায় হৈ দেখা দিয়া বুলি তেখেতে জানিবলৈ দিয়ে। অসমীয়া ভাষাৰ ভৱিষ্যতৰ প্ৰ্তি লক্ষ্য ৰাখি প্ৰ্ত্যেকজন আগ্ৰ্হী ব্যক্তিক ৱিকিপিডিয়াত যোগদান কৰি অৱদান আগবঢ়াই অসমীয়া ভাষাক জগত সভালৈ লৈ যাবলৈ সকলোকে আহ্বান জনোৱা হয়। অংশগ্ৰহণকাৰীকৰ্মশালাত উপস্থিত থকা মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকল
কৰ্মশালাৰ পৰিচালনা সহযোগীসকল
কৰ্মশালাত উপস্থিত থকা মহাবিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীসকল
শুভেচ্ছা
চিত্ৰ
|
Portal di Ensiklopedia Dunia