২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
২০০৯ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন ১৬ এপ্ৰিলৰ পৰা ১৩ মে’লৈ- মুঠ ৫টা পৰ্যায়ত অনুষ্ঠিত হৈছিল। পঞ্চদশ লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এই নিৰ্বাচনত মুঠ ভোটাৰৰ ৫৮.২১ শতাংশই ভোটদান কৰিছিল। চতুৰ্দশ লোকসভাৰ কাৰ্যকাল ইতিমধ্যে ২০০৯ৰ ১ জুনত সমাপ্ত হ’বলগীয়া আছিল। ২০০৯ৰ ফেব্ৰুৱাৰীত ভাৰতৰ সংসদত এই নিৰ্বাচনৰ বাবে ১১.২০ কোটি ধাৰ্য কৰা হৈছিল। লোকসভাৰ ৫৪৩খন আসনৰ বাবেমুঠ ৮০৭০জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনৰ ফলাফল পঞ্চম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ তিনিদিন পাছত, ১৬ মে’ত ঘোষনা কৰা হৈছিল।[1][2] ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন প্ৰাক-নিৰ্বাচনী সংযুক্ত প্ৰগতিশীল মৰ্চাই ২৬২খন আসনেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। মৰ্চাই অন্ধ্ৰপ্ৰদেশ, কেৰালা, মহাৰাষ্ট্ৰ, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগত ভাল ফল দেখুৱাইছিল। বহুজন সমাজ পাৰ্টি, সমাজবাদী পাৰ্টি, জনতা দল (চেকুলাৰ), ৰাষ্ট্ৰীয় জনতা দল আৰু কেইটামান সৰু-সৰু দলে চৰকাৰক বাহিৰৰ পৰা সমৰ্থন দিছিল।[3] ২০০৯ৰ ২২ মে’ত ৰাষ্ট্ৰপতি ভৱনৰ অশোকা প্ৰেক্ষাগৃহত মনমোহন সিঙে দ্বিতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত-গ্ৰহণ কৰিছিল।[4] দলভিত্তিক ফলাফল
তথ্য উৎস
|
Portal di Ensiklopedia Dunia