বালি, ইণ্ডোনেছিয়া
বালি ইণ্ডোনেছিয়াৰ এক দ্বীপ অঞ্চল আৰু প্ৰদেশ। বালি আৰু ইয়াৰ কাষৰ কিছু ক্ষুদ্ৰ দ্বীপ নুচা পেনিদা, নুচা লেমবনগান আৰু নুচা চেনিনগানৰ লগ লাগি এই প্ৰদেশ গঠিত হৈছে। ইয়াৰ ৰাজধানী হৈছে ডেনপাচাৰ। ই দ্বীপটোৰ দক্ষিণাঞ্চলত অৱস্থিত। পূব জাভা অঞ্চলৰ ৩.২ কিলোমিটাৰ দূৰত বালি দ্বীপ অৱস্থিত। বালি প্ৰণালীৰ দ্বাৰা বালি আৰু জাভা পৃথক হৈছে। পূবৰ পৰা পশ্চিমলৈ দ্বীপটো ১৫৩ কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ ১১২ কিলোমিটাৰ। নুচা পেনিদা জিলা বাদ দি প্ৰশাসনিকভাবে ইয়াৰ মাটিকালি ৫,৭৮০ বৰ্গকিলোমিটাৰ।[4] জনঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ৭৫০ জন। ২০১০ চনৰ লোকপিয়ল অনুযায়ী অঞ্চলটোৰ জনসংখ্যা ৩৮,৯০,৭৫৭ জন[5] আৰু ২০১৪ চনৰ জানুৱাৰীৰ অনুমান অনুসৰি ৪২,২৫,৩৮৪ জন।[6] দ্বীপটোৰ অধিকাংশ লোক হিন্দু ধৰ্মালম্বী। ২০১০ চনৰ তথ্য অনুসৰি বালিৰ জনসংখ্যাৰ ৮৩.৫% শতাংশই বালীয় হিন্দু।[1] বাকী লোকসকলৰ হৈছে ইছলাম (১৩.৪%), খ্ৰীষ্টান (২.৫%) আৰু বৌদ্ধ (০.৫%) ধৰ্মালম্বী।[7] অতীজতে বালিত বিভিন্ন হিন্দু সম্প্ৰদায়ৰ লোকে বসবাস কৰিছিল। প্ৰত্যেক সম্প্ৰদায়ে একো একোজন নিৰ্দিষ্ট দেৱতাক পূজা কৰিছিল।[8] বালিৰ সংস্কৃতি ভাৰতীয় আৰু চীনা সংস্কৃতিৰ দ্বাৰা প্ৰচুৰভাৱে প্ৰভাৱান্বিত। ইয়াত প্ৰথম শতিকাৰ পৰাই হিন্দু সংস্কৃতিৰ বিকাশ হোৱা বুলি অনুমান কৰা হয়।[9] ইতিহাসখ্ৰীষ্টপূৰ্ব প্ৰায় দুহেজাৰ বছৰ পূৰ্বে দক্ষিণ-পূব এছিয়াৰ জলপথৰে দক্ষিণ-পূব এছিয়া আৰু ওচেনিয়াৰ পৰা অষ্ট্ৰোনেছিয়ানলোকৰ আগমন এই অঞ্চললৈ হয় আৰু ইয়াতে বসতি আৰম্ভ কৰে।[10][11] সাংস্কৃতিক আৰু ভাষাগত দিশৰ পৰা বালিৰ লোকসকল ইণ্ডোনেছিয়া দ্বীপপুঞ্জ, মালয়েছিয়া, ফিলিপাইন আৰু ওচেনিয়াৰ লোকসকলৰ সৈতে ওচৰ সম্পৰ্ক দেখা যায়।[11] জনপ্ৰিয় পৰ্যটন কেন্দ্ৰ হিচাপে বালিৰ সুনাম আছে।