স্বতন্ত্ৰ পাৰ্টি
স্বতন্ত্ৰ পাৰ্টি (ইংৰাজী: Swatantra Party, সংক্ষিপ্ত ৰূপ: SWA) ভাৰতৰ এটা ধ্ৰুপদী-উদাৰপন্থী ৰাজনৈতিক দল। ১৯৫৯ত গঠিত এই দলটো ১৯৭৪ত ভাৰতীয় লোক দলত চামিল হৈ যায়।[4] জৱাহৰলাল নেহৰুৰ প্ৰভাৱাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমবৰ্ধমান সমাজতান্ত্ৰিক আৰু ৰাজ্যবাদী দৃষ্টিভংগীৰ প্ৰতিক্ৰিয়া স্বৰূপে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে এই দলটো গঠন কৰিছিল।[5] স্বতন্ত্ৰ পাৰ্টিত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, থাংগুটুৰী প্ৰকাশম পন্টুলু, এন জি ৰংগা, দৰ্শনসিং ফেৰুমেন,[6][7] উধম সিং নাগোকে,[8] কে.এম. মুঞ্চি আদি বহু কেইজন বিশিষ্ট পুৰণি কংগ্ৰেছীৰ সমাবেশ ঘটিছিল। এই দলটো গঠনৰ অন্যতম অজুহাত আছিল আবাদী[9] আৰু নাগপুৰ প্ৰস্তাৱত কংগ্ৰেছৰ বাওপন্থী ঘূৰ্ণন। স্বতন্ত্ৰ পাৰ্টিয়ে লাইচেঞ্চ ৰাজৰ অৱসান তথা বজাৰ-ভিত্তিক অৰ্থনীতিৰ পোষকতা কৰিছিল, যদিও তেওঁলোকে মুক্ত বজাৰ অৰ্থনীতিৰ বিৰোধী আছিল। ভাৰতীয় ৰাজনৈতিক ক্ষেত্ৰখনৰ অৰ্থনৈতিক অধিকাৰৰ বিবেচনাৰে স্বতন্ত্ৰ পাৰ্টি হিন্দু-জাতীয়তাবাদী ভাৰতীয় জন সংঘৰ দৰে ধৰ্ম-আধাৰিত দল নাছিল। ১৯৬০ চনত ৰাজাগোপালাচাৰী আৰু তেওঁৰ সতীৰ্থসকলে কিয় নতুন দল এটা গঠন কৰিবলগীয়া হ’ল, তাৰ বিতং বাখ্যা কৰি এখন ২১ দফীয়া ইস্তাহাৰৰ খচৰা প্ৰস্তুত কৰিছিল, যদিও তেওঁলোক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সময়ত একো একোজন কংগ্ৰেছী ৰূপে নেহৰুৰ সহযোগী আছিল।[10] নেহৰু এই দলটোৰ প্ৰতি অত্যন্ত সমালোচনামুখৰ আছিল আৰু তেওঁলোকক মধ্যযুগীয় সামন্ত প্ৰভু, দুৰ্গ আৰু জমিদাৰ বুলি অভিহিত কৰিছিল।[11] একত্ৰীকৰণ১৯৬২ৰ ৩য় সাধাৰণ নিৰ্বাচনত স্বতন্ত্ৰ পাৰ্টিয়ে ৮.১৯% ভোট শ্বেয়াৰিঙেৰে ২২খন আসন লাভ কৰিছিল। ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত এই দলে ৪৪খন আসন দখল কৰি লোকসভাত দ্বিতীয় স্থানত থাকে। ১৯৬৯ত কংগ্ৰেছ দলটো দুভাগত বিভক্ত হয় আৰু ১৯৭১ চনত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সময়ৰ পূৰ্বে লোকসভাৰ নিৰ্বাচন ঘোষণা কৰে। ইন্দিৰা গান্ধীক পৰাভূত কৰিবলৈ এটা প্ৰাক-নিৰ্বাচনী মহাজোঁট (Grand Alliance) গঠন কৰা হয়, য’ত কংগ্ৰেছ (ও), জনসংঘ, সংযুক্ত ছোচিয়েলিষ্ট পাৰ্টি আৰু প্ৰজা ছোচিয়েলিষ্ট পাৰ্টিৰ সৈতে স্বতন্ত্ৰ পাৰ্টিয়েও অংশগ্ৰহণ কৰিছিল। ইন্দিৰাৰ গৰীৱী হাটাও শ্লোগানৰ বিপৰীতে মহাজোঁটৰ কিন্তু কোনো সাধাৰণ নূন্যতম কাৰ্যসূচী নাছিল। তেওঁলোকৰ মাত্ৰ এটাই লক্ষ্য আছিল- ইন্দিৰা হাটাও।[12] নিৰ্বাচনত ইন্দিৰাই ৩৫২খন আসনেৰে বৃহৎ বিজয় সাব্যস্ত কৰাৰ বিপৰীতে স্বতন্ত্ৰ পাৰ্টিৰ তীব্ৰ পতন হয়। পূৰ্বৰ নিৰ্বাচনত ৪৪খন আসন পোৱা স্বতন্ত্ৰ পাৰ্টিয়ে এইটো নিৰ্বাচনত মাথো ৮খন আসনত সন্তুষ্ট থাকিবলগীয়া হ’ল। লাভ কৰা ভোটৰ শতাংশও ৩.১লৈ নামি আহিল। দলৰ নিৰ্বাচনী পৰাজয়ৰ নৈতিক দায়িত্ব নিজৰ ওপৰত লৈ সভাপতি মিনু মাচানীয়ে পদত্যাগ কৰে। দলৰ গুৰু ৰাজাগোপালাচাৰীৰ অনুৰোধতো তেওঁ পদত্যাগ উঠাই নললে। ১৯৭২ৰ ২৫ ডিচেম্বৰত ৯৩ বছৰ বয়সত ৰাজাগোপালাচাৰীৰ মৃত্য হয় আৰু ইয়াৰ লগেলগে স্বতন্ত্ৰ পাৰ্টিৰো যেন মৃত্যু হ’ল। ১৯৭২ৰ পৰা ১৯৭৪লৈ দলে তিনিজনকৈ সভাপতি পালে। অৱশেষত ১৯৭৪ৰ ২৯ আগষ্টত আন কেইটামান ৰাজনৈতিক দলৰ সৈতে স্বতন্ত্ৰ পাৰ্টিয়েও নৱগঠিত ভাৰতীয় লোক দলত বিলীন হৈ যায়।[12] লগতে চাওকতথ্য উৎস
অন্য সূত্ৰ
বাহ্যিক সংযোগ
|
Portal di Ensiklopedia Dunia