ৰত্নেশ্বৰ মহন্ত
ৰত্নেশ্বৰ মহন্ত (ইংৰাজী: Ratneswar Mahanta) অসমীয়া সাহিত্যৰ প্ৰাক-ৰোমাণ্টিক যুগৰ এগৰাকী কবি আৰু প্ৰবন্ধকাৰ আছিল। ১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই সম্পাদনা আৰু প্ৰকাশ কৰা আলোচনী 'আসাম বন্ধু'ত ৰত্নেশ্বৰ মহন্তৰ কেইবাটাও প্ৰবন্ধ আৰু কবিতা প্ৰকাশ হৈছিল। সেই সময়ত আন আন লেখক লেখিকা সকলৰ ভিতৰত ৰত্নেশ্বৰ মহন্তৰ ৰচনা সৰ্বাধিক আছিল। অৰুণোদয় যুগত খ্ৰীষ্টিয়ান লোক সকলৰ উপৰিও আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ বৰুৱা, গুণাভিৰাম বৰুৱা, লম্বোদৰ বৰা, ৰত্নেশ্বৰ মহন্ত আদি অখ্ৰীষ্টিয়ান লেখক সকলে অসমীয়া ভাষা-সাহিত্যলৈ অৱদান আগবঢ়াইছিল। জন্ম আৰু বংশ পৰিচয়ৰত্নেশ্বৰ মহন্তৰ জন্ম হৈছিল ১৮৬৪ চনত গুৱাহাটীত।[1] শিক্ষাস্কুলীয়া শিক্ষা লাভ কৰে গুৱাহাটীত আৰু নগাঁৱৰ পৰা এনণ্ট্ৰেঞ্চ পৰীক্ষাত উত্তীৰ্ণ হয় (পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নোহোৱাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে)।[2] চাকৰি জীৱনতেওঁ নগাঁৱৰ কাছাৰিত চাকৰি জীৱনৰ পাতনি মেলে।[3] ছদ্মনামজোনাকীত তেওঁ 'ৰাম দাস গোস্বামী' নামৰ ছদ্মনামত প্ৰবন্ধ লিখিছিল।[4] সাহিত্যৰাজিকবিতা পুথিকবিতা হাৰ।[5] নাটক
প্ৰবন্ধ/নিবন্ধ
মৃত্যু১৮৯৩ চনত ৰত্নেশ্বৰ মহন্তৰ মৃত্যু হয়।[8] তথ্যসূত্ৰ
|
Portal di Ensiklopedia Dunia