ৰুদ্ৰাক্ষ
ৰুদ্ৰাক্ষ গছৰ বৈজ্ঞানিক নাম - Eleocarus ganitrus,roxb (Family, অৰ্থাৎ গোত্ৰ Tiliaceae), ইয়াত Eleocarus জাতি নাম (Genus) আৰু ganitrus প্ৰজাতি (species) নাম আৰু শেষৰ Roxb.শব্দটোৱে এই গছৰ উদ্ভাৱক Roxburghৰ সংক্ষিপ্ত নাম বুজায়৷ এই নামেৰে ৰুদ্ৰাক্ষ গছ পৃথিৱীৰ সকলো ঠাইতে পৰিচিত।[1]
ৰুদ্ৰাক্ষৰ গছৰ উৎপত্তিহিন্দুসকলৰ তৃতীয় আৰাধ্য দেৱতা শিৱৰ লগত ৰুদ্ৰাক্ষৰ উৎপত্তিৰ কথা জড়িত হৈ আছে বুলি জনা যায়৷ ৰুদ্ৰাক্ষ শিৱৰ বৰ প্ৰিয় গছ আছিল৷ এইটো এটা সংস্কৃত শব্দ৷ ‘ৰুদ্ৰ’ৰ অৰ্থ হৈছে শিৱ আৰু ‘অক্ষি’ মানে চকু,অৰ্থাৎ ৰুদ্ৰাক্ষ মানে শিৱৰ চকু৷ পৌৰাণিক মহাকাব্য শিৱপুৰাণৰ মতে পৃথিৱীৰ মানুহৰ দুখ-দুৰ্দশা দেখি মহাদেৱে ইমানেই সহানুভূতিশীল হৈ পৰিছিল যে তেওঁৰ চকুৰপৰা এটুপি পানী নিৰ্গত হৈ মাটিত পৰিছিল আৰু চকুলো টোপাল বীজলৈ পৰিণত হৈ কালক্ৰমত পৃথিৱীত ৰুদ্ৰাক্ষ গছৰ সৃষ্টি হৈছিল৷ ভৌগোলিক বিস্তৃতিৰুদ্ৰাক্ষ গছ সাধাৰণতে দক্ষিণ-পূব এছিয়াৰ জাভা, সুমাত্ৰা, বৰ্নিঅ’, বালি, ইৰাণ, ইণ্ডোনেছিয়া, ফিলিপাইন, ম্যানমাৰ, পূব নেপাল আৰু সমগ্ৰ উত্তৰ ভাৰতত পোৱা যায়৷ বৰ্তমান পৃথিৱীৰ শতকৰা প্ৰায় ৭০ ভাগ ৰুদ্ৰাক্ষ গছ ইণ্ডোনেছিয়াত, ২৫ ভাগ নেপালত আৰু প্ৰায় ৫ভাগ ৰুদ্ৰাক্ষ গছ ভাৰতবৰ্ষত বিস্তৃত হৈ আছে।[1] ৰুদ্ৰাক্ষ গছৰ বিশেষ লক্ষণবহু বৰ্ষজীৱী ডাঙৰ ঔষধি গছ৷ সমুদ্ৰপৃষ্ঠৰপৰা ২,০০০ মিটাৰ উচ্চাতাত এই গছ দেখা পোৱা যায়৷ গছজোপাৰ উচ্চতা ৫০ৰপৰা ২০০ফুট পৰ্যন্ত হয়৷ এই গছৰ বাকলি ধোঁৱা বৰণীয়া বগা আৰু খহটা৷ পাতবোৰ সৰল আৰু বহল৷ পাতৰ ওপৰপৃষ্ঠ উজ্জল-সেউজীয়া আৰু তলফালটো কম সেউজীয়াআৰু চামৰাৰ দৰে৷ এপ্ৰিল-মে মাহৰ ভিতৰত ৰুদ্ৰাক্ষ গছৰ ফুল ফুলে আৰু জুন মাহত ফল ধৰিবলৈ আৰম্ভ কৰি আগষ্টৰপৰা অক্টোবৰৰ ভিতৰত ফল পকে৷ ফলবোৰ গোলাকাৰ, মঙহাল আৰু বাকলিযুক্ত৷ ‘বেৰি’জাতীয় এই ফলৰ ভিতৰত একোটাকৈ গুটি থাকে৷ ফলবোৰ সম্পূৰ্ণকৈ পকিলে নীলা ৰঙৰ হয়৷ সেইকাৰণে ইয়াক ‘ব্লু-বেৰি’ (Blueberry) বোলে। কিন্তু শুকাই গ’লে এই ফল ক’লা বৰণৰ হয়। ৰুদ্ৰাক্ষ গছৰ গুটিগুটিৰ ওপৰিভাগ যথেষ্ট কঠিন আৰু খহটা (ভোটা কাঁইটৰ দৰে)৷ এই গুটি ৰচীৰে গাঁথি মালা তৈয়াৰ কৰা হয়৷ ৰুদ্ৰাক্ষ গুটিৰ ওপৰভাগত সৰু সৰু ‘মুখ’ থাকে৷ এই মুখৰ সংখ্যা একোটা গুটিত ১ৰপৰা ৩৮টা পৰ্যন্ত হোৱা দেখা যায়৷ এক আৰু চৈধ্যমুখী ৰুদ্ৰাক্ষৰ অধিপতি ৰুদ্ৰ বা শিৱ বুলি বিশ্বাস কৰা হয়৷ এক আৰু পোন্ধৰৰপৰা আঠত্ৰিছমুখী ৰুদ্ৰাক্ষ বিৰল৷ পঞ্চমুখী ৰুদ্ৰাক্ষ সহজলভ্য৷ সেইকাৰণে সাধু-সন্নাসীসকলে পঞ্চমুখী ৰুদ্ৰাক্ষৰ গুটিৰ মালা ব্যৱহাৰ কৰে৷ এই গছৰ গুটিৰে মালা তৈয়াৰ কৰা হয় কাৰণে ৰুদ্ৰাক্ষ গছক ইংৰাজীত ‘বিড ট্ৰি’(Beed tree)বোলে৷ বৈদিক শাস্ত্ৰত বিশ্বব্ৰক্ষ্মাণ্ডখন ১০৮টা মূল উপাদানেৰে গঠিত বুলি উল্লেখ থকা কাৰণে এডাল মালাত ১০৮টা ৰুদ্ৰাক্ষ গুটি ব্যৱহাৰ কৰা হয়৷ ৰুদ্ৰাক্ষৰ খেতি কৰাটো কষ্টকৰ। কাৰণ এই গছৰ গুটীৰ অংকুৰণ হ’বলৈ বহু সময় লাগে৷ মাটিৰ গুণাগুণ আৰু আৰ্দ্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি এবছৰৰপৰা দুবছৰৰ ভিতৰত এই গুটিৰ অংকুৰণ হয়৷ ২৫°-৩০° দুবছৰৰ ছেণ্টিগ্ৰেড উষ্ণতাৰ উপক্ৰান্তীয় অঞ্চলত ৰুদ্ৰাক্ষৰ খেতি কৰা হয়৷ সাত বছৰ বয়স হোৱাৰ পাছতহে সাধাৰণতে ৰুদ্ৰাক্ষ গছত ফল ধৰে৷ তাপ, পোহৰ আৰু পাৰিপাৰ্শ্বিক অৱস্থাৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰ কৰি একোজোপা গছতে ভিন্নমুখী ৰুদ্ৰাক্ষ গুটিৰ সৃষ্টি হ’ব পাৰে৷ হিমালয়ৰ নামনি অঞ্চলত হোৱা গুটি সেই ঠাইৰ মাটি,পৰিবেশ আৰু জলবায়ুৰ বাবে আটাইতকৈ গধুৰ আৰু শক্তিশালী হয়৷ হিন্দু,বৌদ্ধ আৰু শিখ ধৰ্মৰ লোকে হাজাৰ হাজাৰ বছৰ ধৰি নিজৰ দেহ,মন আৰু আত্মা পবিত্ৰ কৰাৰ বাবে ৰুদ্ৰাক্ষৰ মালা ‘জপমালা’ হিচাপে ব্যৱহাৰ আৰু পৰিধান কৰি আহিছে৷[1] ৰুদ্ৰাক্ষৰ ঔষধি গুণভাৰতবৰ্ষত কেইবাজনো বিশিষ্ট গৱেষকে ৰুদ্ৰাক্ষৰ গুটিৰ বিষয়ে সময়ে সময়ে গৱেষণা কৰি আহিছে৷ এই গুটিত ‘ষ্টেৰল’(Sterol)আৰু ‘পলিফেনলিক’ৰ( Polyphenolic)ৰাসায়নিক জটিল পদাৰ্থ নিহিত হৈ আছে বুলি গৱেষকসকলে মন্তব্য কৰে৷ বেনজিন(Benzene C6 H6)নামৰ কাৰ্বন আৰু হাইড্ৰ’জেনযুক্ত পদাৰ্থৰ লগত এটা বা ততোধিক