সাংগসাংগ (হিন্দী: सांग, ইংৰাজী: Saang, Swang (অৰ্থাৎ "অনুকৰণ")[1] বা Svang) হৈছে ৰাজস্থান, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু মধ্যপ্ৰদেশৰ মালৱা অঞ্চলৰ এক জনপ্ৰিয় লোক–নাট্য অনুষ্ঠান।[2] শ্বোৱাঙত গীত আৰু সংলাপৰ সৈতে উপযুক্ত নাট্য আৰু অনুকৰণমূলক অভিনয় (বা নকল) সন্নিবিষ্ট কৰা হয়। ইয়াত দেহৰ ভংগীমাতকৈ, সংলাপক প্ৰাধান্য দিয়া হয়। দৰ্শকে আগুৰি থকা মুকলি ঠাইত বা মুকলি আকাশৰ তলত নিৰ্মিত মঞ্চত দহ-বাৰজনীয়া এটা নাট্য দলে ধৰ্মীয় গল্প আৰু লোককথা পৰিৱেশন কৰে। সাংগ হৈছে ৰং-ভৰ্ণ বা নকল-কৰ্ণ নামে জনাজাত এক প্ৰকাৰৰ অনুকৰণমূলক কলা। সাংগক ভাৰতৰ আটাইতকৈ প্ৰাচীন লোক নাট্যসমূহৰ ভিতৰত এক অন্যতম প্ৰকাৰ বুলি ধৰিব পাৰি। সাংগ পৰম্পৰাৰ পৰাই নৌটংকী, সাংগ, তামাছা আদিৰ উৎপত্তি হৈছিল। পুৰণি সাংগ পৰম্পৰাসমূহত এনেদৰে পোৱা যায়:
মানে এজন পুৰুষ আৰু এগৰাকী মহিলাই মঞ্চত কাহিনী পৰিৱেশন কৰে।
অৰ্থাৎ এজন সাৰংগী বাদক আৰু এজন ঢোলক বাদক প্ৰদৰ্শনত যোগদান কৰে। সন্ত কবীৰ আৰু গুৰু নানকৰ সময়ত এই সাংগ পৰম্পৰা পৰিবেশন কৰা হৈছিল। প্ৰায় দুশ বছৰ পূৰ্বে আধুনিক শৈলীৰ সাংগ পৰম্পৰাৰ ভেটি স্থাপন কৰাৰ বাবে কিষাণ লাল ভাটক কৃতিত্ব দিয়া হয়। মোগল যুগত, আৰু বিশেষকৈ ঔৰংজেবৰ সময়ত মহিলাসকলক ৰাজহুৱা অনুষ্ঠানত পৰিৱেশন কৰাত কঠোৰভাৱে নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। যিহেতু মহিলাসকলে এই নৃত্য-নাট্য ৰূপত অংশগ্ৰহণ কৰা নাছিল, সেয়ে অতীজৰ পৰাই পুৰুষ সকলে পৰম্পৰাগতভাৱে এই নৃত্য-নাট্য পৰিৱেশন কৰি আহিছিল। পৰবৰ্তী সময়ত সামাজিক-ৰাজনৈতিক পৰিস্থিতি অনুযায়ী বিভিন্ন অভিনেতাই ইয়াৰ শৈলীৰ পৰিবৰ্তন ঘটাইছিল। বৈশিষ্টসাংগ নৃত্যৰ মঞ্চ অপেৰাৰ প্ৰদৰ্শনীৰ মঞ্চৰ সৈতে একে। ইয়াৰ মঞ্চখন বৃত্তাকাৰ মুকলি ঠাইত নাইবা সৰ্বাধিক প্ৰায় চাৰে তিনি মিটাৰ দৈৰ্ঘ্যৰ কাঠেৰে নিৰ্মাণ কৰা হয়। আধুনিক নাটকীয় অভিনয়ৰ দৰে বিশাল মঞ্চৰ ব্যৱস্থা কৰা নহয়। আঁৰ কাপোৰ, পৰ্দা বা ছোঁ-ঘৰ আদি নাথাকে। সাধাৰণতে মাইক্ৰ’ফোন বা লাউডস্পীকাৰো নাথাকে। প্ৰদৰ্শনীৰ এঘণ্টামান আগতে সংগীত শিল্পীসকলে নাটকৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টিৰ উদ্দেশ্যে নাটকৰ সৈতে জড়িত ধৰ্মীয় বা অন্যান্য গীত গাবলৈ আৰম্ভ কৰে। তাৰ পিছত ‘গুৰু’ আবিৰ্ভাৱ হয় আৰু শিল্পীসকলে তেওঁৰ ভৰি স্পৰ্শ কৰি তেওঁৰ আশীৰ্বাদ লয়। নাটকৰ আৰম্ভণিতে জ্ঞানৰ দেৱী ভৱানীৰ বন্দনাৰে এটি গীত পৰিৱেশন কৰি অনুষ্ঠান আৰম্ভ কৰা হয়।
(হে দেৱী ভৱানী, মোৰ বাবে জ্ঞানৰ দুৱাৰ খুলি দিয়া। মই গোৱা সকলোবোৰ গীত বিশুদ্ধ সুৰৰ হ’বলৈ মোৰ জিভাক আশীৰ্বাদ দিয়া।) ইয়াৰ পিছত চামোলা, কাফিয়া, সাভিয়া আদি মূল উপাদানসমূহ পৰিবেশন কৰা হয়। আৰম্ভণিতে গুগা ধামোড়া নামৰ এক নৃত্য পৰিবেশন হয়। নাটকৰ চমু পৰিচয়েৰে অভিনয় আৰম্ভ কৰা হয়। এই অভিনয় মূলতঃ অনুকৰণমূলক, যাৰ পৰা এই নাট্যৰূপৰ নামটো উদ্ভৱ হৈছে (সাংগ মানে হৈছে ছদ্মবেশ)। লগতে অভিনেতাসকলৰ মাজত হোৱা দীঘলীয়া বিশেষ প্ৰশ্নোত্তৰ প্ৰদৰ্শনীও ইয়াৰ এটা প্ৰধান বৈশিষ্ট্য। এই অনুষ্ঠানত গায়ন-বায়ন-গীত-নৃত্যৰ প্ৰচুৰতাৰ লগতে সদায়ে মখৌলিয়া (makhaulia) নামৰ এটা ধেমেলীয়া চৰিত্ৰ থাকে। এই অনুষ্ঠান পৰম্পৰাগতভাৱে কেৱল পুৰুষৰ মাজতে সীমাবদ্ধ, মহিলাৰ চৰিত্ৰতো পুৰুষেই অভিনয় কৰে। সাংগ অনুষ্ঠান প্ৰায় পাঁচ বা ছয় ঘণ্টালৈকে উপস্থাপন কৰা হয়। ৰাগনী নামৰ হাৰিয়ানী শৈলীৰ গীত-সংগীতৰ লগতে অন্য বহুতো গীত-সংগীত ইয়াত পৰিবেশন কৰা হয়। ইতিহাসহাৰিয়ানাৰ আটাইতকৈ প্ৰখ্যাত সাংগ শিল্পী হৈছে শোনিপাটৰ খাণ্ডা গাঁৱৰ দীপ চান্দ বাহমান। তেওঁক জনপ্ৰিয়ভাৱে হাৰিয়ানাৰ শ্বেইক্সপীয়েৰ বা কালিদাস বুলি কোৱা হয়।[3] তেওঁ এই লোক-নৃত্য শৈলীক এক অনন্য ৰূপ প্ৰদান কৰে। সেই সময়ত সাংগ দুটা ভাগত বিভক্ত আছিল- (১) কীৰ্ত্তন শৈলী আৰু (২) নৌটংকী শৈলী। দীপ চান্দৰ পৰিবেশন শৈলীত সংগীত, নৃত্য, বেলাড আবৃত্তি আদি উপাদানসমূহ সন্নিবিষ্ট কৰা হৈছিল। প্ৰথম বিশ্বযুদ্ধৰ সময়ত যেতিয়া দীপ চান্দৰ যুদ্ধ সুৰৰ সৈতে ৰচনা কৰা আকৰ্ষণীয় গীত-ৰচনাই বহুতকে সেনাবাহিনীত ভৰ্ত্তী হ’বলৈ অনুপ্ৰাণিত কৰিছিল।[4] তথ্য সংগ্ৰহ
|
Portal di Ensiklopedia Dunia