১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
১৯৭৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচনত বিভিন্ন ঘটনাপ্ৰবাহৰ পৰিপ্ৰেক্ষিতত পোনপ্ৰথমবাৰৰ বাবে ভাৰতীয় জাতীয় কংগ্ৰেছ দলে শাসনৰ বাঘজৰী হেৰুৱাবলগীয়া হৈছিল। ২১মহীয়া অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থাৰ সামৰণি পেলাই প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ষষ্ঠ লোকসভা গঠনৰ উদ্দেশ্যে সাধাৰণ নিৰ্বাচন ঘোষণা কৰিছিল। জয়প্ৰকাশ নাৰায়ণৰ প্ৰচেষ্টাত ভাৰতীয় লোকদলৰ নেতৃত্বত ইন্দিৰা বিৰোধী বিভিন্ন ৰাজনৈতিক দল লগলগাই গঠন কৰা জনতা মৰ্চাই ২৯৮খন আসন লাভ কৰিছিল। মোৰাৰজী দেশাইক মৰ্চাৰ নেতা নিৰ্বাচন কৰা হৈছিল আৰু তেনেকৈয়ে তেওঁ ভাৰতৰ প্ৰথমজন অনা-কংগ্ৰেছ প্ৰধানমন্ত্ৰী হৈছিল। নিৰ্বাচনৰ পৰৱৰ্তী পৰ্যায়ত জনতা মৰ্চাৰ দলবোৰ বিলুপ্তি ঘটাই জনতা পাৰ্টি গঠন কৰা হৈছিল। কংগ্ৰেছে পাইছিল মাত্ৰ ১৫৩খন আৰু হেৰুৱাবলগীয়া হৈছিল ১৯৭খন আসন। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে পৰাজয় বৰণ কৰিছিল।[2] প্ৰেক্ষাপটজৰুৰীকালীন অৱস্থা২৫ জুন ১৯৭৫ৰ দিনা মাজৰাতি ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে অন্তৰ্ৱৰ্তী জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে। জৰুৰীকালীন অৱস্থাৰ কালচোৱাত সকলো বিৰোধী ৰাজনৈতিক নেতাসকলক জেলত ভৰাই থলে। বাতৰি কাকতত চেঞ্চৰশ্বিপ লগোৱা হ'ল। অনাতাঁৰ আৰু দূৰদৰ্শনত চৰকাৰৰ বিৰুদ্ধে যোৱা কোনো খবৰ প্ৰকাশ নাপাবলৈয়ো ব্যৱস্থা লোৱা হ'ল। ন্যায়পালিকাই যাতে জৰুৰীকালীন অৱস্থাৰ বিষয়ে প্ৰশ্ন তুলিব নোৱাৰে তাৰবাবে গান্ধীয়ে সদনৰ সংখ্যাগৰিষ্ঠতাৰ সুবিধা লৈ সংবিধানৰ ৩৮তম সংশোধন কৰিলে। ১৯৭৬ চনত ষষ্ঠ লোকসভা গঠনৰ বাবে হবলগীয়া সাধাৰণ নিৰ্বাচন পতা নহ'ল। ১৯৭৭ৰ ২৩ জানুৱাৰীত লোকসভাত ইন্দিৰা গান্ধীয়ে নিৰ্বাচনৰ ঘোষণা কৰে আৰু ২১ মাৰ্চত জৰুৰীকালীন অৱস্থা উঠাই ললে। [3] জনতা মৰ্চা গঠননিৰ্বাচন ঘোষণা কৰা সময়ত সকলো বিৰোধী দলৰ নেতা কাৰাবন্দী হৈ আছিল। নিৰ্বাচন ঘোষণা কৰাৰ পিছত তেওঁলোকক মুক্ত কৰি দিয়া হ'ল। চাৰিটা মুখ্য ৰাজনৈতিক দল- কংগ্ৰেছ (ও), ভাৰতীয় জনসংঘ, ভাৰতীয় লোকদল আৰু চোচিয়েলিষ্ট পাৰ্টিয়ে লগ হৈ জনতা মৰ্চা গঠন কৰিলে আৰু উমৈহতীয়া 'চক্ৰ হলধৰ'ৰ প্ৰতীক চিহ্ন লৈ নিৰ্বাচনত অৱতীৰ্ণ হয়। নিৰ্বাচন হৈ যোৱাৰ পিছত এই আটাইকেইটা দল আৰু কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ দল লগ হৈ জনতা পাৰ্টি গঠন কৰিলে।[4] জৰুৰীকালীন অৱস্থাত বলপূৰ্বক বন্ধ্যাকৰণ, বিৰোধী ৰাজনৈতিক নেতাক বিনা বিচাৰে কাৰাগাৰত ভৰাই থোৱা আদি মানৱ অধিকাৰ ভঙ্গৰ যিবোৰ ঘটনা ঘটিছিল, জনতা মৰ্চাই সেইবোৰ ৰাইজক সোঁৱৰাই দিলে। জনতা মৰ্চাৰ নিৰ্বাচনী প্ৰচাৰত কোৱা হৈছিল যে ভোটাৰসকলে নিশ্চিত কৰিব, ৰাইজক কি লাগে- গণতন্ত্ৰ নে একনায়কত্ববাদ। কংগ্ৰেছ দলক হতাশ গৈ পৰা দেখা গৈছিল। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী বাবু জগজীৱন ৰাম ১৯৭৭ৰ ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহত দলত্যাগ কৰিলে। নিৰ্বাচনত ৫৪২খন আসনৰ ভিতৰত জনতা মৰ্চাই অকলে ২৯৮খন আৰু তেওঁলোকৰ সহযোগী দলবোৰে ৪৭খন আসন (মুঠ ৩৪৫খন) লাভ কৰিলে। ইন্দিৰা গান্ধী নেতৃত্বাধীন কংগ্ৰেছে ১৫৩খন আৰু সহযোগী দলবোৰে ৩৬খন আসনত (মুঠ ১৮৯খন) জয়লাভ কৰিবলৈ সক্ষম হ'ল।[4] ভোটাৰৰ আচৰণঐতিহাসিকভাবে ভাৰতীয় জাতীয় কংগ্ৰেছৰ শক্তিশালী ভেঁটি থকা ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য উত্তৰ প্ৰদেশত শোচনীয় পৰাজয় হ'ল। লেখক ধনগৰেই লিখিছে যে এনে পৰাজয়ৰ সংৰচনাত্মক কাৰণ আছিল- শক্তিশালী আৰু একত্ৰিত বিৰোধীদলৰ সৃষ্টি হোৱা, কংগ্ৰেছ দলৰ মাজত দেখা দিয়া অনৈক্য আৰু অৱসাদ, ৰাইজৰ মাজত বিৰোধীদলৰ প্ৰভাৱবিস্তাৰ আৰু প্ৰচাৰমাধ্যমৰ ওপৰত ইন্দিৰা গান্ধীয়ে নিয়ন্ত্ৰণ হেৰুওৱা, যি প্ৰচাৰমাধ্যম জৰুৰীকালীন অৱস্থাত চেঞ্চৰশ্বিপৰ কবলত পৰিছিল। নিৰ্বাচনটোৱে ভোটাৰ ৰাইজক প্ৰতিশোধ লবলৈ তথা জৰুৰীকালীন অৱস্থা আৰু ইয়াৰ কৰ্তৃপক্ষ আৰু দমনকাৰী নীতিবোৰৰ প্ৰতি থকা ক্ষোভ উজাৰিবলৈ সুবিধা দিছিল। প্ৰায়ে উল্লেখ কৰা এটা প্ৰতিশোধ আছিল গ্ৰামীন এলেকাত চলোৱা বন্ধ্যাকৰণ (नसबंदी) অভিযান। মধ্যমবৰ্গীয় ৰাইজে জৰুৰীকালীন অৱস্থাত গান্ধীয়ে বাকস্বাধীনতাৰ নেলু চেপি ধৰা কথাটোত বিশেষ গুৰুত্ব দিছিল।[5] উত্তৰ ভাৰতত তেওঁলোকে মাত্ৰ ২খন আসনহে লাভ কৰিলে। ইন্দিৰা গান্ধী আৰু তেওঁৰ পুত্ৰ সঞ্জয় গান্ধী উভয়ে ক্ৰমে ৰায়বেৰেলী আৰু আমেথি লোকসভা সমষ্টিৰ পৰা পৰাজয়বৰণ কৰিলে।[4] পশ্চিমবঙ্গতো কংগ্ৰেছে সৰ্বকালৰ নিকৃষ্ট ফল প্ৰদৰ্শন কৰিছিল। ইয়াৰ কাৰণ আছিল কংগ্ৰেছ কাৰ্যকৰ্তাসকলৰ নিজৰ মাজৰ বিভেদ আৰু বিশৃংখলতা। তদুপৰি বহুকেইজন নেতাই দলত্যাগ কৰাত কংগ্ৰেছ নিশকতীয়া হৈ পৰিছিল। বিৰোধীয়ে কংগ্ৰেছৰ দুৰ্নীতি ৰাইজৰ আগত উদঙাই দিছিল নতুন নেতৃত্বক স্বাগতম জনাবলৈ আহ্বান জনাইছিল।[6] কংগ্ৰেছে দক্ষিণ ভাৰতীয় ৰাজ্য- তামিলনাডু, কৰ্ণাটক, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত ভাল ফল দেখুৱাইছিল। পশ্চিম ভাৰতৰ ৰাজ্য মহাৰাষ্ট্ৰ আৰু গুজৰাটত দলটোৱে মধ্যমীয়া ফল প্ৰদৰ্শন কৰিছিল। অৱশ্যে মুম্বাইৰ আটাইকেইখন আসন জনতা মৰ্চাই লাভ কৰিছিল। ফলাফলমৰ্চাভিত্তিক ফলাফলউৎস: Keesings[7]
দলভিত্তিক ফলাফল
তথ্য উৎস
অধিক জানিবলৈ পঢ়ক
|
Portal di Ensiklopedia Dunia