হাইড্ৰ’ক্সিল(Hydroxyl,OH)গ্ৰুপযুক্ত হৈ ফেনলিক পদাৰ্থৰ সৃষ্টি হয়৷ এই পদাৰ্থবোৰ উদ্ভিদৰ বিভিন্ন বিপাকীয় কাৰ্যৰ ফলত তৈয়াৰ হয়৷ ‘ষ্টেৰল’বিলাক কাৰ্বন,হাইড্ৰ’জেন আৰু ‘OH’গ্ৰুপ থকা এলকহল জাতীয় পদাৰ্থ৷ উদাহৰণ, ‘কলেষ্টেৰল’(Cholesterol,C27 H45 OH)আয়ুৰ্বেদৰ মতে ৰুদ্ৰাক্ষৰ মালা পৰিধান কৰিলে হৃৎপিণ্ডৰ অস্বাভাৱিক কম্পন,শাসকষ্ট আদি ৰোগ,স্নায়ৱিক দুৰ্বলতা,মানসিক উৎকণ্ঠা,হতাশা আদি হ্ৰাস পায়৷ ফলত শাৰীৰিক আৰু মানসিক দুয়োফালৰপৰা মানুহক সবল আৰু কাৰ্যক্ষম কৰি মনলৈ বাৰ্ধক্য ভাব অহাত বাধা দিয়ে৷ গতিকে ৰুদ্ৰাক্ষ গুটিৰ বাৰ্ধক্য প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে৷ উচ্চ ৰক্তচাপত ভোগা লোকে এই মালা পৰিধান কৰিলে উপকৃত হয়৷ কাৰণ ৰুদ্ৰাক্ষৰ গুটিৰ স্পৰ্শই দেহত বিদ্যুৎ চুম্বকীয় প্ৰবাহৰ সৃষ্টি কৰে বুলি অতীজপৰা বহুতৰ মনত বিশ্বাস আছে৷ বেনাৰসৰ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱটেকনলজি’ৰ(IIT)ড° সুহাস ৰয়ে প্ৰকাশ কৰা গৱেষণা পত্ৰই এই তত্তৰ সত্যতা প্ৰমাণ কৰে৷ ৰুদ্ৰাক্ষ গুটিৰ গুৰি পানীৰ লগত মিলাই খালেও কোনো পাৰ্শ্বক্ৰিয়া নোহোৱাকৈ উচ্চ ৰক্তচাপ নিয়মীয়া হয়(Dr.S.P.Gupta,1985)৷ ভিন্নমুখী(১-৩৮ মুখযুক্ত)ৰুদ্ৰাক্ষৰ গুটি ব্যৱহাৰ কৰি মানুহৰ দেহৰ বিভিন্ন ৰোগাক্ৰান্ত অংগ আদিয়ে আৰোগ্য লাভ কৰাৰ বিষয়ে লগত দিয়া তালিকাত উল্লেখ কৰা হ’ল।[1]
ৰুদ্ৰাক্ষৰ প্ৰকৃত গুটি পানীত ছঘণ্টা সময় উতলাই থাকিলেও গুটিৰ কোনো পৰিবৰ্তন নহয়,একেই থাকে৷ কিন্তু নকল ৰুদ্ৰাক্ষ পানীত ভাগি জহি যায়৷ প্ৰকৃত ৰুদ্ৰাক্ষ কোনোমতেই ভাঙিব নোৱাৰি৷ ৰুদ্ৰাক্ষ মালা পৰিধান কৰাসকলে কিছু সাৱধানতা অৱলম্বন কৰে৷ তেওঁলোকৰ মতে এই মালা শোওঁতে আৰু গা ধোৱাৰ সময়ত খুলি থব লাগে৷ কাৰণ চাবোন লাগিলে গুটিত থকা তৈলগুণ হেনো ক্ৰমশ: নোহোৱা হৈ যায়৷ মালাৰ উপৰিভাগত লগা ধূলি-বালি দূৰ কৰিবলৈ মালাধাৰ এৰাতি পানীত তিয়াই থৈ,শুকুৱাই লৈ জলফাইৰ তেল(Olive oil)বা মিঠাতেল সানি পুনৰ ব্যৱহাৰ কৰিব পাৰে৷[1] তথ্য সংগ্ৰহ |
Portal di Ensiklopedia Dunia