১৯৬২ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন
ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৬২ তৃতীয় লোকসভা গঠনৰ উদ্দেশ্যে ১৯৬২ চনৰ ১৯ ফেব্ৰুৱাৰীৰৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হৈছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ দৰে এইটো নিৰ্বাচনত কোনো লোকসভা সমষ্টিতে দুজনকৈ সাংসদ নিৰ্বাচন কৰা হোৱা নাছিল। এই নিৰ্বাচনটোকে ধৰি পিছলৈ সকলো সাধাৰণ নিৰ্বাচনত এটা সমষ্টিত একোজনকৈ সাংসদ নিৰ্বাচন কৰা পদ্ধতি প্ৰচলিত হৈছিল। ইয়াৰ আগৰ দুটা নিৰ্বাচনত ৯১টাকৈ লোকসভা সমষ্টিত দুজনকৈ সাংসদ নিৰ্বাচন কৰা হৈছিল। ভাৰতৰ ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৪৯৪টা সমষ্টিৰ আটাইকেইটাতে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল।[1] জৱাহৰলাল নেহৰুৱে তৃতীয় আৰু জীৱনৰ শেষ নিৰ্বাচনটোত আগৰ দুটাৰ দৰে প্ৰভুত বিজয় লাভ কৰিছিল। ভাৰতীয় জাতীয় কংগ্ৰেছে ৪৪.৭% ভোটেৰে ৩৬১খন আসন লাভ কৰিছিল। অৱশ্যে এই সংখ্যা পূৰ্বৱৰ্তী নিৰ্বাচন দুটাৰ তুলনাত সামান্য কম আছিল যদিও লোকসভাৰ ৭০% আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৯.৯৪ শতাংশ ভোটৰে ২৯খন আসন পাই ভাৰতৰ কমিউনিষ্ট পাৰ্টিয়ে দ্বিতীয় স্থান লাভ কৰিছিল। একে বছৰৰে জবৱাহৰলাল নেহৰুৰ প্ৰধান মন্ত্ৰিত্বত ২ এপ্ৰিলত তৃতীয় লোকসভা গঠন কৰা হৈছিল।[2] প্ৰেক্ষাপটদুটাকৈ সফল কাৰ্যকাল শেষ কৰা নেহৰু চৰকাৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হৈছিল। ইতিমধ্যে পাকিস্তান আৰু চীনৰ সৈতে দুখনকৈ যুদ্ধত ভাৰত লিপ্ত হ'বলগীয়া হৈছিল। চীনৰ সৈতে শোচনীয় পৰাজয় বৰণ কৰা নেহৰু চৰকাৰৰ সামৰিক দিশটোৰ দুৰ্বলতাৰ বাবে যথেষ্ট সমালোচিত হৈছিল আৰু যাৰবাবে প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননক অপসাৰণো কৰা হৈছিল। অৰ্থনৈতিক সংকট, নিবনুৱা সমস্যা, টকাৰ অৱমূল্যায়ন, দাৰিদ্ৰ, মিজো বিদ্ৰাহ, দুৰ্ভিক্ষ আদি বিভিন্ন সমস্যাই চৰকাৰখনক জুৰুলা কৰিছিল।[2] ফলাফলদলগত ফলাফল
References
|
Portal di Ensiklopedia Dunia