[12] প্ৰাচীন আৰু আধুনিক নৃত্যকলা, ভাস্কৰ্য, চিত্ৰকলা, সংগীত, চামৰা আৰু ধাতবশিল্পৰ উচ্চ পৰ্যায়ৰ শিল্পকলাৰ বাবে অঞ্চলটোৱে বিশেষ গুৰুত্বতা পায়ছে। বাৰ্ষিক ইণ্ডোনেছীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ইয়াতে অনুষ্ঠিত হয়। বিংশ শতাব্দীত পৰ্যটনৰ দিশত অঞ্চলটোৱে বিশেষ গুৰুত্ব প্ৰদান কৰে। সাম্প্ৰতিককালত বালিত ২০১১ চনৰ এচিয়েন সম্মিলন, ২০১৩ চনৰ এপেক সম্মিলন আৰু মিচ ৱৰ্ল্ড সুন্দৰী প্ৰতিযোগিতা, ২০১৮ চনৰ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ বাৰ্ষিক সভা অনুষ্ঠিত হৈছে। প্ৰৱাল ত্ৰিভুজ বা ক'ৰাল ট্ৰায়াঙ্গলৰ অংশ হিচাপে এই অঞ্চলটি সামুদ্ৰিক প্ৰজাতিৰ জীৱবৈচিত্ৰ্যত অতি চহকী।[13] কেৱল এই অঞ্চলতে পাঁচ শতাধিক প্ৰৱাল প্ৰাচীৰ গঢ়া প্ৰজাতিৰ প্ৰাণী পোৱা যায়। এই সংখ্যা তুলনামূলকভাৱে সম্পূৰ্ণ কেৰিবীয়ান অঞ্চলৰ প্ৰায় সাত গুণ বেছি।[14] দ্বিতীয় বিশ্বযুদ্ধদ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানে বালি দখল কৰে। ১৯ ফেব্ৰুৱাৰী, ১৯৪২ তাৰিখে জাপানী বাহিনী চহৰখনৰ কাষত অৱতৰণ কৰে আৰু ক্ষিপ্ৰতাৰে দ্বীপটোক কৰায়ত্ত্ব কৰে।[15] ওলন্দাজ সকলৰ শাসনৰ তুলনাত জাপানী শাসন অধিক সহনীয় আছিল।[16] ১৯৪৫ চনৰ আগষ্টত জাপানৰ আত্মসমৰ্পণৰ পাছত ওলন্দাজসকল ইণ্ডোনেছিয়ালৈ প্ৰত্যাৱৰ্তন কৰে আৰু ঔপনিবেশিক শাসন চলায় যায়। ১৯৪৯ চনৰ ২৯ ডিচেম্বৰত বালি ওলন্দাজৰ ঔপনিবেশিক শাসনৰ পৰা মুক্তি লাভ কৰে।[17] জীৱবৈচিত্ৰবালিত প্ৰায় ২৮০ প্ৰজাতিৰ চৰাই আছে। ইয়াৰ মাজৰে বালি শালিকা নামৰ প্ৰজাতিটোৰ অৱস্থা ঘোৰ সংকটাপন্ন অৰ্থাৎ ই বিপন্ন হৈ পৰাৰ সম্ভাৱনা আছে। বিংশ শতাব্দীত আৰম্ভণিলৈকে বালিতে কিছু বৃহৎ আকাৰৰ স্তণ্যপায়ী প্ৰাণীও আছিল। ১৯৩৭ চনত অন্তিমটো বালি বাঘক দেখা পোৱা গৈছিল। ১৯৪০ দশকৰ পৰা ১৯৫০ দশকলৈ বালি বাঘৰ উপ-প্ৰজাতি এটাও দেখা গৈছিল।[18] পৰ্যটনতিনি দশক পূৰ্বে বালিৰ অৰ্থনীতিৰ অধিকাংশই আছিল কৃষিভিত্তিক। বৰ্তমানে পৰ্যটনশিল্প আয়ৰ প্ৰধান ক্ষেত্ৰ, যাৰ ফলত বালি ইণ্ডোনেছিয়াৰ অন্যতম সম্পদশালী অঞ্চল হিচাপে পৰিগণিত হৈছে। ২০০৩ চনৰ বালিৰ অৰ্থনীতিৰ ৮০% আছিল পৰ্যটন সম্পৰ্কীয়।[19] ২০০২ আৰু ২০০৫ চনৰ সন্ত্ৰাসবাদী আক্ৰমণে বালিৰ অৰ্থনীতিত ব্যাপকভাবে ঋণাত্মক প্ৰভাৱ পেলায়। পিছে বৰ্তমানে পৰ্যটনশিল্প পুনৰ ঠন ধৰি উঠিছে। তথ্য সংগ্ৰহ
বাহ্যিক সংযোগস্থানাংক: 8°20′06″S 115°05′17″E / 8.335°S 115.08806°E অপেন ষ্ট্ৰীট মেপত বালি, ইণ্ডোনেছিয়া বিষয়ক ভৌগোলিক তথ্য আছে।
|