ৰেকিবুদ্দিন আহমেদ

ৰেকিবুদ্দিন আহমেদ
জন্ম ০১ এপ্ৰিল, ১৯৩৯
বালিবাট, দেৰগাঁও, গোলাঘাট, অসম
মৃত্যু ১৪ জানুৱাৰী, ২০১১ (৭১ বছৰ)
অন্য নাম জিকিৰ সম্ৰাট
পেচা কণ্ঠশিল্পী
দাম্পত্যসঙ্গী খালেদা বেগম

ৰেকিবুদ্দিন আহমেদ(ইংৰাজী: Rekibuddin Ahmed) আছিল আজান পীৰ চাহাবৰ দ্বাৰা প্ৰচলিত জিকিৰ আৰু জাৰী গীতৰ শিল্পী। ৰেকিবুদ্দিন আহমেদক অসমৰ ' জিকিৰ সম্ৰাট '[1]বুলি কোৱা হয়। বিলুপ্ত হ'বলৈ ধৰা জিকিৰ গীতসমূহ ৰেকিবুদ্দিন আহমেদে পুনৰ্জীৱিত কৰি তুলিছিল।

শৈশৱকাল

ৰেকিবুদ্দিন আহমেদৰ জন্ম হৈছিল ১৯৩৯ চনৰ ০১ এপ্ৰিলত গোলাঘাট জিলাৰ দেৰগাঁওৰ বালিবাটত[2]। দেউতাক আছিল তামিজুদ্দিন আহমেদ আৰু মাতৃ নুৰান নিচা। ৰেকিবুদ্দিন আহমেদ পৰিয়ালৰ ভিতৰত কনিষ্ঠ সন্তান আছিল। ৰেকিবুদ্দিন আহমেদে দেউতাকৰ জৰিয়তে জিকিৰ আৰু জাৰী গীতবোৰৰ বিষয়ে জানিব পাৰিছিল। পাছত জিকিৰৰ ওজা পিয়াৰুদ্দিন আহমেদৰ বা গাম ফকিৰ নামেও বিখ্যাত ওজাজনৰ ওচৰত জিকিৰ-জাৰীৰ পদ,সুৰ আৰু তত্ত্বৰ পাঠ গ্ৰহণ কৰিছিল।[3]ৰেকিবুদ্দিন আহমেদ সৰুৰে পৰা জিকিৰ আৰু জাৰী গীতবোৰৰ লগতে অসমৰ পৰম্পৰাগত লোকসংগীত যেনে ফুলকোঁৱৰৰ গীত,মণিকোঁৱৰৰ গীত, বিহু, টোকাৰী গীত, দেহবিচাৰৰ গীত আদিও গাই ভাল পাইছিল।

শিক্ষাজীৱন

ৰেকিবুদ্দিন আহমেদে প্ৰাথমিক শিক্ষা লাভ কৰিছিল জেলেহুৱা নিম্ন প্ৰাথমিক বিদ্যালয়ত। ১৯৫৭ চনত দেৰগাঁও হাইস্কুলৰ পৰা মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। ১৯৬১ চনত যোৰহাটজগন্নাথ বৰুৱা কলেজৰ পৰা কলা শাখাৰ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

ৰেকিবুদ্দিন আহমেদ কিছুদিন নাহৰণি উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰে। ১৯৬১ চনৰ ২১ জুলাইত গুৰযোগনীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত সহকাৰী শিক্ষক হিচাপে যোগদান কৰে। পাছত একেখন বিদ্যালয়তে ১৯৯৫ চনত তেওঁ প্ৰধান শিক্ষক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। পাছত গুৰজুগোনিয়া উচ্চ মাধ্যমিক বিদ্যালয়খন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ ৰূপান্তৰিত হোৱাত তেওঁ মুখ্য ভাৰপ্ৰাপ্ত বিষয়াৰ পদৰ গ্ৰহণ কৰে। ১৯৯৭ চনত তেওঁ শৈক্ষিক কৰ্মক্ষেত্ৰখনৰ পৰা অৱসৰ গ্ৰহণ কৰে।[4]

সাংস্কৃতিক জীৱন

ৰেককিবুদ্দিন আহমেদে পোনপ্ৰথমবাৰৰ বাবে ১৯৫৭ চনত দেৰগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ মঞ্চত জিকিৰ পৰিবেশন কৰে। ১১৯৬৩ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান সঞ্চালক বীৰেন ফুকনে ৰেকিবুদ্দিন আহমেদৰ বাসগৃহলৈ গৈ তেখেতৰ জিকিৰ বাণীবদ্ধ কৰি আনি প্ৰচাৰ কৰে। ১৯৬৪ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰ‌ই তেখেতক অনাতাঁৰ শিল্পী উপাধি প্ৰদান কৰে। পাছলৈ ৰেকিবুদ্দিন আহমেদ আৰু তেওঁৰ সহশিল্পী সকলে আকাশবাণী ডিব্ৰুগড় আৰু গুৱাহাটী কেন্দ্ৰৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠানত জিকিৰ পৰিবেশন কৰে। আজান ফকীৰৰ দ্বাৰা প্ৰচাৰিত জিকিৰ গীতসমূহ মুখে মুখে প্ৰচলিত আছিল যদিও ক্ৰমে বিলুপ্তপ্ৰায় হ'বলৈ ধৰিছিল। ৰেকিবুদ্দিন আহমেদে এই জিকিৰ গীতবোৰ পুনৰ সঞ্জীৱিত কৰি তোলে। ৰেকিবুদ্দিন আহমেদে নিজাববীয়াকৈও গীত ৰচনা কৰিছিল। ৰেকিবুদ্দিন আহমেদ ডাঙৰীয়াই নিজাববীয়াকৈ জিকিৰ আৰু লোকগীতৰ কেছেটত কণ্ঠদান কৰিছিল। মমতা, চিৰাজ, কথাছবিত গীত পৰিৱেশন কৰাৰ সমান্তৰালভাৱে ১৯৮৭ চনত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে প্ৰযোজনা কৰা 'আজান ফকিৰ' নাটকৰ সংগীত পৰিচালনাও কৰে।

বঁটা

  • ১৯৯০ চনত অসম চৰকাৰৰ পৰা শিল্পী বঁটা লাভ কৰে।
  • ১৯৯৪ চনত অসম চৰকাৰৰ পৰা শিল্পী পেঞ্চন লাভ কৰে।
  • ১৯৯৭ চনত আজান পীৰ দৰগাহ কমিটীয়ে আজান পীৰ বঁটা প্ৰদান কৰে।
  • ১৯৯৯ চনত শিল্পী বঁটা
  • ২০০৫ চনত মৰণোত্তৰভাৱে কেন্দ্ৰীয় চৰকাৰৰ মানৱ কল্যাণ দপ্তৰৰ মন্ত্ৰী অৰ্জুন সিঙৰ পৰা আজানপীৰ বঁটা লাভ কৰে।

মৃত্যু

২০০১ চনৰ ১৪ জানুৱাৰী তাৰিখে সংগীত শিল্পী ৰেকিবুদ্দিন আহমেদে তেখেতৰ পত্নী আৰু সহশিল্পী সকলৰ সৈতে গুৱাহাটীশ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এটা অনুষ্ঠানত জিকিৰ পৰিবেশন কৰিবলৈ আহি শোকাবহ ভাৱে একক পথ দুৰ্ঘটনাত ৬১ বছৰ বয়সত মৃত্যুবৰণ কৰে।

তথ্যৰ উৎস

  1. অসম ইয়েৰ বুক, শান্তনু কৌশিক বৰুৱা
  2. https://www.oxfordreference.com/view/10.1093/oi/authority.20110803100412489
  3. অসম ইয়েৰ বুক,শান্তনু কৌশিক বৰুৱা
  4. "আৰ্কাইভ কপি". Archived from the original on 2024-02-21. https://web.archive.org/web/20240221164128/https://m.nenow.in/article/sufi-heritage-assam-zikir-zari-legacy-rekibuddin-ahmed/350795। আহৰণ কৰা হৈছে: 2024-10-11. 

 

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia